অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বকুল

বকুল (বৈজ্ঞানিক নাম:Mimusops elengi) হৈছে মিনাছপ্স্‌ (Minasops) প্ৰজাতিৰ ই ফুল। এছিয়া আৰু প্ৰশান্ত মহাসাগৰ তীৰবৰ্তী এলেকাৰ ভাৰত, বাংলাদেশ, শ্ৰীলঙ্কা, বাৰ্মা, ইন্দো-চীন, থাইলেণ্ড, আন্দামান দ্বীপপুঞ্জ এলেকা জুৰি এই গছ দেখা পোৱা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩৪৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

বকুল (বৈজ্ঞানিক নাম:Mimusops elengi) হৈছে মিনাছপ্স্‌ (Minasops) প্ৰজাতিৰ ই ফুল। এছিয়া আৰু প্ৰশান্ত মহাসাগৰ তীৰবৰ্তী এলেকাৰ ভাৰত, বাংলাদেশ, শ্ৰীলঙ্কা, ম্যানমাৰ, ইন্দো-চীন, থাইলেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ এলেকা জুৰি এই গছ দেখা পোৱা যায়। তবে, মালয়েছিয়া, ছলোমন দ্বীপপুঞ্জ, নিউ কেলিডোনিয়া (ফ্ৰান্স), ভানুয়াটু, আৰু উত্তৰ অস্ট্ৰেলিয়াত এই গছৰ খেতি কৰা হয়। ১

বাংলাত বকুল ফুলৰ বাবে পৰিচিত এই গছ। বকুলৰ অন্যান্য ব্যৱহাৰ বাংলাত তেনেকৈ নাই। ই অতি পৰিচিত ফুল। বাংলাদেশৰ প্ৰায় সকলো ঠাইতে ইয়াৰ গছ পোৱা যায়। বাগিচাত ছাঁ পোৱাৰ বাবে সাধাৰনতে বকুল গছ লগোৱা হয়।

ই মধ্যমীয়া আকাৰৰ গছ আৰু ইয়াৰ পাত বোৰ ঢউ খেলোৱা। ফুল বোৰো খুব সৰু হয়। ফুল বোৰ দেখিবলৈ সৰু সৰু তৰাৰ দৰে। বকুল ফুলৰ সুবাসত থাকে মিঠা গন্ধ। ফুল শুকাই গলেও ইয়াৰ সুবাস বহুদিন লৈকে থাকে।

বকুল ফুল, ফল, পকা ফল, পাত, গছৰ ছাল, কাণ্ড, কাঠ সকলো কিছু কামত লাগে। বিভিন্ন দেশত বিভিন্ন ভাবে ইয়াৰ ব্যৱহাৰ কৰা হয়।

নাম

বৈজ্ঞানিক নাম: Mimusops elengi পৰিয়ালৰ নাম: Sapotaceae

প্ৰচলিত নাম: Bullet-wood Tree, Indian Medaller

এলেকা ভিত্তিক নাম:২

  • বঙালী ভাষাত - বকুল, বহুল, বুকাল, বাকুল, বাকাল। বকুল নামেৰেই বেছি পৰিচিত।
  • ইংৰাজী ভাষা - স্পেনিছ চেৰী (Spanish cherry), মেল্ডাৰ (Medlar), আৰু বুলেট উড (Bullet wood)
  • সংস্কৃত ভাষাত - আনাঙ্গাকা (Anangaka), বকুল (Bakul), বকুলা (Bakula), বকুলাহ (Bakulah), ছিড়াপুস্প (Chirapushpa), কিৰাপুস্প (Cirapuspa), ধানভি (Dhanvi), দোহালা (Dohala), গুধাপুস্পকা (Gudhapushpaka), কণ্ঠা (Kantha),কাৰুকা (Karuka), কেশাৰা (Kesara), কেশাৰাপা (Kesarapa), মধুগন্ধা (Madhugandha), মধুপাঞ্জাৰা (Madhupanjara), মধুপুস্প (Madhupushpa), মাকুলা (Mukula)
  • হিন্দী ভাষা - বকুল, বলছাৰি, মোলছাৰি, মাউলছাৰাউ (Maulsarau), মাউলছেৰ (Maulser), মাউলছিৰি (Maulsiri), মুলসাৰি (Mulsari), তেণ্ডু (Tendu), মাউলছাৰি (Maulsari), মোলছিৰি (Molsiri), মোৰছালি (Morsali)
  • তামিল ভাষাত - মাগিজাম্বু (Magizhamboo), আলাগু (Alagu), ইলাঞ্চি (Ilanci), ইলাঞ্জি (Ilanji), কেশাৰাম (Kesaram), কোশাৰাম (Kosaram), মেগিল (Magil), মেগিলাম (Magilam), ভাগুলাম (Vagulam), মগাদাম (Mogadam), মেগিশ (Magish), মাকিলাম্পু (Makilampu), মাকিলাম ভিটটু (Makilam vittu), কেচাৰাম (Kecaram), মাকিলাম মাৰাম (Makilam maram), মাকুলাম্পু (Makulampu), ভাকুলাম্পু (Vakulampu), মেগিঝ (Magizh), মাগাদাম (Magadam), মেগিঝাম (Maghizham), মোগিদাম (Mogidam), ভাকুলাম (Vakulam), মাহিলা (Mahila), মাকিঝাম্পু (Makizampu)।
  • মনিপুৰী - বোকুল লৈ (Bokul lei)
  • মালয়েছিয়া - বিতিছ (Bitis), ইলেঙ্গি (Elengi), মেংকুলা (Mengkula), বাকুলাম (Bakulam), ইলাঙ্গি (Elangi), ইলান্নি(Elanni), এলেঙ্গি (Elengi), ইলান্নি (Ilanni), ইৰান্নি (Iranni), মাকুৰাম (Makuram), মুকুৰা (Mukura), এলানি (Elani), এলেঙ্গি (Elengii), এলেঞ্জি (Elenjee), ইয়াৰিনি (Erini), মাকিৰা (Makira), মাকুৰা (Makura)
  • ইন্দুনেছিয়া - তাঞ্জাং (Tanjung), কাৰিকিছ (karikis)
  • থাইলেণ্ড - কুন (Kun), কাইও (Kaeo)
  • ম্যানমাৰ - কায়া

তথ্যসূত্ৰ

  1. ↑ Mimusops Elengi L.
  2. ↑ Mimusops Elengi (Sapotaceae) - Bullet-wood Tree - Indian Medaller

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতফুলঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বকুল” প্ৰবন্ধৰ সংশোধন ৫৪০৫৭৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।