অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নামবৰ অভয়াৰণ্য

নামবৰ অভয়াৰণ্য (Nambor Wildlife Sanctuary) অসমৰ গোলাঘাটআৰু কাৰ্বি আংলং জিলাত অৱস্থিত এটা সংৰক্ষিত অঞ্চল। ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা এই অঞ্চলটো ২০০০ চনৰ ২৭ জুলাইত অভয়াৰণ্য ঘোষণা কৰা হয়। ইয়াৰ পৰা গোলাঘাট নগৰৰ দূৰত্ব ২৫ কিঃমিঃ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দূৰত্ব ৬৫ কিঃমিঃ।

হালনাগাদ: ৯ আগষ্ট ২০২৫ ৩৪৯ শব্দ · ২ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

নামবৰ অভয়াৰণ্য (Nambor Wildlife Sanctuary) অসমৰ গোলাঘাটআৰু কাৰ্বি আংলং জিলা জিলাত অৱস্থিত এটা সংৰক্ষিত অঞ্চল। ৩৭ বৰ্গ কিঃমিঃ জুৰি থকা এই অঞ্চলটো১ ২০০০ চনৰ ২৭ জুলাইত অভয়াৰণ্য ঘোষণা কৰা হয়। ইয়াৰ পৰা গোলাঘাট নগৰৰ দূৰত্ব ২৫ কিঃমিঃ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দূৰত্ব ৬৫ কিঃমিঃ।২৩

ইতিহাস

১৮৭২ চনৰ ৯ আগষ্টত গোলাঘাট মহকুমাৰ ১,৮১,৩৬৪ হেক্টৰ বনভূমিক ’নামবৰ সংৰক্ষিত বনাঞ্চল’ হিচাপে ঘোষণা কৰা হৈছিল। এইখন এছিয়া মহাদেশৰ সৰ্বপ্ৰথম সংৰক্ষিত বনাঞ্চল বুলি জনা যায়।৪ ১৯২৬ চনত বনাঞ্চলখনৰ কিছু অংশ ৰে’লপথ আৰু স্থলপথৰ বাবে মুকলি কৰাত মাটিকালি কমি ৭২,৪৮৬ হেক্টৰ হয়গৈ।

১৯৫২ চনৰ ১০ জুলাইত নামবৰ সংৰক্ষিত বনাঞ্চলৰ ৬.৫ বৰ্গ কিলোমিটাৰ অংশক ’গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য’ হিচাপে ঘোষণা কৰা হয়। ১৯৬৫-৬৬ চনত নামবৰক উত্তৰ নামবৰ আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল ৰূপে দুটা ভাগত বিভক্ত কৰা হয়।৪

২০০৩ চনৰ ৫ ছেপ্টেম্বৰত উত্তৰ নামবৰৰ ৫,৪৯২ হেক্টৰ বনভূমি আৰু উজনি-নামনি দৈগ্ৰোং সংৰক্ষিত বনাঞ্চলৰ ৯৭.১৫ বৰ্গ কিলোমিটাৰ সামৰি ’নামবৰ-দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্য’ গঠন কৰা হয়।৪

জৈৱ বৈচিত্ৰ্য

জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ নামবৰ সংৰক্ষিত বনাঞ্চল গোলাঘাট আৰু কাৰ্বি আংলং জিলাত অৱস্থিত।

উদ্ভিদ

নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য গছ-গছনিৰ বাবেও বিখ্যাত। ইয়াত শাল, চেগুন, বনচোম, তিতাচঁপা, গমাৰি, হলখ আদি মূল্যৱান গছ থকাৰ লগতে লেতেকু, পনিয়ল, সুমথিৰা, বগীটেঙা আদি ফল-মূলৰ গছে আছে। প্ৰায় ৫০বিধ বিৰল প্ৰজাতিৰ অৰ্কিডেৰে বনাঞ্চলখন ভৰপূৰ। এই বনাঞ্চলত পোৱা আদাজাতীয় কৰ্মূল তামোলৰ লগত খোৱাৰ উপৰি সুগন্ধি দ্ৰব্য তৈয়াৰ কৰা হয়। ভেলু, গমাৰী, আজাৰ, নাহৰ, পমা, বনচোম, উৰিয়াম (Udiyam) ইত্যাদি।২ তদুপৰি ইয়াত প্ৰায় ৫১ বিধ অৰ্কিডৰ প্ৰজাতিও পোৱা যায়।

জীৱ-জন্তু

নামবৰ বন্যপ্ৰাণী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱজন্তু আৰু গছ-গছনি আছে। হাতীৰ বাবে বিখ্যাত এই বনাঞ্চলত ধেকীয়াপতীয়া বাঘ, ঘোং, কেমটাই পহু, মেঠোন, হলৌ বান্দৰ, লাজুকী বান্দৰ, উৰণীয়া কেৰ্কেটুৱা, শৰপহু, ভালুক, সুগৰী পহু, জহামাল, অজগৰ, ফেঁটীসাপ, গুঁই আদি বন্যপ্ৰাণী আছে। স্তন্যপায়ী প্ৰাণী: হাতী, হলৌ বান্দৰ, ঘোং,মেথোন, সেন্দূৰী বান্দৰ, গাহৰি-নেজীয়া বান্দৰ, লাজুকী বান্দৰ, অসমীয়া বান্দৰ, মলুৱা বান্দৰ, নাহৰফুটুকী বাঘ, লতামাকৰী বাঘ, মেচেকা, খটীয়া পহু, শৰপহু, শৰ পহু, সুগৰী পহু, কেঁটেলা পহু বনৰীয়া গাহৰি ইত্যাদি।৪

পক্ষী

কেতেকী, কুলি, বনকুকুৰা,মণিয়ৰি, শামুকভঙা, মাছৰোকা, পাকৈঢোৰা,গলমণিকা,ৰাজ ভাটৌ,বতা চৰাই,কলীমূৰী হাঁহ, হেটুলুকা, পাহাৰী ময়না,পৰঘুমা,হাইঠা,ঘিলা হাঁহ,পানী কাউৰী,বৰ বগ, গো-বগ, ভীমৰাজ, তিল কপৌ, হাৰুৱা কপৌ, দেওহাঁহ, ফেঁচা, টেকটেকী, তেলীয়াহাৰেং, মইনা, হাইঠা, শগুন, মৌপিয়া, ডাউক, ডঁৰিক,দেওডঁৰিক, কাম চৰাই, ইত্যাদি।২৪

সৰীসৃপ: অজগৰ, ফেঁটী, বৰকাছ, উলূকাছ, দুৰাকাছ, খতৌকাছ আদি।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2013-04-05). Wildlife Sanctuaries in Assam, National parks of Assam. Mapsofindia.com
  2. ↑ (2000-07-27). Nambor Wildlife Sanctuary. Vedanti.com
  3. ↑ Wildlife in India:: (Nambor Wildlife Sanctuary). Wildlifeinindia.in
  4. ↑ ’এছিয়াৰ সৰ্বপ্ৰথম সংৰক্ষিত বনাঞ্চল ’নামবৰ’’-ৰূপক জি দুৱৰা; প্ৰান্তিক, ১ ছেপ্টেম্বৰ, ২০২০; পৃষ্ঠা ৭-৯

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নামবৰ অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫৩১৩২২ (৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।