অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

শিঙি মাছ

শিঙি মাছ( Heteropneustes fossilis) এবিধ কলা-ছানেকীয়া, গোঁফ থকা বাকলিবিহীন মাছ। এই মাছ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, শ্ৰীলংকা, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা যায়। ভাৰতৰ কেৰালা ৰাজ্যত ইয়াক "কাদু" বা "কাৰী" নামে জনাজাত। বাংলাদেশত ইয়াক "শিং মাছ" বোলে। শ্ৰীলংকাত ইয়াক সিংহলী ভাষাত "হুঙা" বোলে।

হালনাগাদ: ৫ জুন ২০২৫ ২৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শিঙি মাছ( Heteropneustes fossilis) এবিধ কলা-ছানেকীয়া, গোঁফ থকা বাকলিবিহীন মাছ। এই মাছ ভাৰত, বাংলাদেশ, পাকিস্তান, নেপাল, শ্ৰীলংকা, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা যায়। ভাৰতৰ কেৰালা ৰাজ্যত ইয়াক "কাদু" বা "কাৰী" নামে জনাজাত। বাংলাদেশত ইয়াক "শিং মাছ" বোলে। শ্ৰীলংকাত ইয়াক সিংহলী ভাষাত "হুঙা" বোলে।১ শিঙি মাছ অসমৰ অতি জনপ্ৰিয় মাছ। অসমৰ খাল-বিল, পুখুৰী আদিত এই মাছৰ বসতি দেখা যায়।

বৰ্ণনা

শিঙি মাছ
শিঙি মাছছবি: Salil Kumar Mukherjee · CC BY-SA 4.0

শিঙি মাছ সাধাৰণতে খাল, বিল, ডোঙা, নলা-নৰ্দমা, পুখুৰী আদিত পোৱা যায়। কেতিয়াবা ইহঁত বোকাৰে পূৰ্ণ নদী সমূহতো পোৱা যায়। ঘোলা, অস্পষ্ট,অন্ধকাৰ, মেটেকাৰে পূৰ্ণ পানীতো ইহঁত থাকিব পাৰে। ই প্ৰায় ৩০ ছেঃমিঃ লৈ হোৱা দেখা যায়। শিঙি মাছ মাংসভোজী আৰু চিকাৰী প্ৰকৃতিৰ। পোক-পৰুৱা, কেঁচু, শামুক, ভেকুলী বা আন সৰু মাছ ইয়াৰ খাদ্য। শিঙি মাছে বাৰিষা কালত প্ৰজনন কৰে আৰু পানীৰে পৰিপূৰ্ণ খাল বা পুখুৰীত কণী পাৰে। ঔষধি গুণ থকা বাবে এই মাছৰ যথেষ্ট চাহিদা আছে।

শিঙি মাছে মানুহ বা আন প্ৰাণীক বিন্ধিব পাৰে। ইয়াৰ ফিনত থকা কাঁইট আৰু বিষগ্ৰন্থীৰ বাবে জনাজাত। ই বিন্ধিলে মানুহৰ জ্বৰ পৰ্যন্ত হোৱা দেখা যায়।

ব্যৱহাৰ

শিঙি মাছ খাদ্য হিচাপে বহুল ভাৱে ব্যৱহাৰ হয়। অসমত শিঙি মাছৰ জোল, তৰকাৰী আৰু ভজা বেছ জনপ্ৰিয়। ইয়াৰ বহুতো ঔষধি গুণো আছে। ৰক্তহীনতা ৰোগীক শিঙি মাছ খাবলৈ দিয়া হয়। শক্তিকাৰক হিচাপে ৰুগীয়া ব্যক্তি, বৃদ্ধ আৰু উঠি অহা লৰা-ছোৱালীক শিঙি মাছ খাবলৈ দিয়া হয়। বজাৰত ইয়াৰ অত্যাধিক চাহিদা আৰু বৰ্ধিত মূল্যৰ বাবে বৰ্তমান বাণিজ্যিক ভাবে এই মাছৰ উৎপাদন কৰা হয়। বাগিচা পুখুৰীতো (aquarium) এই মাছ ব্যৱহাৰ কৰা হয়।

অসমৰ লোকজীৱনত শিঙি মাছৰ প্ৰভাৱ আছে। প্ৰচলিত জতুৱা ঠাঁচ, ফকৰা বা লোকগীত-বিহুগীতত শিঙি মাছৰ উল্লেখ পোৱা যায়। শিঙি মাছক লৈ কিছুমান লোকবিশ্বাসও জড়িত হৈ আছে। যেনে: ফল লগা লাওজাতীয় গছত শিঙি মাছৰ কাঁইট বিন্ধিলে বেছি ফল লাগে।

তথ্যসূত্ৰ

  1. ↑ List of Freshwater Fish of Sri Lanka

সম্পৰ্কিত শ্ৰেণী

মাছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিঙি মাছ” প্ৰবন্ধৰ সংশোধন ৫১৫০৬৭ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।