অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দ্বাদশ মহাজন

দ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ বাৰজন বিশেষ আৰু বিশ্বস্ত প্ৰতিনিধি। মানৱ সমাজক ভক্তিমূলক সেৱাসমূহৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰাটো হৈছে এই প্ৰতিনিধিসকলৰ কৰ্তব্য। মহাজন শব্দটোৰ অৰ্থ হৈছে 'মহৎ-লোক'।

হালনাগাদ: ৭ জানুৱাৰী ২০২১ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

দ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ বাৰজন বিশেষ আৰু বিশ্বস্ত প্ৰতিনিধি। মানৱ সমাজক ভক্তিমূলক সেৱাসমূহৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ বাৰ্তা প্ৰেৰণ কৰাটো হৈছে এই প্ৰতিনিধিসকলৰ কৰ্তব্য। মহাজন শব্দটোৰ অৰ্থ হৈছে 'মহৎ-লোক'। উল্লেখনীয় যে, প্ৰাশ্চ্য চালুক্যৰ ৰজাসকলৰ অধীনস্থ প্ৰশাসক আৰু বিষয়াসকলক বুজাবৰ বাবেও মহাজন শব্দ প্ৰচলিত হৈছিল।১ পুৰাণ (৬.৩.২০-২১)-ত বাৰজন মহাজনৰ উল্লেখ আছিল।২ এই দ্বাদশ মহাজন হৈছে ভগৱান বিষ্ণুৰ শ্ৰেষ্ঠতম সেৱক। তেওঁলোকৰ ভাগৱত-ধৰ্মত সম্পৰ্কে জ্ঞান সৰ্বোৎকৃষ্ট।৩

দ্বাদশ মহাজনৰ তালিকা

  1. ব্ৰহ্মা
  2. দেৱৰ্ষি নাৰদ
  3. শম্ভু (বিষ্ণুভক্ত ধ্ৰুৱৰ পুত্ৰ শম্ভু, তেওঁ ভগৱান শিৱ নহয়, এজন সাধাৰণ মানৱহে)
  4. চতুষ্কুমাৰ
  5. কপিল- দেৱাহুতিৰ পুত্ৰ
  6. স্বয়ম্ভূৱ মনু
  7. প্ৰহ্লাদ
  8. জনক
  9. ভীষ্ম
  10. বলি
  11. শুকদেৱ
  12. যম

তথ্যসূত্ৰ

  1. ↑ The Ghatika - An Educational Institution of Medieval Karnataka - Mahajanas of ghatika
  2. ↑ The Hare Krsnas - Sada Darsana, Six Schools of Philosophy - The Vedanta School
  3. ↑ Bhagavata Purana 6.3.20-21

সম্পৰ্কিত শ্ৰেণী

হিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্বাদশ মহাজন” প্ৰবন্ধৰ সংশোধন ২৫৮১৩৭ (৭ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।