পেলিনড্ৰোম (ইংৰাজী ভাষা: Palindrom) হ’ল এনে কিছুমান বিশেষ শব্দ আৰু সংখ্যা যিবোৰ আৰম্ভণী বা শেষ দুয়োফালৰ পৰা পঢ়িলে শব্দৰ উচ্চাৰণ আৰু অৰ্থৰ সাল সলনি নহয়; বা সংখ্যাৰ মান একেই থাকে (সংখ্যাৰ ক্ষেত্ৰত)। মূল গ্ৰীক শব্দ পেলিনড্ৰোমাছৰ (অৰ্থ: Running back again) পৰা ইংৰাজী পেলিনড্ৰোম শব্দটো আহিছে। অসমীয়া ভাষাত ইয়াক দ্বিমুখী শব্দ বা সংখ্যা বুলিব পাৰি। এনেধৰণৰ দ্বিমুখী শব্দ বা বাক্য সজাত যিসকল দক্ষ তেওঁলোকক ‘পেলিনড্ৰোমিষ্ট’ বুলি জনা যায়।
পেলিনড্ৰোম শব্দৰ উদাহৰণ
অসমীয়া
- কথক
- জলজ
- নৱজীৱন
- নৱীন
- নয়ন
- মৰম
- সৰস
ইংৰাজী
- MADAM
- REFER
- NOON
- LEVEL
- CIVIC
- RADAR
- ROTOR
- KAYAK
- NON
- TIT
- LOL
- POP
পেলিনড্ৰোম সংখ্যাৰ উদাহৰণ
- ১১(11)
- ১০১(101)
- ২০২ (202)
- ২২২ (222)
- ২০০২ (2002)
- ১০২০১(10201)১
পেলিনড্ৰোম ভাষাৰ নাম
- EWE
- MALAYALAM (মলয়ালম)
- MAM
- NAURUAN
দীঘলীয়া পেলিনড্ৰোম শব্দ
SAIPPUAKIVIKAUPPIAS
পেলিনড্ৰোম বাক্যৰ উদাহৰণ
হিন্দী
- ৰাধা কী বুনী মে নীবু কী ধাৰা
তথ্যসূত্ৰ
- ↑ শান্তনু কৌশিক বৰুৱা, সংক্ষিপ্ত অসমীয়া বিশ্বকোষ, দ্বিতীয় খণ্ড, পৃষ্ঠা নং:১৮১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেলিনড্ৰোম” প্ৰবন্ধৰ সংশোধন ৩৭২৪১৪ (২৬ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।