অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

এছ্‌ক্লেপিআছ

প্ৰাচীন গ্ৰীক ধৰ্ম আৰু কিংবদন্তি অনুসৰি এছ্‌ক্লেপিআছ (; Ἀσκληπιός, Asklēpiós; Aesculapius) এজন নায়ক আৰু চিকিৎসা বিজ্ঞানৰ দেৱতা। ৰোমান দেৱতা ভেজ'ভিছ আৰু ইজিপ্টীয় ইম্‌হ'টেপৰ সৈতে তেওঁক যুক্ত কৰা হয়। তেওঁ এপ'ল' আৰু জলকুঁৱৰী ক'ৰ'নিছৰ সন্তান। এপ'ল'ৰ লগতে তেওঁক Paean ("বৈদ্য")ৰ সন্মান দিয়া হয়।

হালনাগাদ: ২৫ ডিচেম্বৰ ২০২০ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

প্ৰাচীন গ্ৰীক ধৰ্ম আৰু কিংবদন্তি অনুসৰি এছ্‌ক্লেপিআছ (; Ἀσκληπιός, Asklēpiós; Aesculapius) এজন নায়ক আৰু চিকিৎসা-বিজ্ঞানৰ দেৱতা। ৰোমান দেৱতা ভেজ'ভিছ আৰু ইজিপ্টীয় ইম্‌হ'টেপৰ সৈতে তেওঁক যুক্ত কৰা হয়। ১ তেওঁ এপ'ল' আৰু জলকুঁৱৰী ক'ৰ'নিছৰ সন্তান। এপ'ল'ৰ লগতে তেওঁক Paean ("বৈদ্য")ৰ সন্মান দিয়া হয়।২ নৰঅশ্ব চিৰ'নৰ পৰা এছ্‌ক্লেপিআছে নিৰাময়ৰ কৌশল শিকে। এছ্‌ক্লেপিআছে মানুহক অমৰ কৰি তুলিব বুলি ভয় কৰি জ্যুচে তেওঁক বজ্ৰৰে প্ৰাণনাশ কৰে।৩ ৰোগীক তেওঁ সপোনত আহি সুস্থ কৰি তোলা বিশ্বাস অনুসৰি ৰোগীয়ে তেওঁৰ মন্দিৰত শোৱাৰ নিয়ম গঢ় লৈ উঠে। এছ্‌ক্লেপিআছৰ দণ্ডিকা বৰ্তমান চিকিৎসা বিজ্ঞানৰ প্ৰতীক।

তথ্যসূত্ৰ

  1. ↑ Pinch, Geraldine. (2002-01-01). Handbook of Egyptian Mythology. ABC-CLIO. ISBN 9781576072424
  2. ↑ Mitchell-Boyask, p. 141
  3. ↑ Hoiberg Dale. H (Editor). (2012). Britannica reference Encyclopedia. Britannica Encyclopaedia Inc. পৃ. 47

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক দেৱতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ্‌ক্লেপিআছ” প্ৰবন্ধৰ সংশোধন ২৫৬১৪২ (২৫ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।