হাগা গেন্দেৰা(Large Indian Civet, বৈজ্ঞানিক নামঃ Viverra zibetha) দক্ষিণ আৰু দক্ষিণ পূৱ এছিয়াত পোৱা এবিধ জন্তু। ইয়াক আই ইউ চি এনৰ ৰঙা তালিকাত কম উদ্বেগজনক হিচাপে তালিকাভুক্ত কৰা হৈছে। মাংসৰ চাহিদাৰ বাবে ইয়াক চিকাৰ কৰাৰ ফলত আৰু ফান্দত পেলোৱাৰ বাবে বিশ্বত ইয়াৰ সংখ্যা হ্ৰাস পাইছে বুলি ভবা হৈছে।১
বৈশিষ্ট্য
হাগা গেন্দেৰা ছাইৰঙী বা হালধীয়া-মুগা বৰণৰ আৰু কান্ধৰ পিছফালৰ পৰা ঠেংৰ তললৈকে ক’লা ৰেখা থাকে। মুখবন্ধনীত বগা ৰঙৰ দাগ এটা থাকে যাৰ প্ৰতিটো ফালৰ পিছত ক’লা ৰঙৰ গুৰুতৰ দাগ থাকে। ইহঁতৰ থুঁতৰি আৰু আগৰ ডিঙি ক'লা ৰঙৰ। ডিঙিৰ কাষ আৰু তলৰ পৃষ্ঠভাগ আৰু মাজত বগা ঠাইখিনি ক’লা ৰেখাৰে বেণ্ডযুক্ত। ঠেংত পৰিৱৰ্তনশীল বহু সংখ্যক সম্পূৰ্ণ ক’লা আৰু বগা আঙুঠি থাকে। ইয়াৰ নখবোৰ পিছলৈ ঘূৰাই আনিব পৰাবিধৰ। ভৰিৰ তলুৱা নোমাল।২
ইয়াৰ সাধাৰণ নামটোৱে ইংগিত দিয়াৰ দৰে এইটো এটা তুলনামূলকভাৱে ডাঙৰ হাগা গেন্দেৰা, প্ৰায় নিশ্চিতভাৱে ভিভেৰা প্ৰজাতিৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু ভিভেৰিডে পৰিয়ালৰ মাজত ইয়াৰ আকাৰ কেৱল আফ্ৰিকান চিভেট আৰু বিনটুৰংহে অতিক্ৰম কৰে। ইয়াৰ মূৰ আৰু শৰীৰৰ দৈৰ্ঘ্য ৫০–৯৫ চে.মি.(২০–৩৭ ইঞ্চি)ৰ ভিতৰত আৰু ঠেং ৩৮–৫৯ চে.মি. (১৫–২৩ ইঞ্চি) পৰ্যন্ত দীঘল হয়। পিছফালৰ ভৰিৰ জোখ ৯–১৪.৫ চে.মি.(৩.৫–৫.৭ ইঞ্চি)। ইয়াৰ ওজন ৩.৪–৯.২ কিলোগ্ৰাম (৭.৫–২০.৩ পাউণ্ড)ৰ ভিতৰত। কিছুমান সূত্ৰই দাবী কৰিছে যে এই প্ৰজাতিটোৰ ওজন ১১ কিলোগ্ৰাম (২৪ পাউণ্ড) পৰ্যন্ত হ’ব পাৰে (সম্ভৱতঃ বন্দী অৱস্থাত পোৱা যায়)।৩৪৫
বিতৰণ আৰু বাসস্থান
ভাৰতীয় হাগা গেন্দেৰা নেপাল, উত্তৰ-পূব ভাৰত, ভূটান, বাংলাদেশৰ পৰা ম্যানমাৰ, থাইলেণ্ড, মালয় উপদ্বীপ আৰু ছিংগাপুৰৰ পৰা কম্বোডিয়া, লাওছ, ভিয়েটনাম আৰু চীনলৈকে বিস্তৃত।১ নেপালত ভাৰতীয় হাগা গেন্দেৰা হিমালয়j ২,২৫০ মিটাৰ (৭,৩৮০ ফুট) উচ্চতাত নথীৰ্ভুক্ত কৰা হৈছিল।৬
চীনত বনাঞ্চল ধ্বংসৰ পিছতে পশমৰ ব্যৱসায়ৰ বাবে চিকাৰ কৰা, ইয়াৰ কস্তুৰী গ্ৰন্থিসমূহ ঔষধ হিচাপে ব্যৱহাৰ কৰা আৰু সুগন্ধি উদ্যোগৰ বাবে ব্যৱহাৰ কৰাৰ ফলত ১৯৫০ চনৰ পৰা বন্য ভাৰতীয় হাগা গেন্দেৰাৰ সংখ্যা ৯৪–৯৯% ভয়ংকৰভাৱে হ্ৰাস পায়।৩ ১৯৯০ চনৰ ভিতৰত ই বহুলাংশে দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশৰ উত্তৰ অংশত আৱদ্ধ হৈ আছিল যদিও ১৯৯৮ চনৰ পৰা ২০০৮ চনৰ ভিতৰত কৰা জৰীপৰ সময়ত হাইনান দ্বীপত ইয়াক লিপিৱদ্ধ কৰা হোৱা নাই।৭
