প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ডাইটিনেটছ উদ্যান
ডাইটিনেটছ উদ্যান ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এখন উদ্যান। ই কিয়েভান ৰুছ যুগৰ চহৰখনৰ দুৰ্গযুক্ত অঞ্চল ডাইটিনেটছৰ স্থানত অৱস্থিত। ই ডেছনা নদীৰ পাৰত থকা এটা টিলাত অৱস্থিত। উদ্যানখনত বহুতো গীৰ্জা আৰু এটা প্ৰতিৰক্ষা ব্যৱস্থা আছে। দৰ্শনস্থলীত সপ্তদশ শতিকাৰ ঢালাই লোহাৰে নিৰ্মিত ১২টা দুৰ্গৰ বৰটোপ আছে।
-
ডাউক
ডাউক (ইংৰাজী: "White-breasted waterhen" আৰু বৈজ্ঞানিক নাম: "Amaurornis Phoenicurus") চৰাই, দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ জলচৰ পক্ষী।
-
ডাঙৰ ক'লা শংখচূড় সাপ
ডাঙৰ ক'লা শংখচূড় সাপ (বৈজ্ঞানিক নাম:Bungarus niger) বা গ্ৰেটাৰ ব্লেক ক্ৰেইট ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত বাংগাৰাছ (Bungarus) প্ৰজাতিৰ এটা বিষধৰ ক্ৰেইট সাপ। এই প্ৰজাতিটো দক্ষিণ এছিয়াৰ স্থানীয়।
-
দীঘলতী
দীঘলতী বা দীঘলতি ল'ৰেচি পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া গছ।ই এবিধ বহুবৰ্ষজীৱী, গুল্মজাতীয় উদ্ভিদ। অসম আৰু ইয়াৰ ওচৰ-পাঁজৰৰ কিছু অঞ্চলত এই গছ পোৱা যায়। অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সময়ত গৰু ধুওৱাৰ বাবে এই গছৰ সৰু ডালেৰে কোবাই গৰু ধুওৱাটো এক পৰম্পৰা।
-
দেও ছাগলী
দেও ছাগলী (mainland serow, বৈজ্ঞানিক নাম-Capricornis milneedwardsii)এবিধ 'goat antelope' ৰ প্ৰজাতি৷ ইয়াক চীন আৰু দক্ষিণ-পূব এছিয়া ত স্থানীয় ভাৱে দেখিবলৈ পোৱা যায়৷
-
নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান
নাগৰহ'লে ৰাষ্ট্ৰীয় উদ্যান (Nagarhole National Park) কৰ্ণাটকৰ পশ্চিম প্ৰান্তৰ মহীশূৰ (মাইচৰ) আৰু কডাগু জিলাৰ সীমাত পাহাৰৰ নামনিত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। নাগৰহ'লে অৰ্থ হৈছে snake river, মানে যিখন নদী নাগৰহ'লেৰ মাজেদি বৈ গৈছে সেইখন সাপৰ নিচিনা একা-বেঁকা।
-
নীলগিৰি কাঠনি পাৰ
নীলগিৰি কাঠনি পাৰ (Nilgiri wood pigeon; বৈজ্ঞানিক নামঃ Columba elphinstonii) দক্ষিণ-পশ্চিম ভাৰতৰ পশ্চিম ঘাটৰ আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু পাহাৰীয়া ক্ৰান্তীয় বনভূমিত এবিধ বৃহৎ আকাৰৰ পাৰ চৰাই৷ ইহঁত প্ৰধানকৈ ফলভোজী আৰু ঘন পাহাৰীয়া অৰণ্যৰ ওখ ওখ গছৰ আচ্ছাদন থকা ঠাইত খাদ্য বিচাৰি ঘূৰি ফুৰে।
-
নীলগিৰি মাৰ্টেন
নীলগিৰি মাৰ্টেন (Nilgiri marten; বৈজ্ঞানিক নামঃ Martes gwatkinsii) হৈছে দক্ষিণ ভাৰতৰ স্থানীয় একমাত্ৰ মাৰ্টেন প্ৰজাতি। ই নীলগিৰিৰ পাহাৰ আৰু পশ্চিম ঘাটৰ কিছু অংশত বাস কৰে।
-
নুনী
নুনী (white mulberry, silkworm mulberry, বৈজ্ঞানিক নাম: Morus alba) সৰুৰ পৰা মজলীয়া আকাৰৰ এবিধ moraceae পৰিয়ালৰ উদ্ভিদ। ই প্ৰায় ১০–২০ মিটাৰ (৩৩–৬৬ ফুট) ওখ হ'ব পাৰে। তুলনামূলকভাৱে নুনী গছৰ আয়ুসকাল কম যদিও কোনো কোনো ক্ষেত্ৰত ই ২৫০ বছৰ পৰ্যন্ত জীয়াই থকাৰ উদাহৰণ পোৱা যায়।
-
নৰা বগৰী
