অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভাৰতীয় ফেঁটী সাপ

ভাৰতীয় ফেঁটী সাপ (Indian cobra, বৈজ্ঞানিক নাম-Naja naja) ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰতত হোৱা সাপে খোঁটাৰ ঘটনাৰ সৰহসংখ্যকেই এই সাপবিধৰ দ্বাৰা সংঘটিত হয়। ভাৰতীয় সংস্কৃতিতো এই সাপবিধৰ এক বিশেষ স্থান আছে।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় ফেঁটী সাপ (Indian cobra, বৈজ্ঞানিক নাম-Naja naja) ভাৰত উপমহাদেশত দেখা পোৱা এবিধ বিষাধৰ সাপৰ প্ৰজাতি। ভাৰতত হোৱা সাপে খোঁটাৰ ঘটনাৰ সৰহসংখ্যকেই এই সাপবিধৰ দ্বাৰা সংঘটিত হয়।১ ভাৰতীয় সংস্কৃতিতো এই সাপবিধৰ এক বিশেষ স্থান আছে। ভাৰতীয় ফেঁটী সাপক ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইন, ১৯৭২ অনুসৰি সংৰক্ষণ প্ৰদান কৰা হৈছে।

বিৱৰণ

Spectacle pattern on a snake's hood.
Spectacle pattern on a snake's hood.ছবি: Kamalnv · CC BY 3.0

সাপডালৰ ফণাত সৰল চকুৰ দৰে দুটা ঘূৰণীয়া বিন্যাস আছে আৰু এটা বেঁকা আঁচে এই দুটাক সংযোগ কৰিছে। ফলত এই বিন্যাসটো দেখিবলৈ চশমাৰ দৰে হয়। হিন্দুসকলে ইয়াক কৃষ্ণৰ ভৰিৰ সাঁচ বুলি বিশ্বাস কৰে যি এশ দহটা ফণা থকা কালিয়াৰ ওপৰত নৃত্য কৰিছিল। ভাৰতীয় ফেঁটী সাপ গড়ে ১.৯ মিটাৰ (৬ ফুট) দীঘল হয় আৰু কেতিয়াবা ২.৪ মিটাৰ (প্ৰায় ৮ ফুট) পৰ্যন্ত দীঘল হয়। ভাৰতীয় ফেঁটী সাপৰ সকলোতকৈ চকুত পৰা বৈশিষ্ট্য হৈছে ইয়াৰ ফণা। ভাবুকিৰ সন্মুখীন হ'লে সাপডালে গাটোৰ সন্মুখভাগ ডাঙি আৰু ডিঙি অংশৰ কেইডালমান কামিহাড় বহলাই ফণাখন মেলে (ফেঁট তোলে)।২ ফেঁটটোত থকা চশমাৰ বিন্যাস আৰু সাপডালৰ ৰঙৰ ভিন্নতা পৰিলক্ষিত হয়।৩

An additional line is seen above the spectacle in this cobra. This is just one of the many different patterns you can find on a cobra.
An additional line is seen above the spectacle in this cobra. This is just one of the many different patterns you can find on a cobra.ছবি: Nireekshit · CC BY-SA 3.0

বিতৰণ

স্বাভাৱিক বাসস্থানত ভাৰতীয় ফেঁটী
স্বাভাৱিক বাসস্থানত ভাৰতীয় ফেঁটীছবি: Dr.R.S.Pradeep Raj · CC BY-SA 3.0

ভাৰতীয় ফেঁটী সাপ ভাৰতীয় উপমহাদেশত পোৱা যায় য'ত নেপাল, পাকিস্তান, ভাৰত, বাংলাদেশ আৰু শ্ৰীলংকা অন্তৰ্ভুক্ত।৪৫

বাসস্থান

ইয়াক সমতল ভূমি, অৰণ্য, মুকলি ঠাই আৰু বসতিপূৰ্ণ অঞ্চলত পোৱা যায়। ইয়াৰ বিতৰণ ক্ষেত্ৰ সাগৰৰ স্তৰৰ পৰা 2000 মিটাৰ পৰ্যন্ত।১

