অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ধেনুক

হিন্দু পৌৰাণিক কাহিনীত, ধেনুক, যাক ধেনুকাসুৰ বুলিও কোৱা হয়, কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰামে হত্যা কৰা এক অসুৰ (দানৱ)। হৰিবংশত উল্লেখ আছে যে, ধেনুকই নিজৰ পৰিচাৰক অসুৰৰ দলৰ সৈতে, সকলোৱে গাধৰ ৰূপত, যিদৰে গোবৰ্ধন পৰ্বতৰ উত্তৰত যমুনা নদীৰ পাৰত অৱস্থিত তালগছৰ অৰণ্যৰ ওপৰত শাসন কৰিছিল।

হালনাগাদ: ২৩ জুন ২০২৬ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

হিন্দু পৌৰাণিক কাহিনীত, ধেনুক, যাক ধেনুকাসুৰ বুলিও কোৱা হয়, কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ বলোৰামে হত্যা কৰা এক অসুৰ (দানৱ)।১২

হৰিবংশত উল্লেখ আছে যে, ধেনুকই নিজৰ পৰিচাৰক অসুৰৰ দলৰ সৈতে, সকলোৱে গাধৰ ৰূপত, যিদৰে গোবৰ্ধন পৰ্বতৰ উত্তৰত যমুনা নদীৰ পাৰত অৱস্থিত তালগছৰ অৰণ্যৰ ওপৰত শাসন কৰিছিল। এবাৰ বলোৰাম, কৃষ্ণ আৰু গোপালকসকলে তালগছৰ ফলৰ সুগন্ধিত মোহিত হৈ এই অৰণ্যত বিচৰণ কৰিছিল। কৃষ্ণই যেতিয়া ফলৰ সম্ভাৱ্য মধুৰ সোৱাদৰ বিষয়ে জনাইছিল, তেতিয়া বলোৰামে গছবোৰ জোকাৰি দিলে আৰু ফলবোৰ মাটিত পৰিল। ঈৰ্ষাপৰায়ণ ধেনুকই বলোৰামাৰ ওপৰত আক্ৰমণ চলাই কামুৰি পিছ ভৰিৰে লাথি মাৰিলে। বলোৰামে ধেনুকৰ ভৰি দুখন ধৰি গছ এজোপাৰ ফালে দলিয়াই দিলে, গছজোপা দানৱটোৰ সৈতে পৰি যোৱাৰ লগে লগে তাৰ বুকু, ডিঙি আৰু কঁকালটো ছিন্নভিন্ন হৈ পৰিল। বলোৰামে ধেনুকৰ অসুৰ পৰিচাৰকক হত্যা কৰি গোপালকৰ বাবে অৰণ্য মুকলি কৰি দিলে।৩৪

তথ্যসূত্ৰ

  1. ↑ Dowson, John. (1879). A classical dictionary of Hindu mythology and religion, geography, history, and literature. Trübner/Routledge. পৃ. 90
  2. ↑ Prabhupada, A.C. Bhaktivedanta Swami. (1970). Krsna: the supreme personality of Godhead. Bhaktivedanta Book Trust
  3. ↑ Bhattacharya p. 32
  4. ↑ Dowson 1879, পৃ. 90

সম্পৰ্কিত শ্ৰেণী

অসুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধেনুক” প্ৰবন্ধৰ সংশোধন ৬১৩৯২৯ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।