পৰিস্থিতিতন্ত্ৰ আৰু আচৰণ

ভাৰতীয় হাগা গেন্দেৰা এককভাৱে থাকে আৰু ই নিশাচৰ। ই বেছিভাগ সময় মাটিত কটায়। ই এক সুবিধাবাদী চিকাৰী যিয়ে বিভিন্ন ধৰণৰ সৰু জীৱ-জন্তুৰ চিকাৰ কৰে।১
থাইলেণ্ডত ৰেডিঅ’ ট্ৰেক কৰা ভাৰতীয় হাগা গেন্দেৰাৰ বিচৰণ ক্ষেত্ৰ আছিল ২.৭ৰ পৰা ৮.৮ কিলোমিটাৰ বৰ্গফুট (১.০ৰ পৰা ৩.৪ বৰ্গমাইল)।৮
সংৰক্ষণ
ভিভেৰা জিবেথা হংকঙত বন্যপ্ৰাণী সুৰক্ষা অধ্যাদেশ কেপ ১৭০ৰ অধীনত এটা সংৰক্ষিত প্ৰজাতি যদিও ১৯৭০ চনৰ পৰা হংকঙত ইয়াক প্ৰাকৃতিক অৱস্থাত লিপিৱদ্ধ কৰা হোৱা নাই আৰু ইয়াক নিঃশেষ হোৱা বুলি গণ্য কৰা হৈছে।৯
বৰ্গীকৰণ

১৭৫৮ চনত কাৰ্ল লিনিয়াছে প্ৰৱৰ্তন কৰা ভাৰতীয় হাগা গেন্দেৰাৰ বৈজ্ঞানিক নাম আছিল ভিভেৰা জিবেথা।১০ কেইবাজনো প্ৰকৃতিবিদে ঊনৈশ আৰু কুৰি শতিকাত প্ৰজাতি আৰু উপপ্ৰজাতিৰ প্ৰস্তাৱ আগবঢ়াইছিল, ইয়াৰে ২০০৫ চনৰ ভিতৰত তলত দিয়া কেইটাক বৈধ উপপ্ৰজাতি হিচাপে স্বীকৃতি দিয়া হৈছিল১১:-
- ভিভেৰা এষ্টোনি হৈছে ১৮৬৪ চনত ৰবাৰ্ট ছুইনহোৱে চীনৰ ফুজিয়ান প্ৰদেশৰ উজনি মিন নদীৰ ওচৰত গুলীয়াই হত্যা কৰা হাগা গেন্দেৰাৰিৰ ছালৰ আধাৰত কৰা বৰ্ণনা; ১৩ চীনত দেখা যায়।১২
- ভি. জেদ. পিক্তা হৈছে ১৯১৫ চনত ৰবাৰ্ট চাৰ্লছ ৰ'টনে ম্যানমাৰৰ উজনি চিণ্ডউইন নদীৰ পাৰৰ হকামটিৰ ওচৰৰ পৰা পোৱা দুটা হাগা গেন্দেৰাৰ ছালৰ ওপৰত আধাৰিত বৰ্ণনা; ১৪ অসম আৰু উত্তৰ ম্যানমাৰৰ পৰা ইণ্ডোচাইনালৈকে পোৱা যায়।২১২
- ভি. জেদ. প্ৰুইনোছা হৈছে ১৯১৫ চনত ৰ'টনে বৰ্ণনা কৰা ম্যানমাৰৰ তানিন্থাৰী অঞ্চলৰ পৰা অহা এটা প্ৰাপ্তবয়স্ক মতা ভাৰতীয় হাগা গেন্দেৰাৰ ছাল;; ১৪ দক্ষিণ ম্যানমাৰৰ পৰা উপদ্বীপ মালয়েছিয়ালৈকে দেখা যায়।১২
- ভি. জেদ. হাইনানা হৈছে ১৯৮৩ চনত হাইনান দ্বীপৰ পৰা পোৱা হাগা গেন্দেৰাৰ ইং-ছিয়াং ৱাং আৰু জুৱে কৰা বৰ্ণনা। ৩
তথ্যসূত্ৰ
- ↑ Timmins, R.J.; Duckworth, J.W.; Chutipong, W. (2016). Viverra zibetha. পৃ. e.T41709A45220429
- ↑ Pocock, R. I. (1939). The Fauna of British India, including Ceylon and Burma. Mammalia. – Volume 1. Taylor and Francis. পৃ. 346−354
