অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নাৰ্জী

নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এটি সুগন্ধী ফুল। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে। নাৰ্জী Compositae গোত্ৰত অন্তৰ্ভুক্ত, বৈজ্ঞানিক নাম Tagetes erecta। । নাৰ্জী ফুল বিভিন্ন জাত আৰু ৰঙৰ হোৱা দেখা যায়।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নাৰ্জী গৃহসজ্জাত ব্যৱহাৰ হোৱা এটি সুগন্ধী ফুল। এই ফুলৰ কৃষি প্ৰণালী একেবাৰেই সহজ। ভাৰত উপমহাদেশত অতীতৰে পৰা এই ফুলৰ খেতি আৰু বিভিন্ন কাৰ্য্যত ব্যৱহৃত হৈ আহিছে।১ নাৰ্জী Compositae গোত্ৰত অন্তৰ্ভুক্ত, বৈজ্ঞানিক নাম Tagetes erecta। ২। নাৰ্জী ফুল বিভিন্ন জাত আৰু ৰঙৰ হোৱা দেখা যায়। এই ফুল সাধাৰণতে উজ্জ্বল হালধীয়া আৰু কমলা হালধীয়া হয়। সাধাৰণতে নাৰ্জী এটি শীতকালীন ফুল হ'লেও বৰ্তমানে গ্ৰীষ্ম আৰু বৰ্ষাকালতো ইয়াৰ খেতি কৰা হয়। বাগিচাৰ শোভা বৰ্ধন উপৰিও বিভিন্ন উৎসৱ-অনুষ্ঠান, পূজা-পাৰ্বন আৰু গৃহসজ্জাত নাৰ্জীক ব্যাপক ভাবে ব্যৱহাৰ কৰা হয়।৩

নাৰ্জী অসমৰ গৃহস্থ বাগিচাৰ সাধাৰণ ফুল। ১৯৯০ৰ দশকৰ পৰা নাৰ্জী অসম তথা ভাৰতত বাণিজ্যিকভাবে খেতি কৰা হয়। উজনি অসমৰ বিশেষকৈ ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লক্ষিমপুৰ আৰু মধ্য অসমৰ জিলা কেইখনত নাৰ্জী খেতি কৰা হয়। অসমীয়াত নাৰ্জীক গেন্ধালি, গেন্ধাই, জাৰমালতী, '''গোন্ধ-মালতী আদি বিভিন্ন নামেৰে জনাজাত।

বিভিন্ন ভাষাত নাম

  • অসমীয়া: নাৰ্জী
  • বাংলা: গাঁদা
  • হিন্দী, মৈথিলী, পঞ্জাবী: গেন্দা
  • গুজৰাটী: গলগোটা (ગલગોટા)
  • নেপালী: সয়পত্ৰী
নাৰ্জী ফুল
নাৰ্জী ফুলছবি: নৰুনা বৰুৱা · CC BY 4.0

জাত

অসমত প্ৰধানত দুই ধৰণৰ নাৰ্জী পোৱা যায়ঃ

  • আফ্ৰিকান নাৰ্জীঃ এই শ্ৰেণীৰ নাৰ্জী হালধীয়া ৰঙৰ আৰু গছৰ আকৃতি তুলনামূলক ভাবে ডাঙৰ। উল্লেখযোগ্য জাতসমূহ হলঃ ইনকা, গিনি গল্ড, ইয়েলা চুপ্ৰিম, গল্ডস্মিথ, মেন ইন দি মুন, ইত্যাদি।
  • ফৰাচী নাৰ্জীঃ এই শ্ৰণীৰ নাৰ্জী কমলা হালধীয়া হয়। ইয়াৰ গা-গছ তুলনামূলক ভাবে সৰু। কিছুমানৰ পাপৰিত ক'লা দাগ থাকে। উল্লেখযোগ্য জাতসমূহ হলঃ মেৰেয়েটা, হাৰমনি, লিজন অফ অনাৰ, ইত্যাদি।

ইয়াৰোপৰি বগা নাৰ্জী, জম্বো নাৰ্জী, হাইব্ৰিড আৰু ৰঙা বা চাইনিজ নাৰ্জীৰ খেতি কৰা হয়।৪

ঔষধীয় গুণ

নাৰ্জী ফুলৰ গছৰ ঔষধীয় গুণ আছে। কটা স্থানত নাৰ্জী গছৰ ৰস লগালে ক্ষত স্থানৰ পৰা তেজ ওলোৱা বন্ধ হয়। গাওঁ সমূহত এতিয়াও কটা-ছিঙাৰ প্ৰাথমিক চিকিৎসাত ইয়াক ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ শীতৰ ফুল নাৰ্জী
  2. ↑ Missouri Botanical Garden
  3. ↑ নাৰ্জী ফুলৰ কৃষি পদ্ধতি
  4. ↑ নাৰ্জী উৎপাদন কৌশল

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰ্জী” প্ৰবন্ধৰ সংশোধন ৫৪০৯৩৪ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।