বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি(Bichitra Abhigyata aru Anubhuti) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ২০ টা প্ৰবন্ধ আছে। ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনে ২০০০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ৰান্ধনি,মেনেজাৰ আৰু ছেক্ৰেটাৰি ফকৰুদ্দিন আনচাৰীলৈ উছৰ্গা কৰিছে।১
বিৱৰণ
কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, ৰবীন্দ্ৰ ঠাকুৰ হ’ব কুমাৰীৰ প্ৰথম প্ৰেমিক; এইচ জি ওৱেলছ আৰু যোছেফ ষ্টেলিনৰ কথোপকথন; এমিল লুড্ৱিগ আৰু যোছেফ ষ্টেলিনৰ কথোপকথন; মাৰ্ক্সবাদ; ৰাছিয়াৰ ভাগ্য; মাৰ্কাছ অৰেলিয়াছৰ ‘ধ্যান’; ৰবাৰ্ট লুই ষ্টিভেনশ্যনৰ বিখ্যাত চিঠিখন; ভিনচেণ্ট ভেন গঘৰ এখন চিঠি; লাই হালে জালে আবেলি বতাহে; স্মৃতিসুধা; প্ৰেতপুৰীত দুৰাতি; মেৰিলিন মন্ৰোৰ জীৱন আৰু মৃত্যু; টেলিফোন; ম’বাইল ফোন; লেখাৰ সহজ উপায়; মনত পৰিছে ব্ৰেখ্টৰ এটা কবিতালৈ; কাৰ্লাৰ কাৰণে এটোপাল চকুপানী; কৰ্মব্যস্ততা; সুখাদ্যৰ মধুৰ স্মৃতি; আৰু অফলা গাঁৱত এটা অভিনৱ কবিতা-সন্ধ্যা।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (ডিচেম্বৰ,২০০০). বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি. শ্ৰী অজয় কুমাৰ দত্ত
- ↑ Sahitya Akademi Official website
- ↑ Homen Borgohain
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিচিত্ৰ অভিজ্ঞতা আৰু অনুভূতি” প্ৰবন্ধৰ সংশোধন ৫০৩৯২২ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।