প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
তৰাগছ
তৰা বা তৰাগছ বা তৰাপাত (বৈজ্ঞানিক নাম: Alpinia nigra, অন্য নাম: Alpinia allughas Retz., Zingiber nigrum Gaertn., 'পুন্দি') এবিধ আদাজাতীয় উদ্ভিদ। এছিয়া মহাদেশৰ বিভিন্ন ঠাইৰ লোকে তৰাক ঔষধি হিচাপে আৰু ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰে। এছিয়াৰ জনগোষ্ঠীয় বহু লোকে ইয়াক ভাতৰ সৈতে গ্ৰহণ কৰে।
-
দলপুঙা
দলপুঙা (Bronze-winged Jacana, বৈজ্ঞানিক নাম-Metopidius indicus) 'Jacana' গোটৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি৷ এই গোটৰ চৰাইসমূ্হৰ ঠেং ডাঙৰ হয় আৰু এই বৈশিষ্ট্যটোৰ বাবে ই ওপঙি থকা উদ্ভিদৰ ওপৰত সুকলমে চৰি ফুৰিব পাৰে৷ বিষুৱীয় অঞ্চলত এই চৰাইবিধ বহুলভাৱে বিস্তৃত হৈ আছে৷
-
পদিনা
পদিনা (Field Mint, Wild Mint বা Corm Mint) এবিধ লতাজাতীয় সুগন্ধি শাক। এই শাক প্ৰধানকৈ ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চল, এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চল, পূব ছাইবেৰিয়া আৰু দক্ষিণ আমেৰিকাত পোৱা যায়।
-
পাৰ চৰাই
পাৰ চৰাই (Pigeon) পৃথিৱীৰ প্ৰায় সকলো অঞ্চলতে পোৱা এবিধ মজলীয়া আকাৰৰ চৰাই। পাৰই সহজে পোহ মানে আৰু মানুহৰ লগত থাকি ভাল পায়। ই মানুহৰ পোহ মনা প্ৰথম চৰাই। খ্ৰীষ্টপূৰ্ব তিনি হাজাৰমান বছৰৰ আগতেই ইজিপ্টিত পাৰ পোহাৰ প্ৰমাণ পোৱা গৈছে।
-
ফুলকবি
ফুলকবি (ইংৰাজী: Cauliflower; বৈজ্ঞানিক নাম: Brassica oleracea var. botrytis) হৈছে ব্ৰাচিকাচেয়া বা সৰিয়হ তথা কবি গোত্ৰৰ অন্তৰ্গত Brassica oleracea প্ৰজাতিৰ এবিধ পাচলি।
-
বৰ বগ
বৰ বগ (Great Egret, বৈজ্ঞানিক নাম-Ardea alba) এটা ডাঙৰ আকাৰৰ আৰু বহুলভাৱে বিস্তৃত বগলীৰ প্ৰজাতি৷
-
মিৰিকা মাছ
মিৰিকা মাছ (Cirrhinus cirrhosus, বা Cirrhinus mrigala), মৃগেল আৰু হোৱাইট কাৰ্প বুলিও কোৱা হয়, হৈছে কাৰ্প পৰিয়াল চাইপ্ৰিনিডিয়াৰ অন্তৰ্গত এবিধ অৰ্থনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ মাছৰ প্ৰজাতি।
-
লং
লং (Clove) এবিধ মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি অংকুৰ আৰু তাৰ গছ। ইয়াৰ বৈজ্ঞানিক নাম Syzygium aromaticum। ইণ্ডোনেছিয়াৰ মালুকু দ্বীপত উৎপত্তি হোৱা লং এতিয়া গোটেই বিশ্বতে ব্যৱহাৰ কৰা হয়। ইয়াক ঘাইকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ বহুতো ঔষধি গুণ আছে।
-
শহাপহু
শহাপহু এবিধ শান্ত প্ৰকৃতিৰ তৃণভোজী জন্তু। আন পোহনীয়া জন্তুতকৈ ইয়াক দেৰিকৈ পোহা হৈছিল। এতিয়া ঘৰচীয়া আৰু বনৰীয়া দুয়োবিধ শহাই আছে।
-
শৰালি হাঁহ
শৰালি (Lesser Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna javanica) ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি। ইহঁত সাধাৰণতে নিশাচৰ আৰু দিনৰ ভাগত বৃহৎ গোটত হ্ৰদ বা জলপূৰ্ণ খেতি-পথাৰত থকা দেখা যায়। ই গছৰ খোৰোঙত কেতিয়াবা বাহ সজা দেখা যায়।
-
সংকোষকেন্দ্ৰীয় জীৱ
সংকোষকেন্দ্ৰীয় বা ইউকেৰিয়ট (eukaryote; ( বা বা বা ) বুলিলে সেইবোৰ জীৱক বুজায়, যিবোৰৰ কোষৰ কোষকেন্দ্ৰত কোষ কেন্দ্ৰ আৱৰণ আৰু প্ৰায়ভাগ কোষৰ অংগত কোষাংগবৰণ দ্বাৰা আবৃত থাকে। ইয়াৰ উপৰি এনেধৰণৰ কোষৰ ডি.এন.এত হিষ্ট'ন প্ৰ'টিন নামৰ প্ৰ'টিন বিধ পোৱা যায়।
-
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান
সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান (Sundarbans National Park) পশ্চিমবঙ্গৰ সুন্দৰবন অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰপ্ৰকল্প, ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান আৰু এখন "বায়োস্ফিয়াৰ ৰিজাৰ্ভ।" এইখন বঙ্গোপসাগৰৰ পাৰৰ গাঙ্গেয় ব-দ্বীপ অঞ্চলত অৱস্থিত।
-
সোণাৰু
সোণাৰু ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ স্থানীয় মাহজাতীয় আলংকাৰিক উদ্ভিদ। সোণাৰু পূবলৈ ভাৰতৰ পৰা ম্যানমাৰ আৰু থাইলেণ্ডলৈ আৰু দক্ষিণত শ্ৰীলংকাৰ পৰা দক্ষিণ পশ্চিমত পাকিস্তানলৈ পোৱা যায়। হালধীয়া সোণালী ফুলৰ বাবে সোণাৰু আলংকাৰিক গছ হিচাপে বিখ্যাত। ইয়াক আয়ুৰ্বেদিক ঔষধতো ব্যৱহাৰ কৰা হয়।
-
হেটুলুকা
হেটুলুকা (Barbet) ভাৰত উপমহাদেশৰ উত্তৰৰ অঞ্চলসমূ্ত দেখা পোৱা এটা চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ হিমালয়ৰ নামনি, বাংলাদেশ আৰু পশ্চিমবংগত বিস্তৃত হৈ আছে৷
-
ৰুদ্ৰাক্ষ
ৰুদ্ৰাক্ষ গছৰ বৈজ্ঞানিক নাম - Eleocarus ganitrus,roxb (Family, অৰ্থাৎ গোত্ৰ Tiliaceae), ইয়াত Eleocarus জাতি নাম (Genus) আৰু ganitrus প্ৰজাতি (species) নাম আৰু শেষৰ Roxb.শব্দটোৱে এই গছৰ উদ্ভাৱক Roxburghৰ সংক্ষিপ্ত নাম বুজায়৷ এই নামেৰে ৰুদ্ৰাক্ষ গছ পৃথিৱীৰ সকলো ঠাইতে পৰিচিত।
-
অতিপ্ৰাকৃতিক
