প অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একবিংশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১ 'প'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'প' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (প যোগ)
প্ + ট = প্ট = কেপ্টেইন
প্ + ত = প্ত = উত্তপ্ত
প্ + ন = প্ন = স্বপ্ন
প্ + য় = প্য = প্ৰাপ্য
প্ + ৰ = প্ৰ = প্ৰাণ
প্ + ল = প্ল = প্লাৱন
প্ + স = প্স = লিপ্সা
'প'ৰে আৰম্ভ শব্দ
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৭৬ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।