অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

দহিকতৰা

দহিকতৰা চৰাইৰ ইংৰাজী নাম Magpie Robin আৰু বৈজ্ঞানিক নাম: Copsychus saularis। এই চৰাইবিধ সাধাৰণতে নাতিশীতোষ্ণ দক্ষিণ এছিয়াৰ বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইন্দোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২৭৫ শব্দ · ২ মিনিট সংগৃহীত ৬৫
সংশোধনৰ পৰামৰ্শ

দহিকতৰা চৰাইৰ ইংৰাজী নাম Magpie Robin আৰু বৈজ্ঞানিক নাম: Copsychus saularis। এই চৰাইবিধ সাধাৰণতে নাতিশীতোষ্ণ দক্ষিণ এছিয়াৰ বাংলাদেশ, ভাৰত, পাকিস্তান, শ্ৰীলংকা, ইণ্ডোনেছিয়া, মালয়েছিয়া, চীনৰ দক্ষিণাঞ্চল আৰু ফিলিপাইনত দেখিবলৈ পোৱা যায়।১ সচৰাচৰ গাঁও বা নগৰৰ জনবসতিৰ ওচৰে পাজৰেই ইহঁতক দেখা যায়৷ ই বাংলাদেশৰ ৰাষ্ট্ৰীয় চৰাই৷

বিৱৰণ

এই সৰু চৰাইবিধৰ দৈঘ্য ১৯ চেণ্টিমিটাৰ(৭.৫ ইঞ্চি)৷ চঞ্চলভাৱে গছৰ ডাল, মাটিত জপিয়াই আহাৰ বিচাৰি ঘূৰি ফুৰা দেখা যায়৷ পাখিৰ পিছফালৰ ফানখন প্ৰায়ে ওপৰফালে দাং খাই থাকে৷ মূৰ, বুকু, পিঠি আদি নিমজ কলা চানেকীয়া আৰু বুকুৰ তলভাগৰ পৰা তলটলৈকে বগা৷ নেজডালৰ মধ্য অংশ দীঘলীয়াকৈ ক’লা, কাষ বগা৷ ঠোঁট ক’লা আৰু ঠেঙৰ ওপৰভাগ তাম বৰণীয়া। মতা চৰাইটোৰ কলা অংশ উজ্বল, মাইকী চৰাইজনীৰ অলপ ধূসৰ৷ পোৱালি অৱস্থাত এই অংশটোৰ ৰং মুগা বৰণৰ হয়৷

পোৱালি দহিকতৰা
পোৱালি দহিকতৰাছবি: Hassanfahim · CC BY-SA 3.0

প্ৰজনন আৰু বাসস্থান

দক্ষিণ এছিয়াত দহিকতৰাৰ প্ৰজননকাল মাৰ্চ মাহৰ পৰা জুলাই মাহলৈ; আৰু দক্ষিণ-পূৱ এছিয়াত জানুৱাৰীৰ পৰা জুলাইলৈকে। প্ৰজননৰ সময়ত মতা দহিকতৰাৰ শৰীৰৰ ৰং উজ্বল হয়। গছৰ ডালত বহি মাইকী দহিকতৰা চৰাইজনীক আকৃষ্ট কৰাৰ বাবে পাখি ফুলাই ঠোঁট ওপৰলৈ কৰি নানাধৰণৰ সুৰৰ মাত মাতে৷২ কণী পৰাৰ এসপ্তাহমানৰ আগে আগে গছৰ ধোন্দ, গছৰ খোৰোং, শিলৰ ফাক, আদিত ঘাঁহ, বন, আঁহ আদিৰে বাঁহ সাজে। বাঁহটোৰ এক বিশেষধৰণৰ গোন্ধ আছে৷৩ ইহঁতে মানুহে সাজি দিয়া কৃত্ৰিম বাঁহতো কণী পাৰি পোৱালি উলিওৱা দেখা যায়৷৪৫ এবাৰত সাধাৰণতে ৪/৫ টা কণী পাৰে৷ কণীৰ ৰং ধূসৰ নীলা, তাৰ ওপৰত বাদামী ৰঙৰ সাঁচ থাকে৷ প্ৰায় ১৪ দিনত কণীৰপৰা পোৱালি ওলায়৷ পোৱালি ওলাবৰ সময়ত মতা দহিকতৰাটো অলপ আক্ৰমণাত্মক হৈ পৰে আৰু অন্য চৰাবোৰক আশেপাশে আহিব নোৱাৰাকৈ পহৰা দি থাকে৷৬

খাদ্য

দহিকতৰাৰৰ প্ৰধান খাদ্য পোক-পৰুৱা আৰু অন্যান্য অমেৰুদণ্ডী জাতীয় প্ৰাণী আদি। ইহঁতে বতাহতে কীট-পতংগ ধৰিব পাৰে৷ এই চৰাইবিধে কেকোঁসাপো (gecko) ধৰি খায়৷৭৮ সন্ধিয়াৰ সময়ত ইহঁত বেচ সক্ৰিয় হৈ উঠে৷

মাত

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ali, S & S D Ripley (1997). Handbook of the birds of India and Pakistan. 8 (2 ed.). Oxford University Press. pp. 243–247. ISBN 0-19-562063-1
  2. ↑ Ali, S & S D Ripley (1997). Handbook of the birds of India and Pakistan. 8 (2 ed.). Oxford University Press. pp. 243–247. ISBN 0-19-562063-1
  3. ↑ Siddique, Yasir Hasan (2008). "Breeding Behavior of Copsychus saularis in Indian-Sub-Continent: A Personal Experience". International Journal of Zoological Research 4 (2): 135–137. DOI:10.3923/ijzr.2008.135.137
  4. ↑ Pillai,NG (1956). "Incubation period and 'mortality rate' in a brood of the Magpie-Robin [Copsychus saularis (Linn.)]". J. Bombay Nat. Hist. Soc. 54 (1): 182–183
  5. ↑ Hume, AO (1890). The nests and eggs of Indian birds. 2 (2 ed.). R H Porter, London. pp. 80–85
  6. ↑ Narayanan E. (1984). "Behavioural response of a male Magpie-Robin (Copsychus saularis Sclater) to its own song". J. Bombay Nat. Hist. Soc. 81 (1): 199–200
  7. ↑ Sumithran,Stephen (1982). "Magpie-Robin feeding on geckos". J. Bombay Nat. Hist. Soc. 79 (3): 67
  8. ↑ Saxena, Rajiv (1998). "Geckos as food of Magpie Robin". J. Bombay Nat. Hist. Soc. 95 (2): 347

সম্পৰ্কিত শ্ৰেণী

শালিকাঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দহিকতৰা” প্ৰবন্ধৰ সংশোধন ৫৪০৬৭৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।