নৰা বগৰী (plum, বৈজ্ঞানিক নাম: Prunus domestica) ৰোজাচিয়া পৰিয়ালৰ এবিধ পৰ্ণপাতী, সপুষ্পক উদ্ভিদ। একেই প্ৰুনাছ (Prunus) গণৰ আহোম বগৰী নামৰ এবিধ ফলো অসমত পোৱা যায়। গ্ৰীনগাগেছ (greengages) আৰু ডেমছনছ (damsons) নামৰ উদ্ভিদো নৰা বগৰীৰ উপপ্ৰজাতিৰ অন্তৰ্গত।
-
পানী দিহিং অভয়াৰণ্য
পানী দিহিং অভয়াৰণ্য (Pani Dihing Wildlife Sanctuary ) অসমৰ শিৱসাগৰ জিলাত বহ্মপুত্ৰ নদৰ দক্ষিণে অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই শিৱসাগৰ চহৰৰ পৰা ২২ কিলোমিটাৰ দুৰত্বত অৱস্থিত।
-
পানীডাউক
পানীডাউক (Common Moorhen, বৈজ্ঞানিক নাম-Gallinula chloropus) 'Rallidae' গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়।
-
প্ৰাকৃতিক ৰবৰ
প্ৰাকৃতিক ৰবৰ (Natural Rubber) গছ আৰু লতা, বা লেটেক্সৰ ৰসৰ পৰা তৈয়াৰ কৰা হয়। প্ৰাকৃতিক ৰবৰ হৈছে জৈৱিক যৌগ আইচ'প্ৰিনৰ এক পলিমাৰ যাক ৰবৰ গছৰ বগা, ডাঠ, আঠাযুক্ত তৰল নিঃসৰণ হিচাপে নিষ্কাশন কৰা হয়। বেছিভাগ প্ৰাকৃতিক ৰবৰ হেভিয়া ব্ৰাজিলিয়ানচিছৰ (Hevea braziliensis) বংশৰ গছৰ পৰা প্ৰাপ্ত কৰা হয়।
-
প্ৰাণীৰ চলন
প্ৰাণীৰ চলন, হ'ল বিভিন্ন কাৰণত প্ৰাণী সমূহৰ স্থান সলনি প্ৰক্ৰিয়া। চলনৰ কিছুমান প্ৰধান কাৰণ হৈছে খাদ্য, সংগী বা উপযুক্ত বাসস্থানৰ সন্ধান বা প্ৰাণৰক্ষা। পানীৰ সোঁত বা বতাহৰ প্ৰভাৱত পৰোক্ষভাৱে হোৱা স্থানান্তৰণক চলন বুলিব নোৱাৰি।
-
বগৰী
বগৰী হ'ল বাকথৰ্ন (buckthorn) পৰিয়ালৰ যিযিফাছ (Ziziphus) জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়।
-
বতা চৰাই
__NOTOC__ বটা চৰাই (Common Quail), বৈজ্ঞানিক নাম- Coturnix coturnix) Phasianidae পৰিয়ালৰ অন্তৰ্গত এটা সৰু আকাৰৰ চৰাই৷ ই বহুলভাৱে বিস্তৃত আৰু ইউৰোপৰ বিভিন্ন অংশত ইয়াক দেখিবলৈ পোৱা যায়৷
-
বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তন
বনাঞ্চল ধ্বংসই জলবায়ু পৰিৱৰ্তনত( Deforestation and climate change) প্ৰাথমিক অৰিহণা যোগায় আৰু জলবায়ু পৰিৱৰ্তনে বনাঞ্চলত প্ৰভাৱ পেলায়। ভূমিৰ ব্যৱহাৰেও এই পৰিৱৰ্তন, বিশেষকৈ বনাঞ্চল ধ্বংসত অৰিহণা যোগায়, দ্বিতীয় বৃহত্তম মানৱজনিত কাৰণ হ’ল জীৱাশ্ম ইন্ধন দহনৰ পিছত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড…
-
বাঁহ কপৌ
বাঁহ কপৌ বা অৰুণ্ডিনা গ্ৰেমিনিফ'লিয়া (Arundina graminifolia) হৈছে অৰ্কিডৰ এটা প্ৰজাতি আৰু অৰুণ্ডিনা জাতৰ অন্তৰ্গত। এছিয়াৰ এই গ্ৰীষ্মমণ্ডলীয় প্ৰজাতিটো ম্যানমাৰ, ভাৰত, শ্ৰীলংকা, নেপাল, থাইলেণ্ড, ভিয়েটনাম, ৰুকিউ দ্বীপপুঞ্জ, মালয়েছিয়া, ছিংগাপুৰ, চীনৰ পৰা ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু নিউগিনিলৈকে…
-
বিহুৱতী চৰাই
বিহুৱতী চৰাই (Common Iora, বৈজ্ঞানিক নাম-Aegithina tiphia) এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ই বিষুৱীয় অঞ্চলত, প্ৰধানকৈ এছিয়া মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে। i
-
বৰশৰালি
