অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ক্লাইমেন (ইয়াপেটাছৰ পত্নী)

ক্লাইমেন (/ˈklɪmɪniː, ˈklaɪ-/; প্ৰাচীন গ্ৰীক: Κλυμένη, Kluménē, ইংৰাজী: Clymene বা Klymene, অৰ্থাৎ "বিখ্যাত") গ্ৰীক শ্ৰুতিকথা অনুসৰি অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁ টাইটান ইয়াপেটাছৰ পত্নী আৰু এটলাছ, মেন'ইটিয়াছ, প্ৰমিথিউছ আৰু এপিমিথিউছৰ মাতৃ।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ক্লাইমেন (/ˈklɪmɪniː, ˈklaɪ-/;১২ প্ৰাচীন গ্ৰীক: Κλυμένη, Kluménē, ইংৰাজী: Clymene বা Klymene, অৰ্থাৎ "বিখ্যাত"৩) গ্ৰীক শ্ৰুতিকথা অনুসৰি অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷ তেওঁ টাইটান ইয়াপেটাছৰ পত্নী আৰু এটলাছ, মেন'ইটিয়াছ, প্ৰমিথিউছ আৰু এপিমিথিউছৰ মাতৃ।

শ্ৰুতিকথা

গ্ৰীক শ্ৰুতিকথা অনুসৰি ক্লাইমেন টাইটান অ'চেনাছ আৰু টেথিছৰ কন্যা।৪৫৬ তেওঁ খুড়াক/মোমায়েক ইয়াপেটাছক বিয়া কৰায় আৰু তেওঁৰ ঔৰসত এটলাছ, মেন'ইটিয়াছ, প্ৰমিথিউছ আৰু এপিমিথিউছৰ মাতৃ হয়।৭ অন্য কিছুমান সংস্কৰণত তেওঁৰ ভগ্নী এছিয়াৰ বিষয়েও একেখিনি কথাকে পোৱা যায়।৮ কিছুমান যংস্কৰণত ক্লাইমেনক প্ৰমিথিউছৰ পত্নী আৰু তেওঁৰ দ্বাৰা ডিউকেলিয়নৰ মাতৃ বুলিও পোৱা যায়।৯ কিছুমান সংস্কৰণত তেওঁক জ্যুচৰ কন্যা নিমোচিনিৰ মাতৃ বুলি উল্লেখ হৈছে।১০ কিছুমান শ্ৰুতিকথাত ক্লাইমেনক চাইৰিনৰ এগৰাকী অন্যতম নিম্ফ বুলিও কোৱা হয়।১১

হেলিঅ'ছৰ এগৰাকী অন্যতম প্ৰেমিকাৰ নামো ক্লাইমেন৷ তেওঁৰ পিতৃ-মাতৃও অ'চেনাছ আৰু টেথিছ (আৰু সেয়েহে তেওঁৰ ভগ্নী আৰু সহযোগী অ'চেনিড)।১২

তথ্যসূত্ৰ

  1. ↑ Russell, William F. (1989). Classic myths to read aloud. Three Rivers Press. ISBN 9780307774439
  2. ↑ Barchers, Suzanne I. (2001). From Atalanta to Zeus: readers theatre from Greek mythology. Teacher Ideas Press. পৃ. 192. ISBN 9781563088155
  3. ↑ Liddell & Scott (1940), A Greek–English Lexicon, Oxford: Clarendon Press, Κλύμενος
  4. ↑ Hesiod, থিঅ'গনি 351
  5. ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 41
  6. ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 36, 87. ISBN 9780786471119
  7. ↑ Hesiod, Theogony 508; Hyginus, Fabulae Preface; Scholiast on Pindar, Olympian Odes 9.68
  8. ↑ Apollodorus, 1.2.3
  9. ↑ Dionysius of Halicarnassus, Antiquitates Romanae 1.17.3; Scholia on Pindar, Olympian Ode 9.81; on হোমাৰ, Odyssey 10.2
  10. ↑ Hyginus, Fabulae Preface
  11. ↑ Virgil, Georgics 4.345
  12. ↑ Hard Robin, pg. 44

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্লাইমেন (ইয়াপেটাছৰ পত্নী)” প্ৰবন্ধৰ সংশোধন ৬৩২৪০৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।