বৰ−মানিমুনি ) হৈছে এপিয়াচিয়া (apiaceae) পৰিয়ালৰ অন্তৰ্গত এবিধ বহুবৰ্ষজীৱি সপুষ্পক ওষধি উদ্ভিদ।১ ইয়াৰ সাধাৰণ নামসমূহ হৈছে ইণ্ডিয়ান পেনীৱৰ্ট (Indian pennywort), এছিয়েটিক পেনীৱৰ্ট (Asiatic pennywort) বা গটুকলা (gotukola) বা ঠানকুনি (Thankuni) ইত্যাদি। ই এছিয়াৰ সেমেকা অঞ্চলসমূহৰ থলুৱা উদ্ভিদ।২৩ ইয়াক পাত−শাক আৰু ঔষধি উদ্ভিদ হিচাপে ব্যৱহাৰ কৰা হয়।১
বিৱৰণ

প়থিৱীৰ বহুতো শীতোষ্ণ আৰু গ্ৰীষ্মপ্ৰধান জলাভূমি-সদৃশ অঞ্চলত বৰ-মানিমুনি গজে।১ সেউজীয়া মাটিত বগাই যোৱা অৰ্ধবায়ব চিলিণ্ডাৰসদৃশ কাণ্ডৰ দ্ভাৰা উদ্ভিদবোৰ এজোপাৰ সৈতে আনজোপা সংযুক্ত হৈ থাকে। শিপাৰ গাঁঠিটো ৰাইজমৰ দ্বাৰা আবৰি থাকে।
ফুলৰ বৰণ বগা বা ৰঙচুৱা, ঈকাৰত সৰু, মাটিৰ ওচৰতে থুপা পাতি ফুলে।১ প্ৰতিপাহ ফুল দুপাহ সেউজীয়া বেটুপাতেৰে আবৰি থাকে। প্ৰতিপাহ ফুলৰ পাঁচৰ পৰা ছয়পাহ পাহি থাকে। ফুলত পাঁচডালকৈ পুংকেশৰ আৰু দুডাল গৰ্ভকেশৰ থাকে। ইয়াৰ বীজ পৰিপক্ব হবলৈ তিনি মাহ লাগে। ই এবিধ আগ্ৰাসী উদ্ভিদ।১ বিভিন্ন অঞ্চলত ইয়াৰ বিভিন্ন সাথানীয় নাম আছে।১
বিস্তৃতি
বৰ−মানিমুনি হৈছে ভাৰত উপ−মহাদেশ, দক্ষিণ পূৱ এছিয়া, আৰু দক্ষিণ পূৱ যুক্তৰাষ্ট্ৰৰ সেমেকা অঞ্চলসমূহৰ থলুৱা উদ্ভিদ।৪৫ ই ভাৰত, বাংলাদেশ, শ্ৰীলংকা, উত্তৰ অষ্ট্ৰেলিয়া, ইণ্ডোনেছিয়া, ইৰান, মালয়েছিয়া, পাপুয়া নিউ গিনি, আৰু এছিয়াৰ অন্যান্য প্ৰান্তত এই উদ্ভিদ পোৱা যায়।৬৭ জলজ উদ্ভিদ হিচাপে ই পানীৰ জৈৱিক আৰু ৰাসায়নিক প্ৰদুষকৰ প্ৰতি বিশেষভাবে অনুভূতিশীল, সেইবোৰ হয়তো উদ্ভিদজোপাই শোষণো কৰি লয়। ঘৰুৱা বাগিছাৰ দৰে শুকান ঠাইত নিয়মীকৈ পানী যোগানৰ ব্যৱস্থা কৰি ইয়াৰ কৃষি কৰিব পাৰি। আয়ুৰ্বেদিক চিকিৎসা, প্ৰাচীন আফ্ৰিকীয় চিকিৎসা, চীনা চিকিৎসাৰ লগতে অনেক দেশৰ চিকিৎসাবিদ্যাত ভেষজ হিচাপে ইয়াক বহুলভাবে ব্যৱহাৰ কৰা হয়। আগেয়ে ইয়াৰ বৈজ্ঞানিক নাম আছিল Hydrocotyle asiatica L. আৰু Trisanthus cochinchinensis (Lour.)।
ৰসায়ন

বৰ−মানিমুনিত Asiaticoside, Brahmoside, Asiuyatic acid আৰু Brahmic acid (madecassic acid) আদিকে ধৰি pentacyclic Triterpenoids পোৱা যায়। ইয়াত থকা অন্য ৰসায়মসমূহ হৈছে Centellose, Centelloside, আৰু madecassoside.৮৯১০
ৰন্ধন-প্ৰকৰণ
