অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শামুকভঙা

শামুকভঙা (Asian Openbill/Asian Openbill Stork, বৈজ্ঞানিক নাম: Anastomus oscitans) এবিধ সাৰেং জাতীয় চৰাই।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩০৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

শামুকভঙা (Asian Openbill/Asian Openbill Stork, বৈজ্ঞানিক নাম: Anastomus oscitans) এবিধ সাৰেং জাতীয় চৰাই।

বিৱৰণ

শামুকভঙা এবিধ চৰাইৰ প্ৰব্ৰজন। খাদ্যৰ সন্ধানত ইহঁতে জাকপাতি বহু দূৰলৈ পৰিভ্ৰমণ কৰে। জলাশয়, বিল আদিত ইহঁতক জাকপাতি ফুৰা দেখা যায়। অকলশৰীয়া অৱস্থাত ইহঁতক একেবাৰে দেখা নাযায় বুলিব পাৰি। দূৰৈৰপৰা ইহঁতক দেখিবলৈ বগলীৰ নিচিনা লাগে। উৰন্ত অৱস্থাত ডিঙিটো আগলৈ আৰু ভৰিদুখন পাছলৈ ৰাখি উৰে।

দেহৰ বৰণ ধূসৰ, ছাই বৰণীয়া। ডেউকা বহল। পিঠিৰ তলত নেজ আৰু ডেউকাৰ প্ৰাথমিক পাখি ক'লা। প্ৰজননৰ সময়ত ঠেং ৰঙা হয়। সাধাৰণ অৱস্থাত পাতল গুলপীয়া বা ছাই বৰণৰ। ঠোঁট দীঘল। ঠোঁটৰ মাজত অলপ ফাঁক থাকে। পোৱালি অৱস্থাত অৱশ্যে এই ফাঁক নাথাকে। ঠোঁটৰ হনু শক্তিশালী বাবে ইহঁতে শামুকৰ খোলা অনায়াসে ভাঙিব পাৰে।১

অৱস্থিতি আৰু বাসস্থান

বিশেষকৈ ভাৰতীয় উপমহাদেশত ইহঁতৰ উপস্থিতি দেখা যায়। তদুপৰি বাংলাদেশ, থাইলেণ্ড, শ্ৰীলংকাটো ইহঁতক দেখা যায়। বিল, পথাৰ, জলাহভূমি আদিৰ কাষত সাধাৰণতে ইহঁতক দেখা যায়। নদীৰ কাষত ইহঁতক দেখা নাযায় বুলিব পাৰি। পোৱালিবোৰ উৰিব পৰা হ'লে খাদ্য আৰু উপযুক্ত পৰিবেশৰ সন্ধানত ইহঁত বহু দূৰৈলৈ পৰিভ্ৰমণ কৰে। ভাৰতৰ ভৰতপুৰত চিহ্নিত কৰা চৰাই ৮০০ কি.মি. পূবত আৰু থাইলেণ্ডত চিহ্নিত কৰা চৰাই ১৫০০ কি.মি পশ্চিমত বাংলাদেশত দেখা গৈছে।২৩ আগষ্ট আৰু চেপ্তেম্বৰ মাহত ভাৰতৰ দক্ষিণ-পূৱ উপকূলৰ লাইটহাউচৰ বাবে এনে বহুতো পৰিভ্ৰমী পক্ষী দিশহাৰা হোৱা দেখা যায়।৪ শামুকভঙা চৰায়ে সাধাৰণতে ওখ ফেৰেঙণি থকা গছত বাহ সাজে। ইহঁতে ওচৰা-ওচৰিকৈয়ে বাহ সাজে। ভাৰতৰ উত্তৰাঞ্চলত প্ৰজননৰ সময় জুলাইৰ পৰা চেপ্তেম্বৰলৈ, দক্ষিণ ভাৰত আৰু শ্ৰীলংকাত মাৰ্চৰ পৰা নৱেম্বৰলৈকে। এবাৰত সাধাৰণতে ২-৪ টাকৈ কণী পাৰে। প্ৰায় ২৫ দিনত কণীৰপৰা পোৱালি উলায়। মতা -মাইকী দুয়োটায়ে উমনি আৰু পোৱালিৰ যত্ন লয়। কেতিয়াবা এটা চৰাইৰ দুজনী সংগী থকা দেখা যায়। তেতিয়া একেটা বাহতে দুজনী মাইকীয়ে কণী পৰা দেখা যায়।৫

খাদ্য

জলাশয় বিলাকত জাক পাতি লাহে লাহে খোজ কাঢ়ি খাদ্যৰ সন্ধান কৰে। জলজ সৰীসৃপ, কীট-পতংগ, ভেকুলী, শামুক আদি ইহঁতৰ খাদ্য।৬ শামুক ইহঁতৰ প্ৰিয় খাদ্য। ঠোঁটেৰে শামুকৰ খোলাটো বিশেষ কাইদাৰে এৰোৱাই খাব পাৰে। ঠোঁটেৰ তলৰ বখলাটো সোঁফালে বেঁকা কৰি শামুকৰ খোলাটো এৰোৱাই খাব পাৰে। সৰু সৰু শামুকবোৰ ই গোটাকৈয়ে গিলি থয়।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Gosner, KL. (1993). Scopate tomia: an adaptation for handling hard-shelled prey?. Wilson Bulletin. পৃ. 316–324
  2. ↑ Ali, Salim. (1959). Local movements of resident waterbirds. J. Bombay Nat. Hist. Soc.. পৃ. 346–347
  3. ↑ Storks are regularly disoriented by lighthouses along the southeast coast of India on overcast nights between August and September
  4. ↑ Ali, S & SD Ripley (1978). Handbook of the Birds of India and Pakistan. Volume 1 (2 ed.). New Delhi: Oxford University Press. pp. 95–98
  5. ↑ Datta T & BC Pal. (1995). Polygyny in the Asian Openbill (Anastomus oscitans). The Auk. পৃ. 257–260
  6. ↑ Mukherjee, Ajit Kumar. (1974). Food-habits of water-birds of the Sundarban, 24 Parganas District, West Bengal, India-IV. Stork, Teal, Moorhen and Coot. J. Bombay Nat. Hist. Soc.. পৃ. 188–200
  7. ↑ Kahl MP. (1971). Food and feeding behavior of Openbill Storks. Journal of Ornithology. পৃ. 21–35

সম্পৰ্কিত শ্ৰেণী

সাৰেংঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শামুকভঙা” প্ৰবন্ধৰ সংশোধন ৫৪০৬১৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।