অতিপ্ৰাকৃতিক (Supernatural) বুলিলে প্ৰকৃতিৰ নিয়মৰ ঊৰ্ধত থকা পৰিঘটনা বা সত্তাক বুজোৱা হয়।প্ৰাচীন জগতত ইয়াৰ কোনো অস্তিত্ব নাছিল। লোককথা আৰু ধৰ্মীয় প্ৰসংগত অতিপ্ৰাকৃতিকতাক বৈশিষ্ট্যযুক্ত কৰা হয়। কিন্তু অধিক ধৰ্মনিৰপেক্ষ প্ৰসংগতো ইয়াক বৈশিষ্ট্যযুক্ত হিচাপে ব্যাখ্যা কৰিব পাৰি।
-
আমৰ’লীয়া হাঁহ
আমৰ'লীয়া হাঁহ বা পাতিহাঁহ (Mallard বা Wild Duck, Anas platyrhynchos) এবিধ মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই নাতিশীতোষ্ণ তথা ক্ৰান্তীয় অঞ্চল যেনে আমেৰিকা, ইউৰোপ, এছিয়া, উত্তৰ আমেৰিকা আদিত প্ৰজনন কৰে৷ তাৰোপৰি এই প্ৰজাতিবিধক নিউজিলেণ্ড তথা অষ্ট্ৰেলিয়া আদিত নতুনকৈ সংস্থাপন কৰা হৈছে৷ মতা আমৰ'লীয়া…
-
ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য
ঈগলনেষ্ট বন্যপ্ৰাণী অভয়াৰণ্য (Eaglenest Wildlife Sanctuary) অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত হিমালয়ৰ পাদদেশত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ইয়াৰ উত্তৰ-পূব দিশত 'চেঁচা অৰ্কিড উদ্যান' আৰু পূবে কামেং নৈৰ সিপাৰে পাক্কে ব্ৰাঘ্ৰ প্ৰকল্প অৱস্থিত।
-
উদ
উদ (otter) এবিধ উভচৰ প্ৰাণী। উদ সাধাৰণতে নৈ,জান-জুৰি,হ্ৰদ,দ-পথাৰ,পুখুৰী আদিত থাকে। পানীৰ কাষত থকা শিলৰ ফাঁক,গছৰ শিপাৰ ফাঁক বা জোপোহাৰ মাজতো সোমাই থাকে। ইহঁতে পানীত সাঁতুৰি-নাদুৰি ঘূৰি ফুৰে যদিও মাটিতো সমানেই ঘূৰি-ফুৰা দেখা যায় বাবেই উদক উভচৰ প্ৰাণী বলি কোৱা হয়।
-
এছিয়াৰ ক'লা ভালুক
এছিয়াৰ ক'লা ভালুক (উৰ্চাছ থিবেটেনাছ) যাক ভাৰতীয় ক'লা ভালুক, এছিয়াৰ ক'লা ভালুক, চন্দ্ৰ ভালুক আৰু বগা বুকুৰ ভালুক বুলিও জনা যায়। ক'লা ভালুক হৈছে এছিয়াৰ স্থানীয় এক মজলীয়া আকাৰৰ ভালুকৰ প্ৰজাতি।
-
এন্থেৰিয়া আছামেনছিছ
মুগা পলু হৈছে ছেছৰনিডিয়া (Saturniidae) পৰিয়ালৰ অন্তৰ্গত অসম ৰেছম মথৰ পলু। ইয়াক উত্তৰ-পূব ভাৰত (প্ৰধানকৈ অসম)ত পোৱা য়ায়, ইয়াত ৯৯% উৎপাদিত হয়। এই পলুৱে চোম গছ (Machilus bombycina) আৰু সোঁৱালো গছৰ (Litsea polyantha) পাত খাদ্য হিচাপে গ্ৰহণ কৰে।
-
কণামুছৰি
কণামুছৰি (Indian Pond Heron, বৈজ্ঞানিক নাম:Ardeola grayii) এবিধ হেৰন (Heron) গোটৰ অন্তৰ্ভুক্ত সৰু আকাৰৰ চৰাই৷ ই দক্ষিণ ইৰাণ, ভাৰত, বাৰ্মা, বাংলাদেশ আৰু শ্ৰী লংকাত প্ৰজনন কৰা বুলি জনা যায় ৷ কণামুছৰি বহুলভাৱে বিস্তৃত আৰু প্ৰায় সকলো জলাশয়তে ইয়াক দেখা যায়৷ উৰন্ত সময়ত উজ্জ্বল বগা ডেউকাৰে ইয়াক…
