পালেং শাক (Spinacia oleracea) এমাৰান্থেচি পৰিয়ালভুক্ত এক প্ৰকাৰৰ সপুষ্পক উদ্ভিদ আৰু জনপ্ৰিয় শাক। ইয়াৰ আদিবাস মধ্য আৰু দক্ষিণ-পশ্চিম এছিয়া। পালেং এবিধ একবৰ্ষজীৱী উদ্ভিদ। পালেং গছ ৩০ চেঃমিঃ পৰ্যন্ত ওখ হয়। অসমত শীতকালত ইয়াৰ খেতি কৰা হয়। ইয়াৰ পাত একান্তৰ, সৰল, ডিম্বাকাৰ বা ত্ৰিভূজাকাৰ। পাতবোৰৰ আকাৰ ২-৩০ চেঃমিঃ দীঘল আৰু ১-১৫ চেঃমিঃ বহল হব পাৰে। গছৰ গুৰিৰ দিশৰ পাতবোৰ ডাঙৰ আৰু ওপৰৰ দিশৰৰ পাতবোৰ সৰু হয়। ফুলবোৰ হালধীয়া আভাযুক্ত বগা, ৩-৪ মিঃমিঃ ব্যাসবিশিষ্ট হয়। ইয়াৰ ফল সৰু, কঠিন, দানাকৃতিৰ আৰু গুচ্ছকাৰ। ফলৰ আকাৰ প্ৰায় ৫-১০ মিঃমিঃ; যত বহি বীজ থাকে। গা-গছ লেহুকা আৰু পাতত পানীৰ পৰিমাণ বেছি। গোটেই গছজোপা উজ্জ্বল সেউজীয়া।
চীন দেশত পালেং শাকৰ বৰ্ণনাৰ প্ৰাচীনতম নিদৰ্শন পোৱা গৈছে। তাত কোৱা হৈছে যে, এই শাক নেপালৰ পৰা চীন দেশত অনা হৈছিল (সম্ভবতঃ ৬৪৭ খৃঃ)।১
পুষ্টি উপাদান
পালেং শাক অত্যন্ত পুষ্টিকৰ। ই শীতকালত পোৱা আটাইতকৈ পুষ্টিকৰ শাক। পালেং শাকত শৰ্কৰা, প্ৰটিন আৰু স্নেহ পদাৰ্থৰ ওপৰি প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ লৱণ পোৱা যায়। প্ৰতি ১০০ গ্ৰাম কেচা পালেংত ভিটামিন এৰ সমতুল্য বিটা কেৰে'টিন ৪৬৯ μg আৰু লুটিন জিজেন্থিন ৫৬২৬ μg, ভিটামিন এ 9400 IU, ভিটামিন বিৰ সমতুল্য থায়েমিন ০.০৭৮ mg, ৰাইব'ফ্লাভিন ০.১৮৯ mg, নিয়াচিন ০.৭২৪ mg,ফ'লেট 194 μg আৰু ভিটামিন বি ০.১৯৫ mg, ভিটামিন চি ২৮ mg, ভিটামিন ই ২ mg ভিটামিন কে ৪৮৩ μg পোৱা যায়। সেইদৰে কেলচিয়াম ৯৯ mg, লো ২.৭১ mg, মেগনেছিয়াম ৭৯ mg, মেংগানিজ ০.৮৭৯ mg, ফচফৰাচ ৪৯ mg, পটাছিয়াম ৫৫৮ mg, চডিয়াম ৭৯ mg আৰু যিংক ০.৫৯ mg পোৱা যায়। লোৰ এক প্ৰধান উৎস হৈছে পালেং। সেয়ে ৰক্তহীনতাত ভোগা ৰুগীক পালেং শাক খাবলৈ দিয়া হয়। এইবোৰৰ ওপৰিও ইয়াত আছে প্ৰচুৰ এন্টিঅক্সিডেন্ট। সতেজ আৰু অল্পসিদ্ধ কৰি খালে বেছি এন্টিঅক্সিডেন্ট লাভ কৰা যায়।
ভিটামিন-বি৯ ১৯৪১ চনত পোনপ্ৰথমে পালেং শাকত আৱিষ্কৃত হৈছিল ২

ব্যৱহাৰ
পালেং এবিধ সুস্বাদু তথা পুষ্টিকৰ শাক। সাধাৰণতে শীতকালত ইয়াৰ শাক ভাজি অথবা জুল কৰি খোৱা হয়। পালেং শাকৰ জুল বা চুপ বেছ জনপ্ৰিয়। অসমত ঘাইকৈ মাছ আৰু টেঙাৰে পালেং শাক খোৱা হয়। ৰৌ মাছ আৰু পালেং শাক অসমৰ অন্যতম জনপ্ৰিয় ব্যঞ্জন। সেইদৰে উত্তৰ ভাৰতীয় পালেং-পনীৰ(पालक पनिर) পৃথিৱী বিখ্যাত।

তথ্যসূত্ৰ
- ↑ Victor R. Boswell, "Garden Peas and Spinach from the Middle East". Reprint of "Our Vegetable Travelers" National Geographic Magazine, Vol 96:2 (Aug 1949). (WWW: Aggie Horticulture. Accessed 03/07/2010). আৰ্কাইভ কপি
- ↑ Gideon Koren. (2007). Medication safety in pregnancy and breastfeeding. McGraw-Hill Professional. পৃ. 279–. ISBN 978-0-07-144828-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পালেং শাক” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৫৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।