বিভিন্ন নৰক (Bivinno Norok) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। দাৰিদ্ৰৰ বিষয়ে কেইখনমান ৰচনা সন্নিৱিষ্ট সংকলনখন প্ৰথম ১৯৬৬ চনৰ জুলাই মাহত মিত্ৰ এজেঞ্চি এণ্ড কোম্পানীয়ে তিনিচুকীয়াৰ পৰা প্ৰকাশ কৰে। কিতাপখনৰ মূল্য আছিল তেতিয়া তিনি টকা পঁচিশ পইচা। এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে নিজ দেউতাকলৈ উছৰ্গা কৰিছে।১
বিৱৰণ
কিতাপখনত মুঠ ৮ খন ৰচনা আছে। সেইকেইখন যথাক্ৰমে, ‘এজনী তিৰোতা’, ‘চোৰ’, ‘ৰাইজৰ সেৱক’, ‘পাৰ্টি’, ‘ভাৰতবৰ্ষঃ ১৯৪৭-৬৫’, ‘এটা নতুন ভিক্ষাৰী’, ‘অহিংসা’ আৰু ‘ককাদেউতা আৰু নাতি ল’ৰা’। ১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: হোমেন বৰগোহাঞি
অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ (গ্ৰন্থ) গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।২ ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হয়।৩
লগতে চাওক
তথ্যসূত্ৰ
- ↑ হোমেন বৰগোহাঞি. (জুলাই,১৯৬৬). বিভিন্ন নৰক. শ্ৰীনৰেন্দ্ৰ নাথ দাস
- ↑ Sahitya Akademi Official website
- ↑ Homen Borgohain
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিভিন্ন নৰক” প্ৰবন্ধৰ সংশোধন ৫০৩৯২৫ (১৯ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।