অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ঢেঁকীয়া

ঢেঁকীয়া বা ঢেঁকীয়া শাক (বৈজ্ঞানিক নাম: Diplazium esculentum) খাদ্য হিচাপে ব্যৱহৃত এবিধ উদ্ভিদ। এচিয়া আৰু ওচেনিয়াত এই উদ্ভিদ পোৱা যায়। সম্ভৱতঃ ই সৰ্বাধিক গ্ৰহণীয় ঢেকীয়াজাতীয় উদ্ভিদ। ই Athyriaceae পৰিয়ালৰ অন্তৰ্গত Diplazium বৰ্গৰ এবিধ উদ্ভিদ। শ্ৰেণীৰ হিচাপত ই Polypodiopsida-ৰ অন্তৰ্গত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪২২ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ঢেঁকীয়া বা ঢেঁকীয়া শাক (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Diplazium esculentum) খাদ্য হিচাপে ব্যৱহৃত এবিধ উদ্ভিদ। এছিয়া আৰু ওচেনিয়াত এই উদ্ভিদ পোৱা যায়। সম্ভৱতঃ ই সৰ্বাধিক গ্ৰহণীয় ঢেকীয়াজাতীয় উদ্ভিদ।১

ই Athyriaceae পৰিয়ালৰ অন্তৰ্গত Diplazium বৰ্গৰ এবিধ উদ্ভিদ।২৩ শ্ৰেণীৰ হিচাপত ই Polypodiopsida-ৰ অন্তৰ্গত।৪ ঢেঁকীয়াৰ কুমলীয়া আগসমূহ ভাজি বা চালাড প্ৰস্তুত কৰি খোৱা হয়।৫৬

বিৱৰণ

ঢেঁকীয়া প্ৰায় ৫০ চে.মি. ওখ ওপৰলৈ উঠি অহা কাণ্ডযুক্ত আৰু প্ৰায় ১ মিলিমিটাৰ দীঘল বাকলিৰে আবৃত এবিধ বহুবৰ্ষজীৱী উদ্ভিদ। ইয়াৰ দীঘল বাদামী ৰঙৰ ডাল থাকে আৰু ডালৰ গুৰি ক’লা তথা চুটি খোলাৰে আবৃত। ডালটোৰ দৈৰ্ঘ্য ১.৫ মিটাৰ পৰ্যন্ত হ'ব পাৰে আৰু ইয়াত সংযুক্ত পাতবোৰ প্ৰায় ৮ চে.মি. দীঘল আৰু ২ চে.মি. বহল।৭

ব্যৱহাৰ

কুমলীয়া আগবোৰ ভাজি চালাডত ব্যৱহাৰ কৰা হয়।৫৮

ইয়াত বিষাক্ত পদাৰ্থৰ পৰিমাণ মৃদু হ'ব পাৰে কিন্তু কোনো ডাঙৰ বিষাক্ত প্ৰভাৱ লিপিৱদ্ধ কৰা হোৱা নাই।৯

ফিলিপাইনছত ইয়াক পাকো (pakô) ("উইং"),৫ মালয়েছিয়াত পুকুক পাকু (pucuk paku) আৰু পাকু তাঞ্জুং (paku tanjung), ইণ্ডোনেছিয়াত সৌৰ পাকু (sayur paku) বা পাকিছ (pakis), থাইলেণ্ডত ফাক কোট (phak kot) (থাই: ผักกูด), ভিয়েটনামত ৰাউ ডন (rau dớn), অসমীয়াত ঢেঁকীয়া নামেৰে জনা যায়, বাংলা ভাষাত ঢেকিঁ শাক(Dhenki Shaak), চিলেটী ভাষাত পালোই সাগ, নেপালী ভাষাত নিংগো, বড়ো ভাষাত ডিংকিয়া আৰু উত্তৰ ভাৰতত লিংগুডা, ইয়াৰ দ্বাৰা ইয়াৰ কেঁকাৰা পাতক বুজোৱা হয়।

হাৱাইৰ খাদ্যত ইয়াক pohole বা hō'i'o বুলি জনা যায়। ছাঁয়াময় উপত্যকাৰ তিঁতা অঞ্চলত ঢেঁকীয়াবোৰ গঁজে।১০১১ ঢেঁকীয়া প্ৰজাতি ডিপ্লাজিয়াম এস্কুলেণ্টাম হাৱাইত প্ৰৱৰ্তন আৰু প্ৰাকৃতিককৰণ কৰা বুলি বিশ্বাস কৰা হয় আৰু প্ৰথমবাৰৰ বাবে ১৯১০ চনত সংগ্ৰহ কৰা বুলি কোৱা হয়।১১ ঢেঁকীয়াৰ ঔষধি ব্যৱহাৰো আছে।১২

ঔষধ

ঢেঁকীয়া পাতৰ সেউজীয়াই আমাক কেন্সাৰ, বিভিন্ন প্ৰদাহ, যকৃতৰ সংক্ৰমণ আৰু সংক্ৰামক চৰ্দিৰ পৰা ৰক্ষা কৰে। এই উদ্ভিদৰ শিপাৰ পৰা এবিধ ঔষধ প্ৰস্তুত কৰা হয় যি প্ৰসৱৰ সময়ত মহিলাৰ স্তনৰ বিষৰ চিকিৎসাত ফলপ্ৰসূ। ই আমাৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰ সতেজ কৰি পুৰণি কাহ নিৰাময় কৰে। এই উদ্ভিদৰ শুকান শিপাৰ পৰা তৈয়াৰী গুড়িয়ে ঘাঁ ভাল কৰে। জণ্ডিচৰ বাবে ইয়াক সৰ্বোত্তম ঔষধ হিচাপে গণ্য কৰা হয়। বিষ আৰু জ্বৰত অতি ফলপ্ৰসূ। ইয়াত ফছফৰাছৰ পৰিমাণ বেছি হোৱাৰ বাবে ইয়াক ‘ৰিকেট’ ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত উপস্থিত থকা বিভিন্ন ভিটামিনে ভোকহীনতা নাইকিয়া কৰে। ডায়েবেটিছ ৰোগীৰ বাবে ই এক উত্তম খাদ্য। ঢেঁকীয়া শাকত পটাছিয়ামৰ পৰিমাণ বেছি হোৱাৰ বাবে উচ্চ ৰক্তচাপ কমায়। লগতে এই শাকত অধিক পৰিমাণৰ ভিটামিন এ আৰু চিৰ উপস্থিতিৰ বাবে এই শাক খালে মুখগহ্বৰ আৰু হাওঁফাওঁৰ কৰ্কট ৰোগ, ছালৰ কৰ্কট ৰোগ আৰু গৰ্ভৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰে।

