অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

দেৱী ভাগৱত

দেৱী ভাগৱত বা দেৱী পুৰাণ হৈছে হিন্দু ধৰ্মৰ এখন গ্ৰন্থ, মুলত উপপুৰাণ। শক্তি উপাসনাক গুৰুত্ত্ব প্ৰদান কৰা এই গ্ৰন্থ খনত বৈষ্ণৱবাদ আৰু শৈৱ পৰম্পৰাও উল্লেখ আছে। সৰ্বমুঠ ১২টা স্কন্দ্ব আৰু ৩১৮ টা অধ্যায়ৰ দেৱী ভাগৱতে নিজকে মহাপুৰাণ বুলি গণ্য কৰিছে।

হালনাগাদ: ১৭ জুন ২০২০ ১০৯ শব্দ · ১ মিনিট সংগৃহীত ৫০
সংশোধনৰ পৰামৰ্শ

দেৱী ভাগৱত বা দেৱী পুৰাণ হৈছে হিন্দু ধৰ্মৰ এখন গ্ৰন্থ, মুলত উপপুৰাণ। শক্তি উপাসনাক গুৰুত্ত্ব প্ৰদান কৰা এই গ্ৰন্থ খনত বৈষ্ণৱবাদ আৰু শৈৱ পৰম্পৰাও উল্লেখ আছে। সৰ্বমুঠ ১২টা স্কন্দ্ব আৰু ৩১৮ টা অধ্যায়ৰ দেৱী ভাগৱতে নিজকে মহাপুৰাণ বুলি গণ্য কৰিছে। শাক্ত ধৰ্মত দেৱী মাহাত্ম্যৰ পিছতেই এই গ্ৰন্থৰ স্থান; পণ্ডিত সকলৰ মতে, এই গ্ৰন্থ খুব সম্ভৱত ৬ঠ-১8 শতিকাৰ ভিতৰত বঙ্গদেশৰ স্মাৰ্ত পণ্ডিত সকলৰ দ্বাৰা ৰচিত কিন্তু দেৱী ভাগৱতত ইয়াৰ ৰচক কৃষ্ণদ্বৈপায়ন বেদব্যাস বুলি উল্লেখ আছে। দেৱী ভাগৱতত দেৱীৰ বিভিন্ন ৰূপ আৰু অৱতাৰৰ বৰ্ণনা থকাৰ লগতে ৰামায়ণ, মহাভাৰত আদিৰ আখ্যান, বিষ্ণুলীলা, দেৱী পূজাৰ ভিন্ন ভিন্ন বিধি, তীৰ্থ আৰু অন্যান্য পুৰাণসমুহৰ বৰ্ণনা আছে; ইয়াৰ লগতেই ধৰ্মজ্ঞান, কৰ্মযোগ, জ্ঞানযোগ আদিৰ বিস্তৃত বৰ্ণনা আছে।

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱী ভাগৱত” প্ৰবন্ধৰ সংশোধন ২৩৮৮০৩ (১৭ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।