বদলা পদ্ম আতাৰ জন্মস্থান শক্ৰাহী সত্ৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শক্ৰাহী গাওঁত অৱস্থিত। মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাৰ এই স্থানত ১৪৬৮শক, জেঠ মাহৰ শুক্লা একাদশী তিথিত জন্ম হয়। ১
প্ৰতিষ্ঠা
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ গাৰ বদলেৰে তিতা চোমধৰৰ পুত্ৰ শ্ৰী বদলা পদ্ম আতাই বৰনদীৰ পৰা ব্ৰহ্মকুণ্ডলৈকে উজনিৰ ধৰ্মাচাৰ্যৰ দায়িত্ব পাইছিল। তেওঁ নাৰায়ণপুৰৰ পিঠিকটা মুকুণ্ডৰ ফুলনিবাৰীত শ্ৰীশ্ৰী ফুলনিথান আৰু জমদগ্নী ব্ৰাহ্মণৰ পৰা এটোলা সোণৰ বিনিময়ত কিনাভেটিত ১৬৩৬ চনত শ্ৰীশ্ৰী বদলা সত্ৰ স্থাপন কৰে১।
নৱবৈষ্ণৱ ধৰ্মত গুৰুত্ব
এই দুখন থানে এসময়ত বৰনাৰায়ণপুৰক কেন্দ্ৰ কৰি সমগ্ৰ উজনি অসমত নাম ধৰ্মৰ বাণী প্ৰচাৰৰ যোগেদি ধৰ্মসমাজক সমৃদ্ধ কৰি তুলিছিল। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ মূল হোতা মহাপুৰুষ শংকৰদেৱ আৰু তেৰাৰ প্ৰিয় শিষ্য মহাপুৰুষ শ্ৰীমাধৱদেৱৰ পাচতে যিসকল ধৰ্মাধিকাৰে নৱবৈষ্ণৱ আন্দোলনৰ বাঘজৰী হাতত লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শংকৰ-মাধৱৰ কীৰ্তন-ঘোষা নাম প্ৰসংগৰে ঝংকাৰিত কৰি তুলিছিল সেই অগ্ৰণীসকলৰ অন্যতম আছিল বৰনাৰায়ণপুৰৰ শ্ৰীশ্ৰী ফুলনিথান, শ্ৰীশ্ৰী বদলা সত্ৰ আৰু মাজুলীৰ কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠাতা শ্ৰীশ্ৰী বদলা পদ্ম আতা। "কথাগুৰু চৰিত" আৰু দীননাথ বেজবৰুৱাৰ "বৰচৰিত"ত এই দুই থানৰ সুন্দৰ বিৱৰণ আছে।
অৱস্থিতি আৰু সত্ৰৰ বৰ্ণনা
নাৰায়ণপুৰ চহৰৰ পৰা প্ৰায় ১কি:মি নিলগত অৱস্থিত এই জন্মস্থান ভাগি এক সুন্দৰ ৰূপত প্ৰকাশিত হৈছে।১
তথ্যসূত্ৰ
- ↑ শিৱ শৰ্মা. বাৰ বৈষ্ণৱৰ স্থান নাৰায়ণপুৰ আৰু মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ সমন্বিতে ইয়াৰ সন্তসকল
- ↑ Gogoi, Chinmoy. (2023-05-11). মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত “শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ” ৰাইজৰ বাবে মুকলি. EastMojo Assam
- ↑ Madhabdev Kalakshetra inaugurates ৰাইজৰ বাবে মুকলি হল মাধৱদেৱ কলাক্ষেত্ৰ. ETV Bharat News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বদলা পদ্ম আতা সত্ৰ” প্ৰবন্ধৰ সংশোধন ৫০৯২১০ (১৬ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।