দত্তাত্ৰেয় (Dattatreya) হিন্দুসকলৰ এগৰাকী আৰাধ্য দেৱতা। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত ভগৱান দত্তাত্ৰেয়ৰ মাহাত্ম্য আৰু গুৰুত্ব অপৰিসীম কাৰণ দত্তাত্ৰেয়ক হিন্দুসকলৰ প্ৰধান তিনি দেৱতা বিষ্ণু, শিৱ আৰু ব্ৰহ্মাৰ সংযুক্ত অৱতাৰ হিচাপে বিশ্বাস কৰা হয়। দত্তাত্ৰেয় নামটো আহিছে দত্তা আৰু অত্ৰেয় শব্দৰ পৰা। দত্তা শব্দৰ অৰ্থ 'দান দিয়া' আৰু অত্ৰেয় শব্দটোৱে ঋষি অত্ৰিক সূচাইছে। অত্ৰি ঋষিক দত্তাত্ৰেয়ৰ পিতৃ হিচাপে গণ্য কৰা হয়। দত্তাত্ৰেয়ৰ মাতৃ হৈছে অত্ৰি ঋষিৰ পত্নী অনসুয়া।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দত্তাত্ৰেয়” প্ৰবন্ধৰ সংশোধন ২৯৫৩৮৪ (৯ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।