-
কণ্টকচৰ্মী প্ৰাণী
কণ্টকচৰ্মী বা একাইন'ডাৰ্মাটা হৈছে প্ৰাণীজগতৰ অন্যতম এটা প্ৰধান পৰ্ব। একাইন'ডাৰ্মাটা পৰ্বৰ অন্তৰ্ভুক্ত প্ৰাণীবোৰক একাইন'ডাৰ্ম বোলে। গ্ৰীক শব্দ Echinos অৰ্থ Spine বা কাঁইট আৰু Derma অৰ্থ skin তথা ত্বকৰ পৰা একাইন'ডাৰ্মাটা শব্দটি আহৰণ কৰা হৈছে। সেইবাবে ইহঁতক সাধাৰণভাৱে কণ্টকচৰ্মী চৰ্মী বোলে।
-
কুটুম চৰাই
কুটুম চৰাই (Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।
-
কৃষ্ণচূড়া
কৃষ্ণচূড়া এক বৃক্ষ জাতীয় উদ্ভিদ। ইয়াৰ বৈজ্ঞানিক নাম Delonix regia। এই গছ চমৎকাৰ পত্ৰ-পল্লৱ আৰু জুইৰ দৰে ৰঙা কৃষ্ণচূড়া ফুলৰ বাবে প্ৰসিদ্ধ। ই Fabaceae পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
কেটেলা পহু
কেটেলা পহু (Porcupine)এবিধ নিশাচৰ স্তন্যপায়ী প্ৰাণী। যাৰ গা তীক্ষ্ণ কাঁইটেৰে আবৃত থাকে। ই Rodentia বৰ্গৰ অন্তৰ্গত আৰু স্ব সুৰক্ষাৰ বাবে কাঁইট ব্যৱহাৰ কৰাৰ বাবে বিশেষভাৱে পৰিচিত। ইয়াক শজাৰু নামৰে জনাজাত আৰু লগতে ইংৰাজীত Porcupine নামেৰে জনাজাত।
-
কেতেকী
কেতেকী ( Indian Cuckoo, বৈজ্ঞানিক নাম: Cuculus micropterus) কুকুলিফৰমছ (Cuculiformes) বৰ্গৰ অন্তৰ্ভুক্ত কুলিজাতীয় এবিধ চৰাইৰ প্ৰজাতি। ই অকলশৰীয়াকৈ থকা লাজকুৰীয়া (solitary and shy ) বিধৰ চৰাই। এই চৰাইবিধ এছিয়াৰ পাকিস্তান, ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া তথা চীন আৰু ৰাছিয়ালৈকে পোৱা যায়।
-
কোমলদেহী প্ৰাণী
কোমলদেহী প্ৰাণী হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব। এই পৰ্বৰ অধিকাংশ সামুদ্ৰিক প্ৰজাতি। ইয়াৰে অধিকাংশ অগভীৰ জলত বাস কৰে। এই পৰ্ব সকলোতকৈ বৃহত্তম সামুদ্ৰিক অমেৰুদণ্ডী প্ৰাণীৰ প্ৰজাতি। এই পৰ্বত প্ৰায় ৮৫,০০০ প্ৰজাতি আছে।
-
চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান
চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই উদ্যানখন নীলগিৰি পাহাৰত অৱস্থিত আৰু ইয়াৰ মূল এলেকা ৮৯.৫২ বৰ্গ কিঃমিঃ। ইয়াৰ চৌপাশে ১৪৮ বৰ্গ কিঃমিঃ জুৰি এটা বাফাৰ জ’ন আছে। এই ৰাষ্ট্ৰীয় উদ্যানখনত কিছুমান বিৰল প্ৰজাতিৰ উদ্ভিদ আৰু বন্যপ্ৰাণী পোৱা যায়।
-
চাকৈ-চকোৱা
চাকৈ-চকোৱা এটা হাঁহৰ প্ৰজাতি। সংস্কৃতত ইয়াক ব্ৰাহ্মণি হাঁহ বুলি কয়।