অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভীমকল

ভীমকল এবিধ সুস্বাদু কল আৰু এটি অতি বহুলভাৱে ব্যৱহৃত বনৌষধি। অন্যান্য কলৰ প্ৰজাতিৰ পৰা পৃথক হোৱাৰ মুখ্য কাৰণ হৈছে ইয়াৰ মৌলিক আৰু আকাৰত ডাঙৰ বীজ বা গুটি। কিছুমানে ভীমকলক আঠীয়া কল বুলিও কয়। ইয়াক অকল খাদ্য হিচাপেই নহয় আন আন বহু কাৰণটো ইয়াক ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৬২ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভীমকল এবিধ সুস্বাদু কল আৰু এটি অতি বহুলভাৱে ব্যৱহৃত বনৌষধি। অন্যান্য কলৰ প্ৰজাতিৰ পৰা পৃথক হোৱাৰ মুখ্য কাৰণ হৈছে ইয়াৰ মৌলিক আৰু আকাৰত ডাঙৰ বীজ বা গুটি। কিছুমানে ভীমকলক আঠীয়া কল বুলিও কয়।১ ইয়াক অকল খাদ্য হিচাপেই নহয় আন আন বহু কাৰণটো ইয়াক ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ইয়াৰ বাকলিক খাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি।

বিৱৰণ

ই বেছিভাগ খেতি কৰা কলতকৈ অধিক ৰসাল, দীঘল আৰু শকত গা-গছৰ হোৱা দেখা যায়। কলপাতবোৰৰ আকাৰ দীঘল আৰু বহল। কলফুলবোৰ মেৰুণ ৰঙৰ। ভীমকলত সাধাৰণতে বীজৰ সংখ্যা অধিক। ফলৰ সোৱাদ মিঠা। ভীমকলৰ ডিল এবিধ আইৰণ যুক্ত পাচলি।

শ্ৰেণীবিভাজন

ইয়াক প্ৰথমবাৰৰ বাবে ১৮২০ চনত ইটালীৰ উদ্ভিদবিজ্ঞানী লুইজি এলয়ছিয়াছ ক'লাই বৈজ্ঞানিকভাৱে বৰ্ণনা কৰিছিল।২ এইবিধ কলৰে বিভিন্ন প্ৰকাৰ (varieties) উপলব্ধ।

বিতৰণ

এইবিধ প্ৰজাতিৰ কল পূব দক্ষিণ এছিয়া, ভাৰতীয় উপমহাদেশৰ পূব অঞ্চল, উত্তৰ দক্ষিণ-পূব এছিয়া আৰু দক্ষিণ চীনৰ স্থানীয় অঞ্চলত পোৱা যায়। প্ৰৱৰ্তিত গছৰসংখ্যাৰ ভিতৰত বন্যপ্ৰজাতি বিদ্যমান, যিবোৰ স্থানীয় পৰিসৰৰ পৰা যথেষ্ট বাহিৰৰ।৩

ব্যৱহাৰ

খাবৰ বাবে অনা এটা ভীমকলৰ ডিল।
খাবৰ বাবে অনা এটা ভীমকলৰ ডিল।ছবি: Nayan j Nath · CC BY-SA 4.0

ভীমকল সাধাৰণতে ফল হিচাপে খোৱা হয় যদিও ইয়াৰ বিভিন্ন অংশসমূহ বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয়। কলখাৰ বা কলাখাৰ, কলপচলা, কলডিল, কলৰ পাত, ডোং আদি হৈছে ইয়াৰ উদাহৰণ।

  • কলাখাৰ: কলাখাৰ হৈছে অসমীয়া খাদ্যাভ্যাসৰ এবিধ অবিচ্ছেদ্য উপকৰণ। কলগছৰ বিভিন্ন অংশৰ যেনে শুকান পাত আৰু ঠাৰি, কলডিলৰ বাকলি (পটুৱা), কলৰ মুঢ়া (মধুনা) আদি শুকুৱাই লৈ জ্বলাই ছাই কৰি কলখাৰ প্ৰস্তুত কৰা হয়। এই কলখাৰ খাদ্যৰ উপকৰণ হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও কাপোৰ ধোৱা,মুৰ –চুলি ধোৱা আদি কামতো ব্যৱহাৰ কৰা হয়।৪
  • কলপচলা: কলপচলা অসমীয়া খাদ্যাভ্যাসৰ এবিধ পাচলি।৪ ভীমকল গছৰ সৰু পুলি ব্যঞ্জন হিচাপে ৰান্ধি খোৱা হয়, ইয়াকে কলপচলা বোলে।
  • কলগছ: কল গছৰ অপ্ৰকৃত কাণ্ড কাটি বিয়া সবাহত ৰভাৰ খুটাঁ হিচাপে ব্যৱহাৰ কৰা হয়। বাৰিষা কালত গৰু-ম’হৰ ঘাঁহৰ নাটনিৰ সময়ত কলগছ সৰু সৰুকৈ কাটি সিজাই গৰু-ম’হক দানা হিচাপে খাবলৈ দিয়া হয়।৪
  • কলপুলি: অসমৰ বিভিন্ন মাংগলিক কাম-কাজত ভীমকলৰ পুলি ব্যৱহাৰ কৰা হয়।৪ পদূলি মুখত দুয়োফালে দুটা কলপুলি পুতি বিয়া-সবাহত অতিথিক আদৰণি জনোৱাটো অসমীয়া সমাজৰ নিয়ম।৪ তদুপৰি বিহু,পূজা-পাৰ্বণ,দহা-কাজ আদি অনুষ্ঠানতো কলপুলি ব্যৱহাৰ কৰা হয়।৪
  • কলপটুৱা আৰু পাত: বিয়া, সবাহৰ দৰে অসমৰ বিভিন্ন মাংগলিক অনুষ্ঠানত ভীম কলৰ পটুৱাৰ পৰা প্ৰস্তুত কৰা ‘ডোং’ আৰু পাত ব্যৱহাৰ কৰা হয়।৪ ভীম কলৰ পাতত প্ৰসাদ আদি বিতৰণ কৰাৰ লগতে ৰভাঘৰৰ ওপৰত কলপাত দি ছাঁৰ ব্যৱস্থা কৰা হয়। পাতত দিয়া খাদ্য প্ৰস্তুত কৰিবৰ বাবে ভীমকলৰ পাত বহুলভাৱে ব্যৱহৃত হয়।
  • কলডিল: ভীমকলৰ ফুল বা কলডিল এবিধ পুষ্টিকৰ খাদ্য।৪ অসমত বহুলভাবে এই খাদ্য ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়।

তথ্যসূত্ৰ

  1. ↑ ভীমকল খাওক আৰু পাওক অনেক লাভালাভ! ভীমকলৰ আছে বহু আশ্চৰ্যকৰ গুণ. প্ৰাগ নিউজ
  2. ↑ Musa paradisiaca. users.globalnet.co.uk
  3. ↑ Perrier, Xavier; Langhe, Edmond De; Donohue, Mark. (2011-07-12). Multidisciplinary perspectives on banana (Musa spp.) domestication. Proceedings of the National Academy of Sciences. পৃ. 11311–11318
  4. ↑ ভীমকলৰ গুণ. বিকাশপেডিয়া

সম্পৰ্কিত শ্ৰেণী

তৃণফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভীমকল” প্ৰবন্ধৰ সংশোধন ৬২৪১২১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।