অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বৰিছ এণ্ড গ্লেব কেথেড্ৰেল, চেৰ্নিহিভ

বৰিছ এণ্ড গ্লেব কেথেড্ৰেল, চেৰ্নিহিভ (Boris and Gleb Cathedral; ইউক্ৰেইনীয়ান: Собор Бориса й Гліба) বা বৰিছোহ্লিবস্কি কেথেড্ৰেল (Борисоглібський собор) হ’ল ইউক্ৰেইনৰ চেৰ্নিহিভত অৱস্থিত মংগোল-পূৰ্ব যুগৰ এক ঐতিহাসিক প্ৰাক্তন গীৰ্জা তথা স্থাপত্য কীৰ্তিচিহ্ন।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বৰিছ এণ্ড গ্লেব কেথেড্ৰেল, চেৰ্নিহিভ (Boris and Gleb Cathedral; ইউক্ৰেইনীয়ান: Собор Бориса й Гліба) বা বৰিছোহ্লিবস্কি কেথেড্ৰেল (Борисоглібський собор) হ’ল ইউক্ৰেইনৰ চেৰ্নিহিভত অৱস্থিত মংগোল-পূৰ্ব যুগৰ এক ঐতিহাসিক প্ৰাক্তন গীৰ্জা তথা স্থাপত্য কীৰ্তিচিহ্ন।১ এই কেথেড্ৰেলখন ডায়টিনেটছ পাৰ্কত অৱস্থিত ট্ৰান্সফিগৰেচন কেথেড্ৰেলৰ ঠিক কাষতে অৱস্থিত।২

ইতিহাস

১১২০ চনত ডেভিদ ছভিয়াতোস্লাভিচৰ নিৰ্দেশত এই গীৰ্জাটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু ১১২৩ চনত তেওঁৰ মৃত্যুৰ পিছত তেওঁক ইয়াতেই সমাধিস্থ কৰা হয়।৩ পুৰাতাত্বিক উৎখননত পোৱা পুৰণি অট্টালিকাৰ ভেটিৰ অৱশিষ্টই প্ৰমাণ কৰে যে কেথেড্ৰেলখন তাতকৈও পুৰণি এক গাঁথনিৰ ওপৰত নিৰ্মাণ কৰা হৈছিল।২

বৰিছ আৰু গ্লেব কেথেড্ৰেলখন ইয়াৰ সমগ্ৰ ইতিহাসত কেইবাবাৰো ক্ষতিগ্ৰস্ত আৰু পুনৰ্নিৰ্মাণ কৰা হৈছে। সপ্তদশ শতিকাৰ আৰম্ভণিতে পোলকলে এই ভৱনটোক এটা ডমিনিকান গীৰ্জালৈ ৰূপান্তৰিত কৰে। সেই শতিকাতে ইয়াৰ পশ্চিম দিশৰ মুখভাগত ইউক্ৰেইনীয়ান বাৰোক শৈলীত এটা আঠকোণীয়া ৰোটুণ্ডা-নাৰ্থেক্স সংযোগ কৰা হয়।২ অষ্টাদশ শতিকাৰ আৰম্ভণিতে হেটমেন ইভান মাজিপাৰ নিৰ্দেশত অগছবাৰ্গৰ ফিলিপ জেকব ড্ৰেণ্টৱেটে এই গীৰ্জাৰ বাবে ৰূপৰ ৰাজকীয় দুৱাৰ নিৰ্মাণ কৰিছিল।৪ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এই গীৰ্জাটো গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। পৰৱৰ্তী সময়ত ১৯৫২ চনৰ পৰা ১৯৫৮ চনৰ ভিতৰত এম. ভি. খোলোষ্টেনকোৰ এক প্ৰকল্প অনুসৰি ভৱনটোক ইয়াৰ মূল পুৰণি ৰূপলৈ ওভতাই অনা হয়। গীৰ্জাৰ দেৱালবোৰত থকা ফ্ৰেস্কো বা দেৱালচিত্ৰসমূহ বৰ্তমান প্ৰায় নোহোৱা হৈ পৰিছে।২

১৯৮৯ চনৰ পৰা এই কেথেড্ৰেলখন ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সাম্ভাব্য তালিকাত অন্তৰ্ভুক্ত হৈ আছে।৫ বৰ্তমান এই গীৰ্জাৰ চৌহদত প্ৰাচীন চেৰ্নিহিভ সংৰক্ষিত ক্ষেত্ৰৰ সংগ্ৰহালয়টো পৰিচালনা কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ Борисоглібський собор, Чернігів. IGoToWorld
  2. ↑ БОРИСОГЛІБСЬКИЙ СОБОР. Чернігів Стародавній
  3. ↑ Чернігівщина: Енциклопедичний довідник // за ред. А. В. Кудрицького.- К.:УРЕ, 1990.- С. 87–88
  4. ↑ Травкина О. Шедевр пластического искусства эпохи гетмана Ивана Мазепы
  5. ↑ Historic Centre of Tchernigov, 9th −13th centuries. ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইনৰ গীৰ্জাঘৰইউক্ৰেইনৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰিছ এণ্ড গ্লেব কেথেড্ৰেল, চেৰ্নিহিভ” প্ৰবন্ধৰ সংশোধন ৬২৯১৮৭ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।