অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভাৰতীয় শংখচূড় সাপ

ভাৰতীয় শংখচূড় সাপ (বৈজ্ঞানিক নাম: Bungarus caeruleus) ভাৰতীয় উপমহাদেশত স্থানীয়ভাবে পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি। ইয়াক কমন ক্ৰেইট (Common krait) আৰু বেংগল ক্ৰেইট (Bengal krait) বুলিও কোৱা হয়।

হালনাগাদ: ২১ আগষ্ট ২০২৪ ৩৪৭ শব্দ · ২ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

ভাৰতীয় শংখচূড় সাপ (বৈজ্ঞানিক নামকৰণ পদ্ধতি: Bungarus caeruleus) ভাৰতীয় উপমহাদেশত স্থানীয়ভাবে পোৱা ইলাপিডি (Elapidae) পৰিয়ালৰ অন্তৰ্গত এবিধ বিষধৰ সাপৰ প্ৰজাতি। ইয়াক কমন ক্ৰেইট (Common krait) আৰু বেংগল ক্ৰেইট (Bengal krait) বুলিও কোৱা হয়। ই পাকিস্তান, ভাৰত আৰু বাংলাদেশত সৰ্বাধিক মানৱ দংশন কৰা বিগ ফ'ৰ (ভাৰতীয় সাপ)ৰ ভিতৰত অন্যতম। অসমত ইয়াক সৰু শংখচূড় আৰু সৰু শঁকা বুলিও জনা যায়।

বিৱৰণ

সাধাৰণ ক্ৰেইট সাপৰ গড় দৈৰ্ঘ্য ০.৯ মিটাৰ (২ ফুট ১১ ইঞ্চি), কিন্তু ই ১.৭৫ মিটাৰলৈকেও (৫ ফুট ৯ ইঞ্চি) বৃদ্ধি পাব পাৰে।১ সাধাৰণতে ইহঁতৰ মতাসাপবোৰ মাইকীসাপতকৈ দীঘল তথা নেজো সমানুপাতিকভাৱে দীঘল। মূৰটো চেপেটা আৰু ডিঙিটো প্ৰায়েই দেখা নাযায়। শৰীৰটো নলীৰ দৰে, নেজৰ ফালে ক্ষীণ। নেজ চুটি আৰু ঘূৰণীয়া। চকু দুটা যথেষ্ট সৰু আৰু চকুৰ মণি ঘূৰণীয়া। দেহৰ বাকলিবোৰ অতি চিকচিকিয়া আৰু মেৰুদণ্ডৰ শাৰীটো স্পষ্টভাৱে ডাঙৰ তথা ষড়ভুজাকৃতিৰ।২

এই সাপৰ দেহৰ বৰণ সাধাৰণতে ক'লা বা নীলা-ক'লা, দেহত প্ৰায় ৪০ ডালমান পাতল, বগা পথালি ৰেখা থাকে। এই ৰেখাবোৰ মূৰৰ ফালে অস্পষ্ট বা কেতিয়াবা নাথাকিবও পাৰে। কেতিয়াবা বৰণহীন প্ৰকাৰো দেখা পোৱা যায় যদিও এয়া অত্যন্ত বিৰল। বগা পথালি ৰেখাৰ আৰ্হিটো ডেকা সাপৰ ক্ষেত্ৰত সম্পূৰ্ণ, সুনিৰ্দিষ্ট, আৰু আগফালেও স্পষ্টকৈ দেখা পোৱা যায়; বয়স্ক সাপৰ ক্ষেত্ৰত সংকীৰ্ণ বগা ৰেখাবোৰ মেৰুদণ্ডৰ ওচৰত এটা স্থায়ী ফুটৰ সৈতে বগা সংযুক্ত ফুটৰ শৃংখলা হিচাপে দেখা পোৱা যায়। চকুৰ সন্মুখত বগা দাগ থাকিব পাৰে; ওপৰৰ ওঁঠ আৰু পেটৰ বৰণ বগা।২

বিতৰণ আৰু বাসস্থান

ভাৰতীয় শংখচূড় সাপ ভাৰতৰ সিন্ধু প্ৰদেশৰ পৰা পশ্চিম বংগলৈকে, সমগ্ৰ দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ প্ৰায় ১,৬০০ মিটাৰ (৫,২০০ ফুট) পৰ্যন্ত উচ্চতালৈকে বিস্তৃত।১ আফগানিস্তান, ইৰান, বাংলাদেশ আৰু নেপালতো ইয়াৰ অৱস্থিতিৰ প্ৰমাণ পোৱা গৈছে।

ই পথাৰ আৰু কম ঘাঁহনিৰ অৰণ্যৰ পৰা আৰম্ভ কৰি বসতিপ্ৰধান অঞ্চললৈকে বিভিন্ন ধৰণৰ বাসস্থানত বাস কৰে। ই উঁইৰ হাফলু, ইটাৰ দম, নিগনিৰ গাঁত আৰু আনকি মানুহৰ ঘৰৰ ভিতৰতো বাস কৰে।১ পানী বা পানীৰ উৎসৰ ওচৰত ইয়াক সঘনাই দেখা পোৱা যায়।

