অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

বিনন্দ বৰুৱা

বিনন্দ বৰুৱা (Binanda Boruah) আছিল গল্পকাৰ, নাট্যকাৰ। ১৯২৮আৰু ১৯২৯চনত ' অসম ছাত্ৰ সন্মিলন'ৰ মুখপত্ৰ' মিলন' ৰ সম্পাদক আছিল।

হালনাগাদ: ৩ জুলাই ২০২৩ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

বিনন্দ বৰুৱা (Binanda Boruah) আছিল গল্পকাৰ, নাট্যকাৰ। ১৯২৮আৰু ১৯২৯চনত ' অসম ছাত্ৰ সন্মিলন'ৰ মুখপত্ৰ' মিলন' ৰ সম্পাদক আছিল।

জন্ম আৰু বংশৰ পৰিচয়

ঘৰ যোৰহাট মহকুমাৰ টিয়কত। পিতৃ নাম গোপাল বৰুৱা।

শিক্ষা

যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা প্ৰাথমিক শিক্ষা আৰম্ভ কৰে আৰু কটন কলেজ লগতে কলিকতা বিশ্ববিদ্যালত শিক্ষা লাভ কৰি জাঁজী হাইস্কুলত শিক্ষকতা কৰি অৱসৰ লয়।

সাহিত্যৰাজি

কবিতা

  1. শঙ্খধ্বনি
  2. প্ৰতিধ্বনি
  3. জয়ধ্বনি

গহীন নাটক

  1. শৰাইঘাট
  2. পাৰ্থ-সাৰথি

শিশু পুথি

  1. মহাৰাজ নৰাৰায়ণ
  2. ৰাজস্থানৰ গল্প

তেখেতে 'কেৰপাই শৰ্মা' নামৰ ছদ্মৰূপত 'বাঁহী' আদি কাকতত খুহুটীয়া প্ৰবন্ধও দিছিল। শ্ৰী বৰুৱাই নাটক আৰু গল্পও ৰচনা কৰিছিল।

সহায়ক গ্ৰন্থ

  1. অসমীয়া সমীক্ষাত্মক ইতিবৃত্ত, সম্পাদক: সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ, পৃষ্ঠা-৩১৯
  2. অসমীয়া সমীক্ষাত্মক ইতিবৃত্ত, সম্পাদক: সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ, পৃষ্ঠা-৩২০

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিনন্দ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৭০৭৫৮ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।