নেপালী লোককথা (নেপালী: नेपाली लोककथा) তুলসী দিৱাছাৰ দ্বাৰা ৰচিত নেপালী ভাষাৰ লোককথাৰ সংকলন। এই গ্ৰন্থখন ২০৩১ বিক্ৰম সংবতত (১৯৭৪ -১৯৭৫ খ্ৰীষ্টাব্দ) নেপালী ৰাজকীয় প্ৰজ্ঞা প্ৰতিস্থানে প্ৰকাশ কৰে।১ গ্ৰন্থখনত সমগ্ৰ নেপালৰ বিভিন্ন অঞ্চল আৰু ভাষাৰ লোককথাৰে ভৰপূৰ।
নেপালৰ বিভিন্ন বিশ্ববিদ্যালয়ত এই গ্ৰন্থখন লোককথাৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছে।২৩
পৃষ্ঠভূমি
গ্ৰন্থখন ২০৩১ বিক্ৰম সংবতত নেপাল একাডেমীয়ে প্ৰথম প্ৰকাশ কৰিছিল। পিছলৈ ইয়াক অতিৰিক্ত গল্প সংযোজনৰ সৈতে ২০২১ চনৰ ১৭ ফেব্ৰুৱাৰীত বুক হিল পাব্লিকেচনে প্ৰকাশ কৰে।৪৫ এই গ্ৰন্থখনত নেপালৰ বিভিন্ন অঞ্চল, ভাষা, জাতি, সংস্কৃতিৰ পৰা সংগ্ৰহ কৰা ১২২ টা লোককথা সন্নিবিষ্ট কৰা হৈছে। নেপালৰ পঞ্চায়তী শাসনৰ সময়ত সংকলিত এই গ্ৰন্থখন সম্পূৰ্ণ হ'বলৈ এক দশকৰো অধিক সময় লাগিছিল।৬
তথ্যসূত্ৰ
- ↑ तुलसी दिवसको 'नेपाली लोककथा' बजारमा. तुलसी दिवसको ‘नेपाली लोककथा’ बजारमा
- ↑ nepalmamila.com; संवाददाता, नेपालमामिला. (2021-02-17). 'Nepali Lokkatha' by Tulasi Diwasa in the market. Nepal Mamila
- ↑ (2021-02-18). 'Nepali Lokkatha' by Tulasi Diwasa in the Market. The Gorkha Times
- ↑ (2021-02-18). तुलसी दिवसको 'नेपाली लोककथा' पुनः प्रकाशित. Makalukhabar.com
- ↑ तुलसी दिवसको 'नेपाली लोककथा' बजारमा. ekantipur.com
- ↑ ऐतिहासिक महत्त्वको 'नेपाली लोककथा' पुनः प्रकाशित. Online Khabar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেপালী লোককথা (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৪৮৯৫৪৩ (৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।