ব্ৰাহ্মী হৈছে পূৱ ভাৰত, অষ্ট্ৰেলিয়া, ইউৰোপ, আফ্ৰিকা, এছিয়া, আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ সেমেকা অঞ্চলত পোৱা এবিধ অধিবৰ্ষজীৱি, লতাজাতীয় শাক। ইয়াৰ সাধাৰণ নামসমূহ হৈছে ৱাটাৰ হাইছপ (water hyssop),১ ৱাটাৰহাইছপ (waterhyssop), থেমি−লিফ্ড গ্ৰেচলা (thyme-leafed gratiola), হাৰ্ব অৱ গ্ৰীছ (herb of grace), আৰু ইণ্ডিয়ান পেনীৱৰ্ট (Indian pennywort)।
আয়ুৰ্বেদত ব্ৰাহ্মী শাক ব্যৱহাৰ কৰা হয়। ২০১৯ চনত “ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছন” (FDA) নামৰ সংস্থাই ব্ৰাহ্মী শাকযুক্ত খাদ্য সামগ্ৰীয়ে বিভিন্ন ৰোগ প্ৰতিৰোধ আৰু উপশম কৰে বুলি দাবী কৰি এনে সামগ্ৰী উৎপাদন আৰু বিক্ৰী কৰা অসত্যাপিত আৰু অবৈধ বুলি সতৰ্ক পত্ৰ জাৰি কৰে।২৩৪
বিৱৰণ

ব্ৰাহ্মী হৈছে এবিধ শাকজাতীয় উদ্ভিদ। এই উদ্ভিদৰ পাতবোৰ succulent, oblong, আৰু প্ৰায় ৪−৬ মিলিমিটাৰ ডাঠ। চাৰিৰ পৰা পাঁচটা পাহীৰ সৈতে ইয়াৰ সৰু ফুলবোৰৰ বৰণ বগা। সামান্য জেকা ঠাইত ব্ৰাহ্মী শাকৰ বৃদ্ধি ভাল হয়। ইহঁতৰ চিঙা আগৰ পৰা বংশ বিস্তাৰ কৰিব পাৰি।৫
ভৌগোলিক বিতৰণ
ব্ৰাহ্মী বা Bacopa monnieri হৈছে Bacopa গণৰ এবিধ প্ৰায় সমগ্ৰ পৃথিৱীজুৰি বিস্তৃতি লাভ কৰা উদ্ভিদ। ভাৰত, নেপাল, শ্ৰীলংকা, চীন, পাকিস্তান,টাইৱান, ভিযেটনাম, আফ্ৰিকাৰ ভূমধ্য সাগৰীয় আৰু দক্ষিণ অঞ্চল, মাডাগাস্কাৰ, অষ্ট্ৰেলিয়া, কেৰিবিয়ান, লগতে মধ্য আৰু দক্ষিণা আমেৰিকাৰ কিছু সেমেকা অঞ্চলত পোৱা যায়। ইয়াক ফ্ল’ৰিডা, টেক্সাচ আৰু হাৱাইতো ইয়াক পোৱা যায়। I১
ব্যৱহাৰ
পথ্য
স্মৃতি শক্তি বৃদ্ধি কৰাৰ লগতে অন্য বহুত চালৰ ৰোগৰ আয়ুৰ্বেদক ঔষধ হিচাপে ব্ৰাহ্মীৰ ব্যৱহাৰ পৰা হয়।৬ প্ৰাথমিক গৱেষণাত ব্ৰাহ্মী শাকে বোধ ক্ষমতাৰ উন্নতি কৰিব পাৰে বুলি পোৱা গৈছে।৬৭৮
পাৰ্শ ক্ৰিয়া
ব্ৰাহ্মী শাক খোৱাৰ ফলত মানুহৰ বমি বমি লগা, increased intestinal motility, আৰু gastrointestinal upset হোৱা দেখা যায়।৬
অবৈধ বাণিজ্যিক দাবী
২০১৯ চনত FDA নামৰ সংস্থাটোৱে পেটৰ ৰোগ, আলজেইমাৰ ৰোগ, হাইপ’গ্লাইচেমিয়া, ৰক্ত চাপ, আৰু anxiety ৰোগৰ উপশম বা প্ৰতিৰোধ কৰে বুলি দাবী কৰা বিজ্ঞাপনেৰে ব্ৰাহ্মীযুক্ত খাদ্য উৎপাদন কৰা অসত্যাপিত আৰু অবৈধ বুলি সতৰ্ক পত্ৰ প্ৰকাশ কৰে। FDAৰ মতে Bacopa monnieriৰ উৎপাদসমূহ এই ৰোগসমূহ বা অন্য কোনো ৰোগৰ ঔষধ হিচাপে অনুমোদন জনোৱা হোৱা নাই।২৩৪
অলংকাৰ
পানীত জীয়াই থাকিব পাৰে বাবে ব্ৰাহ্মী শাকক আলংকাৰিক উদ্ভিদ হিচাপে একুৱেৰিয়ামত ৰোপণ কৰা হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Lansdown, R.V.; Knees, S.G.; Patzelt, A. (2013). Bacopa monnieri. পৃ. e.T164168A17722668
- ↑ (22 December 2018). Health fraud scams: Unproven Alzheimer's disease products (Bacopa monnieri listed). US Food and Drug Administration
- ↑ William A Correll, Jr. (5 February 2019). FDA Warning Letter: Peak Nootropics LLC aka Advanced Nootropics. Office of Compliance, Center for Food Safety and Applied Nutrition, Inspections, Compliance, Enforcement, and Criminal Investigations, US Food and Drug Administration
- ↑ William A Correll, Jr. (5 February 2019). FDA Warning Letter: TEK Naturals. Office of Compliance, Center for Food Safety and Applied Nutrition, Inspections, Compliance, Enforcement, and Criminal Investigations, US Food and Drug Administration
- ↑ Oudhia, Pankaj. (2004). Bramhi (Bacopa monnieri). Society for Parthenium Management (SOPAM)
- ↑ Aguiar, Sebastian; Borowski, Thomas. (2013). Neuropharmacological review of the nootropic herb Bacopa monnieri. Rejuvenation Research. পৃ. 313–326
- ↑ Kongkeaw, C; Dilokthornsakul, P; Thanarangsarit, P. (2014). Meta-analysis of randomized controlled trials on cognitive effects of Bacopa monnieri extract.. Journal of Ethnopharmacology. পৃ. 528–35
- ↑ Neale, Chris; Camfield, David; Reay, Jonathon. (5 February 2013). Cognitive effects of two nutraceuticals Ginseng and Bacopa benchmarked against modafinil: a review and comparison of effect sizes. British Journal of Clinical Pharmacology. পৃ. 728–737
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ব্ৰাহ্মী শাক” প্ৰবন্ধৰ সংশোধন ৫৪০৯৫৪ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।