অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

দলমৰা

দলমৰা, ইংৰাজী নাম: Pheasant-Tailed Jacana, বৈজ্ঞানিক নাম: Hydrophasianus chirurgus, অত্যন্ত দীঘল নখ আৰু ভৰিৰে মধ্যমীয়া আকৃতিৰ জলচৰ চৰাই৷

হালনাগাদ: ৩ মে’ ২০২৬ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

দলমৰা, ইংৰাজী নাম: Pheasant-Tailed Jacana, বৈজ্ঞানিক নাম: Hydrophasianus chirurgus, অত্যন্ত দীঘল নখ আৰু ভৰিৰে মধ্যমীয়া আকৃতিৰ জলচৰ চৰাই৷

বিৱৰণ

ইয়াৰ আঙুলিবোৰ অত্যন্ত দীঘল। ই সাধাৰণতে পানীত ভাহি থকা পাতৰ ওপৰেৰে খোজ কাঢ়ি ফুৰে। আগমূৰ ক’লা। মূৰৰ কাষেৰে এডাল ক’লা আঁচ ডিঙিলৈ নামি আহি বুকুৰ ক’লা দাগ স্পৰ্শ কৰিছে ৷ পেট বুকু বগা। ডেউকৰ বৰণ সেউজীয়া, ক’লা আৰু বাদামীৰ সংমিশ্ৰণ৷ সাধাৰণ অৱস্থাত ইয়াৰ নেজৰ দৈঘ্য ১১-১২ চেণ্টিমিটাৰ৷ কিন্তু প্ৰজনন কালত ইয়াৰ নেজ প্ৰায় ২৫চেণ্টিমিটাৰমান দীঘল হয়, বুকু সম্পূৰ্ণ ক’লা পাখিৰে ঢাক খাই যায়৷ ১ ডিঙিৰ পিছফালৰ বৰণ উজ্বল সোণ বৰণীয়া হয়৷ ডেউকাত বগা দাগ স্পস্ট হৈ পৰে৷ পাখিৰে সৈতে দলমৰা চৰাইটোৰ দৈঘ্য প্ৰায় ৩৯-৫৮ চেণ্টিমিটাৰ ৷ মতা চৰাইটোৰ ওজন প্ৰায় ১১৩-১৩৫ গ্ৰাম আৰু মাইকীজনীৰ ২০৫-২৬০৷ ২৩ আত্মৰক্ষাৰ বাবে ইহঁতে কেতিয়াবা পানীত থকা বহল পাতৰ তলত লুকাই দিয়াও দেখা যায়৷

অৱস্থিতি আৰু বাসস্থান

ভাৰত, ইণ্ডোনেছিয়া, চীন, শ্ৰীলংকা, টাৱাইনত, ইহঁতৰ অৱস্থিতি দেখা যায়৷ জলাহভূমি, বিল, পিটনি আদিত ইহঁতক সঁচৰাচৰ দেখিবলৈ পোৱা যায়৷ সাধাৰণতে জলাহভূমিত থকা জোপোহা, পানীত ভাহি থকা ডাঙৰ পাত আদিত ইহঁতে বাহ সাজি কণী পাৰে৷ ইহঁতে ১০ টা লৈকে কণী পাৰিব পাৰে৷ ৪ কণীৰ ৰং মটীয়া বৰণৰ৷ প্ৰায় ২৫-২৭ দিনত কণীৰপৰা পোৱালি ওলায়৷ ৫ উমনি পোৱালিক টোপ খুওৱা আদি কামবোৰ সাধাৰণতে মতা চৰাইটোৱে কৰে ৷ মাইকী চৰাইজনীয়ে বাহটোৰ তথা পোৱালিৰ সুৰক্ষা আদি কামবোৰ কৰে।

খাদ্য

দলমৰা চৰাইৰ প্ৰধান খাদ্য মাছ, পোক, পৰুৱা, বিভিন্ন জলচৰ অমেৰুদণ্ডী প্ৰাণী আদি৷ খাদ্যৰ সন্ধানত ই জলাহভূমি, বিল, পিটনি আদিত সাধাৰণতে অকলশৰে নাইবা যোৰ পাতি চৰি ফুৰে। পাতৰ তলত লুকাই থকা পোক পৰুৱা আদি বিচাৰি খোৱাৰ উপৰিও শামুক, কেঁচু, কুমটি আদি ধৰি খায়৷ তাৰোপৰি জলজ উদ্ভিদৰ শিপা, ফুল, গুটি আদি খায়৷

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ www.oiseaux-birds.com/card-pheasant-tailed-jacan
  2. ↑ www.indianmirror.com/wildlife/birds/pheasant-tai
  3. ↑ CRC Handbook of Avian Body Masses by John B. Dunning Jr. (Editor). CRC Press (1992), ISBN 978-0-8493-4258-5
  4. ↑ আৰ্কাইভ কপি
  5. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

দলমৰাঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দলমৰা” প্ৰবন্ধৰ সংশোধন ৬০৪১৫৪ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।