

জলফাই (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Elaeocarpus serratus) হৈছে এলিঅ’কাৰপেচী (Elaeocarpaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি (জীৱবিদ্যা)। এই উদ্ভিদৰ ফুলৰ বৰণ বগা। উদ্ভিদৰ আকাৰ মধ্যমীয়াৰ পৰা ডাঙৰ। জলফাই সাধাৰণতে শ্ৰীলংকা আৰু দক্ষিণ ভাৰত, আৰু ভাৰত উপমহাদেশৰ উত্তৰ অংশৰ অসম, বাংলাদেশ আৰু অন্যান্য কিছুমান অঞ্চলত পোৱা যায়। ইয়াৰ ফল খোৱাৰ উপযোগী। ইয়াৰ উপৰি এই উদ্ভিদ সৌন্দৰ্যবৰ্ধন, ধৰ্মীয় আৰু থলুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
বিৱৰণ
জলফাই এবিধ বিস্তৃত মুকুটযুক্ত মধ্যমীয়াৰ পৰা ডাঙৰ চিৰসেউজ উদ্ভিদ আৰু ইয়াৰ উচ্চতা ১৫ৰ পৰা ৬০ মিটাৰ। ফুলৰ বেটুপাত ৪ৰ পৰা ৬ মিলিমিটাৰ দৈৰ্ঘ্যৰ শেঁতা সেউজীয়া বৰণৰ, ৪ৰ পৰা ৫ মিলিমিটাৰ দৈৰ্ঘ্যৰ বগা অথবা শেঁতা সেউজীয়া ৰঙৰ ৫টা পাহি থাকে। সামান্য ক'লা ৰঙৰ পৰাগধানীযুক্ত ১৮-৩০ ডাল পুংকেশৰ থাকে।১ ফুলবোৰ দিনটোৰ শেষৰ ফালে সম্পূৰ্ণকৈ ফুলি উঠে আৰু সেয়েহে সম্ভৱতঃ ৰাতিহে পৰাগন হয়। ইয়াৰ ফলবোৰ ২.৫ চে.মি. দীঘল, মসৃণ, ডিম্বাকৃতিৰ আৰু সেউজীয়া বৰণৰ।২ ইয়াৰ ফলৰ ভিতৰত এটা বাদামী বৰণৰ বীজ থাকে। বীজটোৰ বাহিৰৰ খোলাটো কঠিন। বীজবোৰৰ অংকুৰণ লেহেমীয়া আৰু ২ বছৰ পৰ্যন্ত সময় লাগিব পাৰে। কাঠৰ ৰং বগা-হালধীয়া।
বিস্তৃতি
জলফাইৰ এই প্ৰজাতিটো বিচ্ছিন্নভাবে বিস্তৃত, ই দক্ষিণ আৰু দক্ষিণ-পশ্চিম ভাৰত আৰু শ্ৰীলংকাৰ এটা অঞ্চলত আৰু অসম, উত্তৰ-পূব ভাৰতৰ পৰা বাংলাদেশলৈকে এটা অঞ্চলত স্থানীয়ভাবে পোৱা উদ্ভিদ।৩ জলফাই শ্ৰীলংকা, ভাৰত (তামিলনাডু, কৰ্ণাটক, কেৰালা, অসম, অৰুণাচল প্ৰদেশ)৪, আৰু বাংলাদেশৰ থলুৱা উদ্ভিদ। ইয়াক ৰিউনিয়ন আৰু মৰিচাছত নতুনকৈ ৰোপন/প্ৰাকৃতিক কৰি তোলা হৈছে।
জলফাইৰ ৱেইবেলি (weibelii) নামৰ প্ৰকাৰটো দক্ষিণ-পশ্চিম ভাৰতৰ কৰ্ণাটক আৰু কেৰালাত স্থানীয়ভাবে পোৱা যায়।৩
স্থানীয় নাম
- ভেৰালু (වෙරළු) (সিংহল)৫
- ভেৰালিক্কাই (তামিল)৫
- কাৰাক্কা, কাৰা (মালায়ালাম)৫
- বেলফই (ꠛꠦꠟꠚꠁ) (ছিলঠীয়া, বাংলাদেশ)৫
- জলপাই (বঙালী)৫
- অখি-ছিমিং (কাৰ্বি ভাষা, অসম)৬
- জলফাই (অসমীয়া)৫
- কৰফন (chorphon) (মেইতেই ভাষা, মণিপুৰ)৫
- ৰুদ্ৰাক্ষ (ভাৰত)৪
- বীড গছ (bead tree) (ভাৰত)৪
- চেইলন-অলিভ (Ceylon-olive) (ইংৰাজী)৭৫
ইতিহাস
আধুনিক জীৱবৈজ্ঞানীক নামকৰণৰ প্ৰতিষ্ঠাপক ছুইডেনৰ কাৰ্ল লিনিয়াছে (১৭০৭-৭৮) ১৭৫৩ চনত তেওঁৰ গ্ৰন্থ স্পীচিজ প্লেণ্টাৰামত (Species Plantarum) এই প্ৰজাতিটোৰ নাম উল্লেখ কৰিছিল। ২০০১ চনত ৱেইবেলি প্ৰকাৰটোৰ নামকৰণ কৰিছিল শ্ৰেণীবিভাজক ছু ঝমাৰ্জটিয়ে (Sue Zmarzty) (জন্ম ১৯৫৯), তেওঁ কিউ বুলেটিন (Kew Bulletin), ৫৬(২), ৪৩৭ পৃষ্ঠাত এই বিষয়ে প্ৰকাশ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Susanti, Ruliyana; Sripanomyom, Siriya. Proceedings of the Center for Tropical Forest Science – Arnold Arboretum International Field Biology Course 2006. Center for Tropical Forest Science – Arnold Arboretum Asia Program University of Peradeniya Forest Department Sri Lanka. পৃ. 89–91
- ↑ M.F. Macmillan. (1989). Handbook of Tropical Plants. পৃ. 560
- ↑ Elaeocarpus serratus L.. Plants of the World Online. Royal Botanic Gardens, Kew
- ↑ Baruah, Prantik Sharma; with five others. (2019). Habitat distributionmodelling and reinforcement of Elaeocarpus serratus L. - A threatened tree species of Assam, India for improvement of its conservation status. Acta Ecologica Sinica. পৃ. 42–49
- ↑ Department of Agriculture, Peradeniya, Sri Lanka, Task Force on Fruits & Fruit Development Board. (1997). Tropical Fruits of Sri Lanka. Ministry of Agriculture and Lands, Sri Lanka. পৃ. 29
- ↑ Kar, A.; Borkataki, S.; Borthakur, S. K. (2008). Wild edible fruits of the Karbi's of Karbi Anglong district of Assam, India. Pleione. পৃ. 175–181
- ↑ Mabberley, D. J. (1997). The plant-book: a portable dictionary of the vascular plants. cited at Taxon: Elaeocarpus serratus L.: GRIN-Global
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জলফাই” প্ৰবন্ধৰ সংশোধন ৫৪৪৪৫২ (২০ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।