নিউ ৱমেন (New Woman) হৈছে ভাৰতীয় জীৱন-শৈলী বিষয়ক এখন ইংৰাজী সাময়িকী,১ যিখন পাইয়নিয়াৰ বুক কোম্পানী প্ৰাইভেট লিমিটেডে প্ৰকাশ কৰে।২ এই সাময়িকীখন ভাৰতৰ মুম্বাইৰ পৰা প্ৰকাশিত হয়, আৰু ইয়াৰ সম্পাদক হ'ল হেমা মালিনী।৩
ইতিহাস আৰু পৰিচয়
নিউ ৱমেনৰ প্ৰথম সংখ্যা ১৯৯৬ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ পাইছিল।৪
এই সাময়িকীখনে ৰূপচৰ্চা, ফেশ্বন, কস্মেটিক্স, পৰিধান, গহনা, নতুন সামগ্ৰী, স্বাস্থ্য, আৰোগ্য, অৰ্থনীতি, ব্যৱসায়, আত্মউন্নয়ন, সম্পৰ্ক, যৌনতা, পিতৃত্ব-মাতৃত্ব, ভ্ৰমণ, কলা, সংগীত, কিতাপ, চলচ্চিত্ৰ, সামাজিক সমস্যা, আইনগত বিষয় আৰু খাদ্য আদি ক্ষেত্ৰসমূহৰ বিষয়ে বৰ্ণনা কৰে। ইয়াৰ মুখ্য বৈশিষ্ট্য হৈছে গভীৰ প্ৰবন্ধ, আকৰ্ষণীয় ফটো চিত্ৰণ, ফেশ্বন আৰু বিউটি স্প্ৰেড, কল্পকাহিনী আৰু অনুপ্ৰেৰণাদায়ক সাক্ষাৎকাৰ। ইয়াত আধুনিক আৰু যৌৱনসুলভ ভাষা ব্যৱহাৰ কৰা হয়।
২০১৩ চনৰ ১২ জুন সংখ্যাৰপৰা হেমা মালিনী ইয়াৰ সম্পাদক।৫
তথ্যসূত্ৰ
- ↑ India as a Writer's Market. Writing World
- ↑ Dana McLachlin; Tara Dhakal; Pramada Menon. (বসন্ত ২০১২). For All the Women You Are: National Identity, Gender, and Tradition/Modernity in Indian Women's Magazines. School for International Training India
- ↑ Dream role – Hema Malini to be editor of The New Woman magazine. India Today
- ↑ Amrita Madhukalya. (১৯ জুলাই ২০১৫). Of recipes and G-spots: On India's 'magazine era'. dna
- ↑ Vetticad, Anna. (১২ জুন ২০১৩). Hema Malini to be editor of The New Woman magazine. India Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউ ৱমেন (আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫৩৪৮৯৭ (২৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।