বৰশৰালি (Fulvous Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna bicolor) এবিধ হাঁহৰ প্ৰজাতি৷ ই দেখাত একেধৰণৰ শৰালিৰ প্ৰজাতিতকৈ আকাৰত কিছু ডাঙৰ হয়৷ তাৰোপৰি দুয়োটা প্ৰজাতিৰ মাজত কিছু গঠনগত পাৰ্থক্যও দেখা পোৱা যায়৷
-
বৰহমথুৰি
বৰহমথুৰি (সংস্কৃত-ৱৰ্হণ, পাত+ অসমীয়া- থুৰি, পাতৰ চুপহি) বা বৰ্হমথুৰি, দীঘল দীঘল পাতেৰে থুৰি মেলা এবিধ আওকাঠী গছ৷ ইয়াৰ পাত চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায়। বিহুৰ সময়ত নাচনীবোৰৰ মাজত ইয়াৰ বৰ আদৰ। এইবিধ গছৰ থুৰি পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে।
-
বৰাইল অভয়াৰণ্য
বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।
-
ভদৰকলি
ভদৰকলি (great tit, বৈজ্ঞানিক নাম-Parus major) ‘’Paridae’’ পৰিয়ালৰ অন্তৰ্ভুক্ত এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ ই ইউৰোপ, এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক সাধাৰণতে স্থানীয়ভাৱে দেখা পোৱা যায়৷ ভদৰকলিৰ আকাৰ সৰু৷ ইয়াৰ মূৰ আৰু ডিঙি অংশ ক’লা, মুখ বগা আৰু গাৰ তলৰ অংশ হালধীয়া হয়৷
-
ভলুকা বাঁহ
ভলুকা বাঁহ (বৈজ্ঞানিক নাম:Bambusa balcooa) এবিধ ডাঙৰ আকাৰৰ মজবুত বাঁহ। এই বাঁহ ভাৰত উপমহাদেশৰ থলুৱা বাঁহ যদিও বৰ্তমান অন্য দেশতো ঔদ্যোগিক ভাৱে এই বাঁহৰ খেতি কৰা হয়।
-
ভাত কেৰেলা
ভাত কেৰেলা হৈছে এবিধ একবৰ্ষী, আৰোহী লতা। ইয়াৰ বৈজ্ঞানিক নাম— Momordica dioica। ইংৰাজীত ইয়াক স্পাইনি গাৰ্ড (spiny gourd), স্পাইন গাৰ্ড (spine gourd), টিজল গাৰ্ড (teasle gourd) আৰু ব্ৰিষ্টলি বালছাম পিয়েৰ (bristly balsam pear) বুলি জনা যায়।
-
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আই.ইউ.চি. এনৰ দ্বিতীয় শ্ৰেণী (category II)ৰ সংৰক্ষিত বনাঞ্চল (protected area)। ভাৰতত পোণপ্ৰথমে স্থাপিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ১৯৩৬ চনত প্ৰতিষ্ঠা কৰা হেইলি ৰাষ্ট্ৰীয় উদ্যান (Hailey National Park), যাক বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়।
-
ভাৱাল ৰাষ্ট্ৰীয় উদ্যান
ভাৱাল ৰাষ্ট্ৰীয় উদ্যান (Bhawal National Park) হৈছে বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান।
-
ভেদাই লতা
ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু) এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে 'skunkvine', 'stinkvine', বা 'Chinese fever vine' বুলি জনা যায়।
-
ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যান
ভেলী অফ ফ্লাৱাৰ্ছ (Valley of Flowers National Park) সুউচ্চ পশ্চিম হিমালয়ত অৱস্থিত এক ভাৰতীয় ৰাষ্ট্ৰীয় উদ্যান। ইয়াক স্থানীয় পৰ্বতীয়া ফুলেৰে ভৰা বিস্তীৰ্ণ ঘাঁহনি আৰু তাত পোৱা বিভিন্ন উদ্ভিদৰ বাবে জনা যায়। এই উদ্যান উত্তৰাখণ্ডত অৱস্থিত।
-
মধুমালতী
মালতী বা মধুমালতী এবিধ লতাজাতীয় গছ। ই Combretaceae। পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। লতা অতি খীণ, বহু বছৰ হলে শকত হয়। পাতৰ সাজোন বিপৰীত-মুখী। পাত আয়তকাৰ, ডিম্বাকৃতি আৰু আগ সৰু; কাষত পাতল ঢউ খেলোৱা।