- ↑ Wozencraft, W.C. (2008). A Guide to the Mammals of China. Princeton University Press. পৃ. 404−414. ISBN 9781400834112
- ↑ Menon, V. (2014). Indian mammals: a Field Guide. Hachette India
- ↑ Hahn, A. (2019). Zoo and Wild Mammal Formulary. John Wiley & Sons
- ↑ Appel, A.; Werhahn, G.; Acharya, R. (2013). Small carnivores in the Annapurna Conservation Area, Nepal. Vertebrate Zoology. পৃ. 111–121
- ↑ Lau, M. W. N.; Fellowes, J. R.; Chan, B. P. L. (2010). Carnivores (Mammalia: Carnivora) in South China: a status review with notes on the commercial trade. Mammal Review. পৃ. 247–292
- ↑ Simcharoen, S. (1999). Home range size, habitat utilization and daily activities of Large Indian Civet (Viverra zibetha). Research and progress report year 1999, Wildlife Research Division, Department of National Parks, Wildlife and Plant Conservation, Bangkok
- ↑ Shek, C. T. (2006). A Field Guide to the Terrestrial Mammals of Hong Kong. Friends of the Country Parks / Cosmos Books, Hong Kong. 403 pp. . Page 281
- ↑ Linnæus, C. (1758). Systema naturæ per regna tria naturæ, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Laurentius Salvius. পৃ. 44
- ↑ Wilson, D. E.; Reeder, D. M. (eds.). (2005 (3rd ed.)). Viverra zibetha, In Mammal Species of the World: A Taxonomic and Geographic Reference. Johns Hopkins University Press. পৃ. 532–628. ISBN 978-0-8018-8221-0
- ↑ Ellerman, J. R.; Morrison-Scott, T. C. S. (1966). Checklist of Palaearctic and Indian mammals 1758 to 1946. British Museum of Natural History. পৃ. 281
- ↑ Swinhoe, R. (1864). Viverra ashtoni, n. sp.. Proceedings of the Zoological Society of London. পৃ. 379−380
- ↑ Wroughton, R. C. (1915). The Burmese Civets. Journal of the Bombay Natural History Society. পৃ. 63−65
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাগা গেন্দেৰা” প্ৰবন্ধৰ সংশোধন ৪৫৭৫২৫ (২৪ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।