উপকাৰিতা

১০০ গ্ৰাম ঢেঁকীয়া শাকত থাকে-

কেলৰি: ৩৪ কিলোকেলৰি; চেনি: ৫.৫৪ গ্ৰাম; চৰ্বি: ০.৪ গ্ৰাম; প্ৰটিন: ৪.৫৫ গ্ৰাম; পানীঃ ৯২.২১ গ্ৰাম। খাদ্যৰ পুষ্টি। কাৰ্বহাইড্ৰেট। আঁহ: ২.৮ গ্ৰাম; ভিটামিন বি-১ (থাইয়ামিন): ০.০২ মিলিগ্ৰাম; ভিটামিন বি-২ (ৰাইব’ফ্লেভিন): ০.২১ মিলিগ্ৰাম; ভিটামিন বি-৩ (নিয়াচিন): ৪.৯৮ মিলিগ্ৰাম; ভিটামিন বি-৬: ০.১৪৯ মিলিগ্ৰাম; ভিটামিন চি: ২৬.৬ মিলিগ্ৰাম; ভিটামিন-এ: ৩৬১৭ আই.ই. (আন্তঃৰাষ্ট্ৰীয় একক); ছডিয়াম: ১ মিলিগ্ৰাম; পটাছিয়াম (কে): ৩৭০ মিলিগ্ৰাম; কেলচিয়াম (Ca): ৩২ মিলিগ্ৰাম; ফছফৰাছ (পি): ৪৮ মিলিগ্ৰাম; মেগনেছিয়াম (মিলিগ্ৰাম): ৩৪ মিলিগ্ৰাম; আইৰণ: ১.৩১ মিলিগ্ৰাম; জিংক (Zn): ০.৮৩ মিলিগ্ৰাম, চেলেনিয়াম (Se): ০.৭ মাইক্ৰ’গ্ৰাম, তাম (Cu): ০.৩২ মিলিগ্ৰাম, মেংগানিজ (Mn): ০.৫১ মিলিগ্ৰাম।

সাৱধানতা

এই শাক ভালকৈ নৰন্ধাকৈ‍ খাব নালাগে। লগতে যিকোনো ফাৰ্ণ দেখাত সেউজীয়া পাতৰ হয়, সেয়ে‍ সেউজীয়াৰ দৰে দেখিলেই শাক হিচাপে খাব নালাগে; কাৰণ ইয়াৰ বহু প্ৰজাতি বিষাক্ত। মতা উদ্ভিদৰ পোৱা পাত অধিক পৰিমাণে সেৱন কৰিলে পেশীৰ দুৰ্বলতা, চকুৰ সমস্যা আনকি ক’মাও হ’ব পাৰে।

তথ্যসূত্ৰ

  1. ↑ Anonymous. Vegetable fern. Use and production of D. esculentum. AVRDC (The World Vegetable Center)
  2. ↑ Carl J. Rothfels; Anders Larsson; Li-Yaung Kuo. (2012). Overcoming Deep Roots, Fast Rates, and Short Internodes to Resolve the Ancient Rapid Radiation of Eupolypod II Ferns. Systematic Biology. পৃ. 490–509
  3. ↑ Maarten J. M. Christenhusz; Xian-Chun Zhang; Harald Schneider. (2011). A linear sequence of extant families and genera of lycophytes and ferns. Phytotaxa. পৃ. 7–54
  4. ↑ Alan R. Smith; Kathleen M. Pryer; Eric Schuettpelz. (2006). A classification for extant ferns. Taxon. পৃ. 705–731
  5. ↑ Copeland EB. (1942). Edible Ferns. American Fern Journal. পৃ. 121–126
  6. ↑ Ethnobotanical Leaflets
  7. ↑ Tanaka, Yoshitaka; Van Ke, Nguyen. (2007). Edible Wild Plants of Vietnam: The Bountiful Garden. Thailand: Orchid Press. পৃ. 37. ISBN 978-9745240896
  8. ↑ Ethnobotanical Leaflets
  9. ↑ Gangwar Neeraj Kumar. (2004). Studies on pathological effects of linguda (Diplazium esculentum, Retz.) in laboratory rats and guinea pigs. Indian Journal of Veterinary Pathology
  10. ↑ N_ Kua'_ina: Living Hawaiian Culture by Davianna McGrego pages 110, 133
  11. ↑ Hawai_i's Ferns and Fern Allies by Daniel Dooley Palmer page 125
  12. ↑ CRC World Dictionary of Medicinal and Poisonous Plants: Common Names, Scientific Names, Eponyms, Synonyms, and Etymology (5 Volume Set) by Umberto Quattrocchi CRC Press, May 3, 2012 – Science – 3960 pages page 1439

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢেঁকীয়া” প্ৰবন্ধৰ সংশোধন ৬৩০৯৩৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।