অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সংৰক্ষণ স্থিতি

আই ইউ চি এন ৰঙা তালিকাত প্ৰজাতিসমূহক মুঠ জনসংখ্যা, জনসংখ্যা হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, জনসংখ্যা আৰু বিতৰণৰ বিচ্ছিন্নতা আদিৰ ওপৰত ভিত্তি কৰি নটা বিভাগত শ্ৰেণীবদ্ধ কৰা হৈছে। * বিলুপ্ত (Extinct, EX): এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।

হালনাগাদ: ১২ জুলাই ২০২৪ ১৮৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

আই ইউ চি এন ৰঙা তালিকাত প্ৰজাতিসমূহক মুঠ জনসংখ্যা, জনসংখ্যা হ্ৰাসৰ হাৰ, ভৌগোলিক বিতৰণ, জনসংখ্যা আৰু বিতৰণৰ বিচ্ছিন্নতা আদিৰ ওপৰত ভিত্তি কৰি নটা বিভাগত শ্ৰেণীবদ্ধ কৰা হৈছে।

  • বিলুপ্ত (Extinct, EX): এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।
  • অৰণ্যত বিলুপ্ত (Extinct in the Wild, EW): বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্যক সদস্য জীয়াই আছে।
  • ঘোৰ সংকটজনক (Critically Endangered, CR): প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
  • বিলুপ্তপ্ৰায় (Endangered, EN): প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।
  • অসুৰক্ষিত (Vulnerable, VU): প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।
  • সংকটাসন্ন (Near Threatened, NT): অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰবনতা দেখা গৈছে।
  • ন্যূনতম উদ্বেগজনক (Least Concern, LC): সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।
  • অপৰিমিত তথ্য (Data Deficient, DD): কোনটো বিভাগৰ অন্তৰ্ভূক্ত হ'ব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
  • অমূল্যাঙ্কিত প্ৰজাতি (Not Evaluated, NE): আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।১

কিছুমান পৰিভাষাত সংকটগ্ৰস্থ, বিপদগ্ৰস্থ, সংকটাসন্ন, বিপদাসন্ন, সংকটাপন্ন, বিপদাপন্ন, আদি শব্দও ব্যৱহাৰ কৰা হয়।

পূৰ্ৱৰ বিভাগসমূহ

প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা (IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮)দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত পূৰ্ৱৰ বিভাগসমূহ আৰু তুলনা:

+কম সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ৩.১)বিৱৰণ১৯৯৪ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ২.৩)
ন্যূনতম সংকটজনক (LC or LR/lc), সকলোতকৈ কম সংকটগ্ৰস্ত। সহজে আৰু বিস্তৃত ক্ষেত্ৰত দেখা যোৱা প্ৰজাতিবোৰ এই বিভাগৰ অন্তৰ্গত।Status iucn2.3 LC as.svg
Status iucn3.1 NT as.svgসংকটাসন্ন (NT or LR/nt), অদূৰ ভবিষ্যতে সংকটগ্ৰস্ত হৈ পৰাৰ প্ৰৱণতা দেখা গৈছে।Status iucn2.3 NT as.svg
বৰ্তমান ৰঙা তালিকাৰ অন্তৰ্ভুক্ত নহয়সংৰক্ষণ নিৰ্ভৰ (LR/cd), বিশেষ আৱাস বা বিশেষ শ্ৰেণীৰ জীৱ যিবোৰ বিশেষ পৰিকল্পনা অনুহৰি সংৰক্ষণ কৰা হৈছে, অন্যথা সংকটজনক বিভাগত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে।Status iucn2.3 CD as.svg
+সংকটজনক বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ৩.১)বিৱৰণ১৯৯৪ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ২.৩)
Status iucn3.1 VU as.svgস্পৰ্শকাতৰ (VU), প্ৰকৃতিত বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে।Status iucn2.3 VU as.svg
Status iucn3.1 EN as.svgবিলুপ্তপ্ৰায় (EN), প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা আছে।Status iucn2.3 EN as.svg
ঘোৰ সংকটজনক (CR), প্ৰকৃতিত বিলুপ্ত হোৱাৰ তীব্ৰ সম্ভাৱনা আছে।
+অন্যান্য বিভাগ
২০০১ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ৩.১)বিৱৰণ১৯৯৪ বিভাগ আৰু মানদণ্ড (সংস্কৰণ ২.৩)
অৰণ্যত বিলুপ্ত (EW), বন্য পৰিবেশত বা মূল আবাসত এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই। চিৰিয়াখানা অথবা আবদ্ধ পৰিবেশত অতি কমসংখ্য সদস্য জীয়াই আছে।
অপৰিমিত তথ্য (DD), কোনটো বিভাগৰ অন্তৰ্ভুক্ত হব, সেই সম্পৰ্কীয় প্ৰয়োজনীয় তথ্য-পাতি নাই।
অমূল্যাঙ্কিত (NE), আই ইউ চি এনৰ দ্বাৰা এতিয়ালৈ কোনো মূল্যাঙ্কণ হোৱা নাই।
সংকটাসন্ন (PE), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
অৰণ্যত সংকটাসন্ন (PEW), ঘোৰ সংকটজনক বিভাগৰ এটা উপ-বিভাগ।
ন্যূনতম সংকটাসন্ন (PLC), আই ইউ চি এনৰ হালধীয়া তালিকাৰ এটা বিভাগ। সংকটাসন্ন বিভাগৰ এটা উপ-বিভাগ।
বিলুপ্ত (EX), এই প্ৰজাতিৰ কোনো সদস্য জীয়াই থকা নাই।

তথ্যসূত্ৰ

  1. ↑ IUCN About the IUCN Red List

সম্পৰ্কিত শ্ৰেণী

প্ৰাণীজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সংৰক্ষণ স্থিতি” প্ৰবন্ধৰ সংশোধন ৪২৫৭০৩ (১২ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।