ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন জাতি-জনজাতিৰ লোকে একেলগে বসবাস কৰা পৰিলক্ষিত হয়।তাৰ ভিতৰত অৰুণাচল প্ৰদেশত বসবাস কৰা নিচি বা ডফলাসকল অন্যতম। আগতে ভৈয়ামৰ লোকসকলে তেওঁলোকক ডফলা বুলিছিল যদিও বৰ্তমান তেওঁলোকে নিচি বুলিহে নিজৰ পৰিচয় দিয়ে। তেওঁলোকে বসবাস কৰা ঠাইসমূহ নদী আৰু পাহাৰেৰে ভৰা। তেওঁলোকৰ স্বকীয় সমাজ-সংস্কৃতি আছে। নিচিসকলে বসবাস কৰা ঠাইসমূহৰ জলবায়ু সুন্দৰ। শীতকালত বৰফ আৰু বসন্ত কালত হিমালয়ৰ বতৰে ইয়াক এখন মনোমোহা স্বৰ্গ যেন কৰি তোলে। ঝুম খেতিৰে ভৰা সৰু ডাঙৰ টিলাবোৰ। এই পাহাৰবোৰত নানান ধৰণৰ মূল্যবান গছ, বেত, বাঁহ প্ৰচুৰ পৰিমাণে আছে। তদুপৰি বনৰীয়া জন্তু আৰু নানা ধৰণৰ চিন-অচিনা চৰাইৰে ভৰা।
পৌৰাণিক উৎপত্তি
নিচিসকলৰ জন্মকাহিনী সম্পৰ্কে এটা নিৰ্দিষ্ট মত প্ৰদান কৰা টান। কিন্তু আবোটানি নামক এটা পাহাৰী জাতিৰপৰা জন্ম বুলি তেওঁলোকে কয়। তেওঁলোক ‘নিচাংচ' অৰ্থাৎ মানুহ নামেৰে জনাজাত। তেওলোক চিৰিং বা সোৱণশিৰি নৈখন পাৰ হৈ কামলাং, পেলীন, পেনীন নৈৰ পাৰে পাৰে থকা পাহাৰবোৰত বাস কৰিবলৈ লয়। বৰ্তমান অসমৰো দুই-এঠাইত তেওঁলোকে বসবাস কৰা পৰিলক্ষিত হয়।
সাজ-পাৰ, অস্ত্ৰ-শস্ত্ৰ
আন জনজাতীয় তিৰোতাৰ দৰে নিচি তিৰোতাসকলো ঘৰুৱা কাম-কাজত পাকৈত। তেওঁলোকে পিন্ধা কাপোৰ-কানিবোৰ তিৰোতাসকলে ঘৰতে তৈয়াৰ কৰি লয়। তেওঁলোকে কপাহ, বয়- পদু নামে এবিধ ঊল, খৈলাৰ নিচিনা আঁহ আদিৰ সূতাৰে বিভিন্ন ধৰণৰ পোছাক তৈয়াৰ কৰে। পিন্ধা কাপোৰবোৰত ক'লা আৰু ৰঙা সূতাৰে আঁক-বাঁক কৰা। কান্ধলৈকে থকা কাপোৰখন বাঁহৰ পিন বা লোহাৰ পিনেৰে বান্ধি থয়।
ডিঙিত বগা, ৰঙা, নীলা, সেউজীয়া, ধোঁৱা বৰণীয়াসকলো ৰঙৰ মণি পিন্ধে। তদুপৰি পিতলৰ এবিধ চেইন, গাহৰি বা হৰিণৰ হাড়, এডাল দীঘল লোহাৰ পিন (পাইপ চাফা কৰা), কঁকালত বাঁহৰ আঙঠি (তমা নামে এবিধ আঁহেৰে বোৱা), ডাঙৰ দা, ছুৰী আৰু এইবোৰ থবৰ বাবে বান্দৰৰ ছালৰ সৰঞ্জাম। আটাইতকৈ ধুনীয়া বস্তুটো হৈছে নানা বৰণীয়া ৰং দি বনোৱা বেতৰ তৈয়াৰী টুপীটো। ‘জচপাচ’ নামে এবিধ বিন ফিতা মাইকীসকলে কঁকালত বান্ধে। এটা দীঘল স্কাৰ্টৰ নিচিনা পোছাক পিন্ধে আৰু তাত সেউজীয়া পাৰি থাকে আৰু মাজে মাজে আঁক থাকে। ৰঙা বান্দৰৰ ছালেৰে তৈয়াৰী চিকাৰীৰ মোনা লয় আৰু মেথোন, গৰু আৰু পহুৰ ছালেৰেও মোনা তৈয়াৰ কৰে। মেথোনৰ দাঁতেৰে সজোৱা ‘চুখ’ নামে এবিধ মোনা আছে। পোছাকত নানান ধৰণৰ ৰং কৰাত নিচিসকল অতি পাৰ্গত।
মৃতকৰ সৎকাৰ
নিচিসকলৰ মাজত মৃত্যু সম্পৰ্কীয় কিছুমান লোকাচাৰ আৰু লোকবিশ্বাস প্ৰচলিত হৈ আছে। তেওঁলোকে মানুহ মৰিলে এড়ি বা পাটিৰ কাপোৰেৰে শটো মেৰিয়ায়। মাটিৰ ঘট, মদ, কনৰীয়া গছৰ পাত এইবিলাক মূৰৰ ওচৰত বান্ধে। এজন পুৰোহিতে মন্ত্ৰ গায় যাতে মৃতকৰ আত্মা 'নেলী নিকো' অৰ্থাৎ সিপুৰীলৈ যায়গৈ। এটা গাঁত খান্দে – তাতে পাটি পাৰি শটো ৰাখে। তাৰ পাছত কাঠ দিয়ে আৰু ওপৰত মাটি দি পুতি পেলায়। য'ত পোতা হয় সেই ঠাইতে বাঁহ বা কাঠেৰে এখন চাং সাজি গছৰ পাত বা বাকলি, জন্তুৰ শিং আৰু ডিঙিত বন্ধা ৰচীবোৰ ওলোমাই থয়। মৃত্যুৰ পাছত অৰুম্ অৰ্থাৎ আত্মা, যাতে দুনাই ঘৰলৈ নাহে সেইবাবে মেঙ্গা এবাদো উৎসৱ পাতে। আত্মাটো যাতে ভূত হৈ ঘৰত বিঘিনি নঘটায় সেইবাবে ৰাতিপুৱাই মানুহ গোট খাই, যুদ্ধৰ সৰঞ্জাম লৈ ঘৰৰ চুকে-কোণে যাঠী আৰু কাঁড় মাৰি চিঞৰ-বাখৰ কৰি পাছফালৰ দুৱাৰেদি খেদাবলৈ লয়। ঘৰৰ ওপৰৰ চালখনলৈও কাঁড় আৰু যাঠী মাৰে। মেঙ্গা এবাদো উৎসৱ এয়াই। পখিলাবোৰ নিচিসকলৰ মতে মানুহৰ আত্মা। নিচিসকলৰ ইলো উৎসৱ দুভাগে বিভক্ত। এভাগত দেৱতা ওয়োৰ বিভিন্ন নাম লৈ গীত গায় বাকী ভাগ খেতি বা চিকাৰ কৰাৰ পাছত হয়।
তথ্য সূত্ৰ
১/ অসমৰ জনজাতি-সম্পাদক প্ৰমোদচন্দ্ৰ ভট্টাচাৰ্য (প্ৰথম সংস্কৰণ-১৯৬২)নিচি জনগোষ্ঠী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডফলা” প্ৰবন্ধৰ সংশোধন ৫৬৯০৩৮ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।