অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পৰিচয় (গ্ৰন্থ)

পৰিচয় (ইংৰাজী: Parichay) হৈছে অসমৰ সাহিত্যিক দণ্ডিনাথ কলিতাৰ দ্বাৰা লিখিত এখন সামাজিক উপন্যাস৷ উপন্যাসখন পোনপ্ৰথমবাৰৰ বাবে ১৯৫০ চনত প্ৰকাশিত হৈছিল৷

হালনাগাদ: ৬ নৱেম্বৰ ২০২৫ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পৰিচয় (ইংৰাজী: Parichay) হৈছে অসমৰ সাহিত্যিক দণ্ডিনাথ কলিতাৰ দ্বাৰা লিখিত এখন সামাজিক উপন্যাস৷ উপন্যাসখন পোনপ্ৰথমবাৰৰ বাবে ১৯৫০ চনত প্ৰকাশিত হৈছিল৷

প্ৰণেতা

দণ্ডিনাথ কলিতা এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। 'সাধনা' উপন্যাসৰ বাবে তেখেতে ১৯২৮ চনত অসম সাহিত্য সভাৰ উপন্যাস প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল।

উপন্যাসখনৰ চমু পৰিচিতি

পৰিচয় এখন সামাজিক উপন্যাস৷ গ্ৰন্থখন লেখকৰ প্ৰথমখন উপন্যাস ফুলৰ১ৰ সময়তেই লিখা হৈছিল যদিও ১৯৫০ চনতহে প্ৰকাশ হয়৷ আৰম্ভণিতে ইয়াৰ নাম পদ্মাৱতী দিয়া হৈছিল৷ পাছত নাম সলোৱা হয়৷ গ্ৰন্থখনত লেখকে সংস্কাৰকামী চিন্তনত গুৰুত্ব দিছে৷

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ (এপ্ৰিল, ২০১৫). দণ্ডিনাথ কলিতা. অসমীয়া ক্লাৱ, তেজপুৰ. পৃ. ৮-১০

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থউপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিচয় (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫৪৮১৫৮ (৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।