আচৰণ

খাদ্য

এই প্ৰজাতিটোৱে ঘাইকৈ এন্দুৰ, ভেকুলী, চৰাই আৰু অন্য সাপ ভক্ষণ কৰে। এন্দুৰ ভক্ষণ কৰা বাবেই ইয়াক খেতিপথাৰকে ধৰি মানুহ বেছিকৈ থকা অঞ্চল আৰু নগৰাঞ্চলৰ বাহিৰত পোৱা যায়।

প্ৰজনন

ভাৰতীয় ফেঁটী সাপ অণ্ডপ্ৰসৱী। ই এপ্ৰিল আৰু জুলাই ভিতৰত কণী পাৰে। মাইকী সাপে এন্দুৰৰ গাঁত বা উঁইৰ ভেটীত ১০টাৰ পৰা ৩০টামান কণী পাৰে। ৪৮ৰ পৰা ৬৯ দিন পিছত কণীবোত ফুটি পোৱালি ওলায়। পোৱালিবোৰ ২০ৰ পৰা ৩০ ছেণ্টিমিটাৰ (৭.৯-১২ ইঞ্চি) দীঘল হয়। পোৱালিবোৰে জন্মৰেপৰা স্বাধীনভাৱে বাস কৰে আৰু সিহঁতৰ কাৰ্যক্ষম বিষগ্ৰন্থি থাকে।৬

সংস্কৃতিত

মূৰ তুলি ফনা মেলা অৱস্থাত খৰাহীত থকা এটা ফেঁটী।
মূৰ তুলি ফনা মেলা অৱস্থাত খৰাহীত থকা এটা ফেঁটী।ছবি: CC BY-SA 2.5

মানুহে ভাৰতীয় ফেঁটীক অতি সন্মান আৰু ভয় কৰে; হিন্দু কিংবদন্তিমতে ইয়াক দেৱতা ৰূপো দিয়া হয়। হিন্দু দেৱতা শিৱক দিঙিত এডাল ফেঁটীসাপ মেৰিয়াই থকা দেখুওৱা হয় যিয়ে "মায়া"ৰ ওপৰত ইয়াৰ প্ৰভাৱ চিহ্নিত কৰে। বিষ্ণুক একাধিক মূৰ থকা প্ৰকাণ্ড শেষনাগৰ দেহত বিশ্ৰাম কৰা দেখুওৱা হয়। হিন্দু উৎসে নাগ পঞ্চমীত ফেঁটীসাপক পূজা কৰা হয়।

ফেঁটিসাপক লৈ ভাৰতত বহু জনবিশ্বাস আছে। তেনে এটা বিশ্বাসমতে ফেঁটীসাপে Rat snake-ৰ লগত সংগম কৰে।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Whitaker, Romulus. (2004). Snakes of India: The Field Guide. Draco Books. ISBN 81-901873-0-9
  2. ↑ Reptiles of Pakistan. Wildlifeofpakistan.com. Retrieved on 2013-01-03
  3. ↑ Asiatic Naja. Biology.bangor.ac.uk (2001-10-09). Retrieved on 2013-01-03
  4. ↑ Smith, M.A. (1943). The Fauna of British India, Ceylon and Burma, Including the Whole of the Indo-Chinese Sub-Region. Reptilia and Amphibia. Taylor and Francis. পৃ. 427–436
  5. ↑ Whitaker, Captain, Romulus, Ashok. (2004). Snakes of India, The Field Guide. Draco Books. পৃ. 372. ISBN 81-901873-0-9
  6. ↑ IMMEDIATE FIRST AID for bites by Indian or Common Cobra(Naja naja naja)
  7. ↑ Snake myths. wildlifesos.com

সম্পৰ্কিত শ্ৰেণী

সাপজীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় ফেঁটী সাপ” প্ৰবন্ধৰ সংশোধন ৬৩২৮৪৩ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।