অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ছেট (মিচৰীয় দেৱতা)

ছেট (Set) হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ মৰুভূমি, ধুমুহা, বিশৃংখলতা, হিংসা আৰু বিদেশীসকলৰ এজন দেৱতা। প্ৰাচীন গ্ৰীক ভাষাত এই দেৱতাৰ নাম ছেথ (Σήθ) হিচাপে দিয়া হৈছে। ছেটৰ এটা ইতিবাচক ভূমিকাও আছিল য'ত তেওঁ ৰাৰ সৈতে তেওঁ আকাশী নাৱত লৈ আপেপ নামৰ বিশৃংখলতাৰ সৰ্পক বিতাৰণ কৰিবলৈ যায়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ছেট (Set) হৈছে প্ৰাচীন মিচৰীয় ধৰ্মৰ মৰুভূমি, ধুমুহা, বিশৃংখলতা, হিংসা আৰু বিদেশীসকলৰ এজন দেৱতা।১ প্ৰাচীন গ্ৰীক ভাষাত এই দেৱতাৰ নাম ছেথ (Σήθ) হিচাপে দিয়া হৈছে। ছেটৰ এটা ইতিবাচক ভূমিকাও আছিল য'ত তেওঁ ৰাৰ সৈতে তেওঁ আকাশী নাৱত লৈ আপেপ নামৰ বিশৃংখলতাৰ সৰ্পক বিতাৰণ কৰিবলৈ যায়।১ এজন যুঁজাৰু হিচাপে ছেটৰ গুৰুত্বপূৰ্ণ ভূমিকা আছিল।১ তেওঁ আছিল ৰঙা ভূমিৰ গৰাকী। ইয়াত তেওঁ হ'ৰাছৰ কৃষ্ণাংগ ভূমিৰ গৰাকী হিচাপে ভূমিকাৰ ভাৰসাম্য ৰক্ষা কৰিছিল।

মিচৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আখ্যান অচাইৰিছ আখ্যানত ছেটক নিজৰ ভাতৃ অচাইৰিছক হত্যা কৰি অংগচ্ছেদ কৰা বিদ্ৰোহী হিচাপে চিত্ৰিত কৰা হৈছে। অচাইৰিছৰ ভগ্নী তথা সহধৰ্মিণী আইচিছে তেওঁৰ মৃতদেহটো পুনৰ একত্ৰিত কৰি দেৱী নেফ্থিছৰ সহায়ত তেওঁৰ মৃত ভাতৃ তথা স্বামীক পুনৰুজ্জীৱিত কৰে। এই পুনৰুজ্জীৱন অচাইৰিছৰ পুত্ৰ আৰু উত্তৰাধিকাৰী হ’ৰাছক গৰ্ভধাৰণ কৰিবলৈ যথেষ্ট হোৱাকৈ দীৰ্ঘকালীন আছিল। হ'ৰাছে ছেটৰ ওপৰত প্ৰতিশোধ ল'বলৈ বিচাৰিছিল আৰু প্ৰাচীন মিচৰৰ বহুতো আখ্যানত তেওঁলোকৰ সংঘাতৰ বৰ্ণনা কৰা হৈছে।২

প্ৰাচীন মিচৰৰ জ্যোতিৰ্বিজ্ঞানত ছেটক সাধাৰণতে বুধ গ্ৰহৰ সৈতে জড়িত কৰা হৈছিল।৩

তেওঁ নীল নদীৰ পশ্চিম অংশ অৰ্থাৎ চাহাৰাৰ সৈতে জড়িত, সেয়েহে তেওঁক কেতিয়াবা এজন নিম্নশ্ৰেণীৰ মৰুভূমিৰ দেৱতা হাৰ সৈতে সম্পৰ্কিত কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Herman Te Velde. (2001). Oxford Encyclopedia of Ancient Egypt
  2. ↑ Strudwick, Helen. (2006). The Encyclopedia of Ancient Egypt. Sterling Publishing Co., Inc. পৃ. 124–125. ISBN 978-1-4351-4654-9
  3. ↑ Parker, R.A. (1974). Ancient Egyptian astronomy. Philosophical Transactions of the Royal Society of London. পৃ. 51–65

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ইজিপ্টপ্ৰাচীন ইজিপ্তৰ দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেট (মিচৰীয় দেৱতা)” প্ৰবন্ধৰ সংশোধন ৬২৪৫৯৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।