পৰিৱেশ বিজ্ঞান

আচৰণ

এই সাপে দিন আৰু ৰাতি পৃথক আচৰণ প্ৰদৰ্শন কৰে। দিনত ই লেহেমীয়া আৰু সাধাৰণতে নম্ৰ। প্ৰায়ে নিগনিৰ গাঁত, ঢিলা মাটি বা ধ্বংসাৱশেষৰ তলত লুকাই থাকে, গতিকে ইয়াক খুব কমেইহে দেখা যায়। ই প্ৰায়ে মূৰটো ভালদৰে লুকুৱাই ৰাখি শৰীৰটোক ঢিলা, কুণ্ডলীবদ্ধ কৰি থয়। এই কুণ্ডলীবদ্ধ অৱস্থাত সাপবিধ যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণত থাকে, কিন্তু অতিমাত্ৰা আমনি কৰিলে দংশন কৰিবলৈ সাজু হয়। আনহেতে ৰাতি সাপটো অতি সক্ৰিয় হৈ পৰে। আমনি কৰিলে জোৰেৰে হিচ হিচ কৰে নাইবা নিশ্চল হৈ থাকে, কেতিয়াবা দংশন কৰি পলায়ন কৰে।

উত্তেজিত হ’লে ই মূৰটো লুকুৱাই ৰাখি আৰু শৰীৰটো সমতল কৰি কুণ্ডলীবদ্ধ হৈ ওপৰলৈ উঠি যায় আৰু জোকাৰণিৰ খোৱাৰ দৰে লৰচৰ কৰে। ই তাৰ নেজো ওপৰলৈ তুলিব পাৰে। ই সাধাৰণতে দংশন নকৰে যদিও যেতিয়া ই দংশন কৰে, তেতিয়া ই সাধাৰণতে কিছু সময়ৰ বাবে কামোৰি ধৰি থাকে, যাৰ ফলত ই যথেষ্ট পৰিমাণৰ বিষ ভূক্তভোগীৰ শৰীৰত সোমোৱাই দিয়ে। ভাবুকি দিলে ই ৰাতি আক্ৰমণাত্মক হৈ উঠিব পাৰে। এই সাপ হৈছে ভাৰতৰ দ্বিতীয় সৰ্বাধিক সৰ্পদংশনৰ কাৰণ। বাংলাদেশত মুঠ সৰ্প দংশনৰ ২৮% ৰ বাবে ইয়েই দায়ী।

খাদ্য

কমন ক্ৰেইটে প্ৰধানকৈ অন্য সাপ ভক্ষণ কৰে। ইয়াৰ উপৰিও ই সৰু সৰু স্তন্যপায়ী প্ৰাণী (যেনে নিগনি, আৰু এন্দুৰ), সৰীসৃপ, ভেকুলী আদিও খায়। পোৱালিবোৰে সন্ধিপদী প্ৰাণী আৰু মাটি সাপ (টাইফ্ল’পিডে পৰিয়ালৰ সাপ) খায়।

বিষ

এটা প্ৰাপ্তবয়স্ক কমন ক্ৰেইট সাপৰ গড় বিষৰ উৎপাদন শুস্ক ওজনৰ ১০ মিলিগ্ৰাম (০.১৫ গ্ৰাম)।৩ এই সাপৰ ২–৩ মিলিগ্ৰাম (০.০৩১–০.০৪৬ গ্ৰাম) মাত্ৰাৰ বিষে এজন মানুহৰ মৃত্যু ঘটাব পাৰে।৪

কমন ক্ৰেইট এবিধ নিশাচৰ সাপ, গতিকে দিনৰ পোহৰত মানুহৰ সন্মুখীন হোৱাটো খুব কমেইহে দেখা যায়; মূলতঃ ৰাতিৰ ভাগতহে এই সাপে দংশন কৰে। সাধাৰণতে ইয়াৰ কামোৰৰ ফলত খুব কম বিষ হয় বা একেবাৰেই নিবিষাই, যাৰ বাবে ভুক্তভোগীয়ে এই দংশনক উপেক্ষা কৰে। সাধাৰণতে, এই সাপৰ দংশনৰ ফলত পেটৰ তীব্ৰ বিষ হ’ব পাৰে আৰু ক্ৰমান্বয়ে পক্ষাঘাত হোৱা দেখা যায়। চিকিৎসা নকৰিলে এই সাপে কামোৰাৰ প্ৰায় ৪–৮ ঘণ্টাৰ পিছত মানুহৰ মৃত্যু হ’ব পাৰে। মৃত্যুৰ কাৰণ হৈছে সাধাৰণ শ্বাস-প্ৰশ্বাসজনিত বিকলতা, অৰ্থাৎ শ্বাসৰুদ্ধ হোৱা।৫ এই সাপে কামোৰৰ কেইটামান লক্ষণ হ’ল কামোৰৰ ১–২ ঘণ্টাৰ ভিতৰত মুখৰ মাংসপেশীবোৰ টান হোৱা আৰু ভূক্তভোগীয়ে দেখা বা কথা ক’ব নোৱাৰা হোৱা। ক্লিনিকেল টক্সিক’লজীৰ এক অধ্যয়নত চিকিৎসা নকৰাৰ বাবে এই সাপৰ দংশনত হোৱা মৃত্যুৰ হাৰ ৭০-৮০% বুলি কোৱা হৈছে।১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Clinical Toxinology-Bungarus caeruleus
  2. ↑ Gopalkrishnakone, P.; Chou, L.M. (1990). Snakes of Medical Importance: Asia-Pacific Region. Venom and Toxin Research Group, National University of Singapore. পৃ. 284–28?. ISBN 9971-62-217-3
  3. ↑ Engelmann, W.-E. (1981). Snakes: Biology, Behavior, and Relationship to Man. Leipzig Publishing; English version published by Exeter Books (1982). পৃ. 51. ISBN 0-89673-110-3
  4. ↑ (1983). Ceylon Medical Journal. Ceylon Medical Association
  5. ↑ Medical Management for bites by Kraits (Bungarus species)

সম্পৰ্কিত শ্ৰেণী

বিষধৰ সৰীসৃপসাপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় শংখচূড় সাপ” প্ৰবন্ধৰ সংশোধন ৪২৯৩২৪ (২১ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।