অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হাৰ্পিনা

হাৰ্পিনা (/ˈhɑːrpɪnə/; প্ৰাচীন গ্ৰীক: Άρπινα, ইংৰাজী: Harpina) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।

হালনাগাদ: ২৭ মাৰ্চ ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

হাৰ্পিনা (/ˈhɑːrpɪnə/; প্ৰাচীন গ্ৰীক: Άρπινα,১ ইংৰাজী: Harpina) গ্ৰীক শ্ৰুতিকথা অনুসৰি নদী-দেৱতা এছ'পাছ আৰু লেডন নদীৰ নদী-অপেশ্বৰী (নিম্ফ) মেট'পেৰ কন্যা নাইয়াডসকলৰ অন্যতম।২

পৰিয়াল

হাৰ্পিনা পেলাছগাছ (পেলাগন৩), ইছমেনাছ, কৰ্চাইৰা, ছালেমিছ, এজিনা, পেইৰেন, ক্লিওনে, থেবে, টানাগ্ৰা, থেস্পিয়া, এছ'পিছ, চাইন′পে আৰু অৰ্নিয়াৰ২ ভগ্নী আছিল।৪ কিছুমান শ্ৰুতিকথা মতে তেওঁৰ ভগ্নী কালচিছ কিউৰেটেছ আৰু ক'ৰিবাণ্টেছৰ মাতৃ আছিল, ইয়াৰে কিউৰেটেছ কালচিছৰ আদিম বাসিন্দাসকলৰ ভিতৰত আছিল।৫

শ্ৰুতিকথা

এলিয়ান আৰু ফ্লিয়াছিয়ানসকলৰ পৰম্পৰা অনুসৰি আৰেছে হাৰ্পিনাৰ সৈতে পিছা চহৰত (প্ৰাচীন গ্ৰীক এলিছ অঞ্চলত অৱস্থিত) মিলিত হৈছিল। তেওঁলোক পিছাৰ ৰজা অইনোমাউছৰ পিতৃ-মাতৃ আছিল।৬ অইনোমাউছে অলিম্পিয়াৰ ওচৰৰ হাৰ্পিনেটেছ নদীৰ পৰা অলপ দূৰৈত হাৰ্পিনা চহৰ প্ৰতিষ্ঠা কৰি মাতৃৰ নামেৰে নামকৰণ কৰিছিল। পৌছানিয়াছে ফিলিয়াছিয়ানসকলে দান কৰা আছ’পাছৰ কন্যাসকলৰ এটা দলীয় ভাস্কৰ্য্যৰ বৰ্ণনাত হাৰ্পিনাৰ কথা উল্লেখ কৰা হৈছে৷ ভাস্কৰ্য্যটোত জ্যুছে এজিনা, হাৰ্পিনা, কৰ্চাইৰা, থিবে আৰু এছ’পাছক অপহৰণ কৰা আদি ঘটনা অন্তৰ্ভুক্ত কৰা আছিল। এই ভাস্কৰ্য্যটো অলিম্পিয়াৰ হিপ'ডেমিয়া উদ্যানত অৱস্থিত আছিল৷

তথ্যসূত্ৰ

  1. ↑ Richmond, Henry J. (1905). The Pronunciation of Greek and Latin Proper Names in English. George Wahr. পৃ. 32. ISBN 9780857927866
  2. ↑ Diodorus Siculus, 4.72.1
  3. ↑ Apollodorus, 3.12.6
  4. ↑ Diodorus Siculus, 4.73.1
  5. ↑ Scholia Vict. ad হোমাৰ ইলিয়াড, 14.291; Strabo, 10 p. 447
  6. ↑ Diodorus Siculus, 4.73.1; Pausanias, 5.22.6

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাৰ্পিনা” প্ৰবন্ধৰ সংশোধন ৪৯৭৯৯৪ (২৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।