গণককুছি সত্ৰ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এখন সত্ৰ। বৰপেটা চহৰৰ কাষতে থকা গণককুছি সত্ৰ এক ঐতিহাসিক আৰু ধৰ্মীয় গুৰুত্বপূৰ্ণ স্থান। এই সত্ৰত মহাপুৰুষ মাধৱদেৱে ১৮ বছৰ ৬ মাহ বসবাস কৰিছিল। সেই সময়ছোৱাত তেওঁৰ লগত ৰাম আতৈ, শ্ৰীৰাম আতৈকে আদি কৰি বহুকেইগৰাকী ভকত একেলগে বসবাস কৰিছিল। উজনি অসমত ধৰ্ম চৰ্চাত কিছু আহুকাল পাই দুয়োজনা গুৰু ভটিয়াই আহি তেতিয়াৰ কামৰূপত থিতাপি লয়। শংকৰদেৱে পাটবাউসী সত্ৰত আৰু মাধবদেৱে বাৰাদিত সত্ৰ পাতি থাকিবলৈ লয়। বাৰাদিৰ পৰা গুৰুসেৱা কৰিবলৈ নিতৌ পাটবাউসীলৈ যোৱাত মাধবদেৱৰ কষ্ট দেখি শংকৰদেৱে এজন গণকৰ পৰা চাৰি পুৰা মাটিৰ এখন বাৰী এতোলা সোণৰ বিনিময়ত কিনি লৈ তাতে মাধবদেৱৰ বাবে ঘৰ সজাই থাকিবলৈ দিয়ে। এই ঠাইখন অলপ দিনৰ পিছতেই ধৰ্ম চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। শংকৰদেৱেও ইয়ালৈ আহি শাস্ত্ৰচৰ্চা কৰিছিল। গুৰুৰ আদেশত সত্ৰ স্থাপন কৰি এই গণককুছিতেই মাধবদেৱে কেইবাখনো ঝুমুৰা ৰচনা কৰিছিল। গণককুছি থানত মাধৱদেৱে নিজ হাতে এজোপা ৰাঙল ফুল ৰুইছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণককুছি সত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৫১৩১ (১২ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।