অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

শ্ৰীৰাম আতা

শ্ৰীৰাম আতা অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ সেৱক আৰু ভবানীপুৰীয়া গোপাল আতাৰ প্ৰধান শিষ্য। গোপাল আতাৰ উত্তৰাধিকাৰী হিচাপে তেওঁ কালঝাৰ সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰ হৈছিল। তেওঁ কালঝাৰৰ লগতে ভবানীপুৰ,পোৰাভৰাঁল,জোৱাৰা আদি সত্ৰৰো দায়িত্ব বহন কৰিছিল।

হালনাগাদ: ২৫ জুলাই ২০২৫ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

শ্ৰীৰাম আতা অসমৰ মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্মৰ সেৱক আৰু ভবানীপুৰীয়া গোপালদেৱৰ প্ৰধান শিষ্য। গোপাল আতাৰ উত্তৰাধিকাৰী হিচাপে তেওঁ কালঝাৰ সত্ৰৰ দ্বিতীয়জনা সত্ৰাধিকাৰ হৈছিল। তেওঁ কালঝাৰৰ লগতে ভবানীপুৰ,পোৰাভৰাঁল,জোৱাৰা আদি সত্ৰৰো দায়িত্ব বহন কৰিছিল।

সত্ৰ স্থাপন

আনুমানিক ষষ্ঠদশ শতিকাৰ শেষভাগত কালঝাৰত অধিকাৰ হৈ থকাৰ পিছত শ্ৰীৰাম আতাই উজনি অসমৰ মাজুলীত ১৬৪৩ চনত আহঁতগুৰি সত্ৰ স্থাপন কৰিছিল। কিন্তু আহোম ৰজাই তেওঁক ভাটিৰ মানুহ বুলি মাজুলীত থাকিব নিদিয়াত পুনৰ কালঝাৰ সত্ৰলৈ উভতি আহে আৰু তাতেই জীৱনৰ বাকী অংশ পাৰ কৰে।

পৰিয়াল

শ্ৰীৰাম আতা পুত্ৰ পৰমানন্দ আৰু ৰামানন্দ। পিতৃৰ বিয়োগৰ পিছত ৰামানন্দ কালঝাৰৰ অধিকাৰ আৰু পৰমানন্দ পোৰাভঁৰাল সত্ৰৰ অধিকাৰ হয়।

সম্পৰ্কিত শ্ৰেণী

ৱিকি লাভ্‌ছ ডকুমেণ্টশ্যন - অসম অধ্যায়অসমৰ ব্যক্তিমহাপুৰুষীয়া ধৰ্মৰ অনুগামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰীৰাম আতা” প্ৰবন্ধৰ সংশোধন ৫২৭৩৬৪ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।