বৰমূগী হাঁহ বা খদাহাঁহ(Indian Spot-billed Duck, বৈজ্ঞানিক নাম-Anas poecilorhyncha) বিষূৱীয় অঞ্চল সমূহত প্ৰজনন কৰা এবিধ হাঁহৰ প্ৰজাতি৷ ইয়াক প্ৰধানত: এছিয়া মহাদেশত দেখা পোৱা যায়৷
বিৱৰণ
বৰমূগী হাঁহৰ আকাৰ মজলীয়া, ইয়াৰ দেহৰ দৈৰ্ঘ্য ৫৫-৬৩ ছে:মি: আৰু ওজন প্ৰায় ৭৯০-১৫০০ গ্ৰাম হয়৷১২ ইয়াৰ দেহৰ বৰণ মুগা৷ মূৰ আৰু ডিঙিৰ ৰং শেঁতা, ঠোঁটটো ক'লা আৰু আগঅংশ উজ্জ্বল হালধীয়া বৰণৰ৷ ইয়াৰ ডেউকা দুখন বগা৷ ঠেং বগা বৰণৰ৷ মতা বৰমূগী হাঁহৰ ঠোঁটৰ গুৰি অংশত ৰঙা দাগ থাকে যিটো মাইকী হাঁহৰ ক্ষেত্ৰত দেখা পোৱা নাযায়৷ পোৱালিবোৰ মটিয়া আৰু পূৰ্ণবয়স্ক হাঁহতকৈ শেঁতা বৰণৰ হয়৷
টেক্স'নমি
বৰমূগী হাঁহৰ তিনিটা উপপ্ৰজাতি দেখা যায়-
- Indian Spot-billed Duck (A. poecilorhyncha poecilorhyncha)
- Eastern Spot-billed Duck (A. poecilorhyncha zonorhyncha) আৰু
- Burmese Spot-billed Duck (A. poecilorhyncha haringtoni)

বিতৰণ
এই হাঁহৰ প্ৰজাতিটো পাকিস্তান, ভাৰতৰ পৰা জাপান লৈকে স্থানীয় চৰাই হিচাপে পোৱা যায়৷ আনহাতে Eastern Spot-billed Duck (A. p. zonorhyncha) নামৰ উপ-প্ৰজাতিটোৱে দক্ষিণ-পূব এছিয়াত পৰিভ্ৰমণ কৰে৷ ই প্ৰায়ে জাক পাতি বাস কৰে৷ ইয়াৰ একেবাৰে উত্তৰৰ জনবসতি শেহতীয়াকৈ বিংশ শতাব্দীত অধিক উত্তৰলৈ বিস্তৃত হৈছে৷৩
বাসস্থান
বৰমূগী হাঁহে মূলত: মুকলি জলাশয় যেনে হ্ৰদ, নৈ-উপনৈ, বিল আদিত বাস কৰে৷ ইহঁতে সাধাৰণতে জলজ উদ্ভিদৰ বিভিন্ন অংশ নিশাৰ ভাগত খাই জীয়াই থাকে৷ পানীৰ কাষৰ জোপোহাত ই বাহ সাজে৷ এবাৰত ৮-১৪ টাকৈ কণী পাৰে৷ মতা আৰু মাইকী দুয়োবিধ হাঁহৰে মাত আমৰ'লীয়া হাঁহৰ সৈতে একে৷
তথ্যসূত্ৰ
- ↑ CRC Handbook of Avian Body Masses by John B. Dunning Jr. (Editor). CRC Press (1992), ISBN 978-0-8493-4258-5
- ↑ Ogilvie & Young, Wildfowl of the World. New Holland Publishers (2004), ISBN 978-1-84330-328-2
- ↑ Kulikova, Irina V. (2004). Asymmetric hybridization and sex-biased gene flow between eastern Spot-billed Ducks (Anas zonorhyncha) and Mallards (A. platyrhynchos) in the Russian far east. The Auk. পৃ. 930
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰমূগী হাঁহ” প্ৰবন্ধৰ সংশোধন ৬২৪২৫৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।