থেলিয়া (/θəˈlaɪə/১ বা /ˈθeɪliə/;২ প্ৰাচীন গ্ৰীক: Θάλεια; ইংৰাজী: Thalia বা Thaleia; "আনন্দময়, সমৃদ্ধিশালী") গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত হাস্যৰস আৰু আইডিলিক কবিতাৰ অধিষ্ঠাতী দেৱী৷ তেওঁ ন গৰাকী মিউজৰ ভিতৰত অন্যতম। এই প্ৰসংগত তেওঁৰ নামৰ অৰ্থ হৈছে "সমৃদ্ধিশালী", কাৰণ তেওঁৰ গীতসমূহ সময়ৰ লগে লগে সমৃদ্ধিশালী হৈ উঠে।৩
ৰূপ
থেলিয়াক আনন্দৰ বতাহ বলা, আইভীৰ মুকুট পিন্ধা, বুট পিন্ধা আৰু হাতত কমিক মাস্ক লৈ থকা এগৰাকী যুৱতী হিচাপে চিত্ৰিত কৰা হৈছিল। তেওঁৰ বহুতো মূৰ্তিত তেওঁৰ হাতত বাগল (bugle, এবিধ পেঁপাৰ দৰে বাদ্য) আৰু ট্ৰুম্পেট (trumpet, এবিধ পেঁপাৰ দৰে বাদ্য) বা কেতিয়াবা ভেড়াৰখীয়াৰ লাখুটি বা আইভীৰ মালাও থাকে।
পৰিয়াল
থেলিয়া আছিল জ্যুচ আৰু নিমোছিনিৰ ন গৰাকী মিউজৰ ভিতৰত অষ্টম গৰাকী কন্যা। এপ'ল'ড'ৰাছৰ মতে তেওঁ আৰু এপ'ল' ক'ৰিবেণ্টিছৰ মাতৃ আছিল।৪ মেক্ৰ’বিয়াছৰ চেটাৰ্নেলছত উল্লেখ কৰা অনুসৰি গ্ৰীক দেৱতাৰ ৰজা জ্যুছৰ এগৰাকী প্ৰেমিকাৰ নামো থেলিয়া৷ তেওঁ পালিচিসকলৰ মাতৃ আছিল৷
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Thalia Definition & Meaning - Merriam-Webster
- ↑ Home: Oxford English Dictionary
- ↑ Thalia · Greek mythology · Britannica. www.britannica.com
- ↑ Apollodorus, 1.3.4. Other ancient sources, however, gave the Corybantes different parents (see Frazer, n. 2 on 1.3.4)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থেলিয়া (মিউজ)” প্ৰবন্ধৰ সংশোধন ৪৯৪২৩১ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।