ম্যানমাৰৰত পিয়াজ, বাদাম, বীণ পাউডাৰ, নেমুৰ ৰস আদিৰ সৈতে কেঁচা বৰ-মানিমুনিৰ চালাড প্ৰস্তুত কৰি খোৱা হয়। শ্ৰীলংকাত ইয়াক গটুকলা বুলি কোৱা হয়। তাত পাত-শাক হিচাহে ইয়াক খোৱা হয়। সিংহলি ভাষাত কলা মানে পাত। আধুনিক মিঠা "pennywort" নামৰ পানীয় আৰু হাৰবেল টি প্ৰস্তুতকৰণতো বৰ-মানিমুনি ব্যৱহাৰ কৰা হয়।
পৰম্পৰাগত চিকিৎসা
বহু ধৰণৰ বিসংগতি আৰু সামান্য ঘা আদিত বৰ−মানিমুনিক পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।১১১ উচ্চ−মানসম্পন্ন গৱেষণাৰ দ্বাৰা ইয়াৰ নৈদানিক দক্ষতা আৰু সুৰক্ষা নিশ্চিত কৰা হোৱা নাাাই।১১ অত্যধিক প্ৰয়োগৰ ফলত Contact dermatitis আৰু চালৰ খজুৱতী হব পাৰে।১১ ইয়াক সেৱন কৰাৰ পিছত শৰীৰত আলস্য ভাৱ আহিব পাৰে।১১ বহুদিন ধৰি ব্যৱহাৰ কৰিলে যকৃতৰ কাৰ্যত বিৰূপ প্ৰভাৱ পৰিব পাৰে।১১১২
তথ্যসূত্ৰ
- ↑ (22 November 2017). Centella asiatica (Asiatic pennywort). Invasive Species Compendium, CABI
- ↑ United States Department of Agriculture. Plant Profile for Centella asiatica
- ↑ Floridata. Centella asiatica
- ↑ Centella asiatica. Alabama Plant Atlas
- ↑ Centella asiatica. Atlas of Florida Vascular Plants
- ↑ United States Department of Agriculture. (15 July 2012). Plant Profile for Centella asiatica
- ↑ (2020-03-18). Centella asiatica. floridata.com
- ↑ Singh, Bhagirath; Rastogi, R.P. (May 1969). A reinvestigation of the triterpenes of Centella asiatica. Phytochemistry. পৃ. 917–921
- ↑ Singh, Bhagirath; Rastogi, R.P. (August 1968). Chemical examination of Centella asiatica linn—III. Phytochemistry. পৃ. 1385–1393
- ↑ Murray, edited by Joseph E. Pizzorno, Jr., Michael T. (2012). Textbook of natural medicine. Churchill Livingstone. পৃ. 650. ISBN 9781437723335
- ↑ (2009). Gotu kola. Drugs.com
- ↑ Jorge, O. A.; Jorge, A. D. (February 2005). Hepatotoxicity associated with the ingestion of Centella asiatica. Revista Española de Enfermedades Digestivas. পৃ. 115–24
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰ-মানিমুনি” প্ৰবন্ধৰ সংশোধন ৬৩২০৭০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।