অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

প্লেণ্টাৰ ৰাজৰপৰা স্বৰাজলৈ (গ্ৰন্থ)

প্লেন্টাৰ ৰাজৰপৰা স্বৰাজলৈ-অসমত স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি, ১৮২৬-১৯৪৭ হৈছে অমলেন্দু গুহ ৰচিত ঔপনিৱেশিক কালৰ অসমৰ এক সামগ্ৰিক ইতিহাস।। কিতাপখন অন্বেষা প্ৰকাশে প্ৰকাশ কৰিছে। কিতাপখনৰ আইএছবিএন নম্বৰ হৈছে- ৮১-৮৯০০৩-৮৭-৯ আৰু মূল্য: ৪৮০ টকা।

হালনাগাদ: ১৩ নৱেম্বৰ ২০২৩ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

প্লেন্টাৰ ৰাজৰপৰা স্বৰাজলৈ-অসমত স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি, ১৮২৬-১৯৪৭ হৈছে অমলেন্দু গুহ ৰচিত ঔপনিৱেশিক কালৰ অসমৰ এক সামগ্ৰিক ইতিহাস।।১ কিতাপখন অন্বেষা প্ৰকাশে প্ৰকাশ কৰিছে। কিতাপখনৰ আইএছবিএন নম্বৰ হৈছে- ৮১-৮৯০০৩-৮৭-৯ আৰু মূল্য: ৪৮০ টকা।

লেখক পৰিচিতি

মূল প্ৰবন্ধ: অমলেন্দু গুহ

ড॰ অমলেন্দু গুহ অসমৰ এগৰাকী বাওঁপন্থী মতাদৰ্শৰ খ্যাতনামা ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক পেঞ্চনাৰ আছিল।২৩ তেখেতে ইংৰাজী আৰু অসমীয়া ভাষাত বহুকেইখন ইতিহাস বিষয়ক গ্ৰন্থ ৰচনা কৰাৰ উপৰিও অসমীয়া আৰু বঙালী ভাষাত একোখনকৈ কবিতাপুথিও ৰচনা কৰি থৈ গৈছে। তেখেতৰ বঙালী কবিতা পুথি 'লুইত পাৰেৰ গাথা'ৰ বেটুপাত আঁকিছিল বিষ্ণুপ্ৰসাদ ৰাভাই।৪২৩

  • Planters Raj To Swaraj: Freedom Struggle And Electoral Politics In Assam 1826-1927 - ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
  • Medieval and Colonial Assam: Society, Polity And Economy- ইতিহাস বিষয়ক ইংৰাজী গ্ৰন্থ
  • বৈষ্ণৱবাদৰ পৰা মোৱামৰীয়া বিদ্ৰোহলৈ- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
  • গোৱালপাৰা জিলাৰ আৰ্থ-সামাজিক ব্যৱস্থা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
  • অসমৰ ইতিহাস: অধ্যয়ন আৰু ৰচনা- ইতিহাস বিষয়ক অসমীয়া গ্ৰন্থ
  • তোমালৈ- অসমীয়া কবিতা পুথি
  • লুইত পাৰেৰ গাথা- বঙালী কবিতা পুথি

কিতাপখন সম্পৰ্কে অভিমত

সাহিত্যিক তথা সমালোচক হীৰেন গোহাঁয়ে প্লেণ্টাৰ ৰাজৰপৰা স্বৰাজলৈ গ্ৰন্থখন বিষয়ত নিজৰ অভিমত দাঙি ধৰি কৈছে;

…” প্লেণ্টাৰ ৰাজৰ পৰা স্বৰাজলৈ: অসমৰ স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰজনীতি, ১৮২৬ – ১৯৪৭ গ্ৰন্থখন গভীৰ পাণ্ডিত্য আৰু আদৰ্শনিষ্ঠাৰ প্ৰতিভূ ৷ বিশাল তথ্যসম্ভাৰ, নিয়াৰিকৈ উত্থাপন কৰা ঘটনা, সাক্ষ্যৰ সতৰ্ক বিচাৰ, সুচিন্তিত মতামত আৰু প্ৰাঞ্জল ভাষাৰ বাবে অসমৰ (ভাৰতৰ ) ইতিহাস অধ্যয়নৰ সকলো ছাত্ৰ-ছাত্ৰী গুহৰ ওচৰত ঋণী হৈ ৰ’ব ৷”…

৫

তথ্যসূত্ৰ

  1. ↑ বৰদলৈ, গোপাল, গুৱাহাটী, অন্বেষা, ২০১৬
  2. ↑ (8 May 2015). Amalendu Guha Passed Away. Anandabazar Patrika
  3. ↑ ড॰ অমলেন্দু গুহৰ কবিতা আৰু গদ্য. assamkart.com
  4. ↑ (৮ মে' ২০১৫). ইতিহাসৰ দিকপাল ড॰ অমলেন্দু গুহৰ দেহাৱসান. অসমীয়া প্ৰতিদিন
  5. ↑ প্লেণ্টাৰ ৰাজৰ পৰা স্বৰাজলৈ অসমৰ স্বাধীনতা সংগ্ৰাম আৰু নিৰ্বাচনী ৰাজনীতি ১৮২৬-১৯৪৭. পূৱেৰুণ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্লেণ্টাৰ ৰাজৰপৰা স্বৰাজলৈ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৩৯১৪৯১ (১৩ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।