অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ঈশান

ঈশান (ईशान) শব্দই হিন্দু, বৌদ্ধ আদি ধৰ্মত ঈশ্বৰ বা কোনো দেৱতাক বুজায়। ঈশান এটা জনপ্ৰিয় নাম। এই নামৰ উল্লেখ শিৱ পুৰাণত আছে, আৰু ই বিষ্ণুৰ এটি নাম।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ঈশান (ईशान) শব্দই হিন্দু, বৌদ্ধ আদি ধৰ্মত ঈশ্বৰ বা কোনো দেৱতাক বুজায়। ঈশান এটা জনপ্ৰিয় নাম। এই নামৰ উল্লেখ শিৱ পুৰাণত আছে, আৰু ই বিষ্ণুৰ এটি নাম।১

হিন্দু ধৰ্মত

ঈশান হিন্দু ভগৱান শিৱৰ এক নাম। শিৱ হিন্দু ত্ৰিমূৰ্তি (ব্ৰহ্মা, বিষ্ণু, শিৱ)-ৰ অন্যতম। ইয়াৰ মূল "ঈশ" যাৰ অৰ্থ জগতক শাসন কৰা অদৃশ্য শক্তি। ঈশান আৰু ঈশ্বৰ একাৰ্থক।২

ঈশান শব্দৰ অৰ্থ 'গৰাকী', আৰু 'উত্তৰ-পূব' দিশো হয়। বাস্তু শাস্ত্ৰৰ মতে ঈশান্য দিশৰ অৰ্থ সমৃদ্ধি, ঐশ্বৰ্য্য আৰু জ্ঞান। হিন্দু ধৰ্মত উত্তৰ দিশে সুখ আৰু পূব দিশে জ্ঞান বুজায়। ঈশান দুয়োৰে মিলন।৩

শিৱৰ পাঁচটা মূৰ আছে। প্ৰতিটো মূৰে পঞ্চতত্ত্ব: জুই, জল, বায়ু, ধৰা, আকাশ, একো একোটাক বুজায়। ঈশান: শিৱৰ পঞ্চম মূৰ, যিয়ে ওপৰলৈ চাই আৰু পঞ্চতত্ত্বৰ 'আকাশ' বুজায়।৩

বৌদ্ধ ধৰ্মত

ঈশান বা ঈচানাটেন
ঈশান বা ঈচানাটেনছবি: 永厳 · Public domain

জাপানী বৌদ্ধ বিশ্বাস অনুযায়ী, ১২জন দেৱতাই ১২ দিশ বুজায়। সংস্কৃত ভাষাত 'দেৱ' শব্দৰ অৰ্থ দেৱতা বা স্বৰ্গত থকা লোক। জাপানী ভাষাত তেওঁলোকক 'টেন' (天) বোলা হয় যি 'দেৱ'ৰ সৈতে সমাৰ্থক। ১২ দিশে উত্তৰ (বিচামন্তেন/বৈশ্ৰাবন), দক্ষিণ (এন্মাতেন/যম), পূব (টিয়াচাকুটেন/ইন্দ্ৰ), পশ্চিম (চুইটেন/বৰুণ), উত্তৰ পূব (ঈচানাটেন/ঈশান), উত্তৰ-পশ্চিম (ফুটেন/বায়ু), দক্ষিণ পূব (কাটেন/অগ্নি), দক্ষিণ পশ্চিম (ৰাচাৎচুটেন/ৰাক্সচ), ওপৰ (বণ্টেন/ব্ৰহ্মা), তল (জিতেন/পৃথিৱী), চন্দ্ৰ (ঘাটেন/চন্দ্ৰ) আৰু সূৰ্য (নিটেন/আদিত্য) বুজায়। 'দেৱ'সকল হিন্দু বিশ্বাসৰ পৰা লোৱা, আৰু চীনা আৰু জাপানী ৰূপত সজাই লোৱা। ঈশান তাৰেই অন্যতম। ঈশান উত্তৰ-পূব দিশৰ ৰক্ষক।৪

ইছলাম ধৰ্মত

ঈশান বা ঈচান মুছলিমসকলৰ মাজতো এক জনপ্ৰিয় নাম। এই নাম ল'ৰাক দিয়া হয়। ইছলাম ধৰ্মত ঈশানৰ অৰ্থ হ'ল: "ঈশ্বৰৰ আশীৰ্বাদ" বা "যোগ্য।"৫৬

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ আৰ্কাইভ কপি
  3. ↑ www.astroworld.co.in/vastu-shastra/disha-directi
  4. ↑ www.onmarkproductions.com/html/12-devas.shtml
  5. ↑ আৰ্কাইভ কপি
  6. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

হিন্দুধৰ্মৰ দেৱ দেৱীবৌদ্ধ ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈশান” প্ৰবন্ধৰ সংশোধন ৩৮৪৮১২ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।