ড০ নৱ কুমাৰ সন্দিকৈ (Dr Nava Kumar Handique) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী প্ৰাধ্যাপক। তেখেত সংস্কৃত সাহিত্য,ভক্তি সাহিত্য, কালিদাসৰ সাহিত্য, প্ৰাশ্চ্য আৰু পাশ্চাত্যৰ সাহিত্য, সাহিত্য তত্ত্ব আৰু সমালোচনা ইত্যাদি বিষয়ৰ অধ্যয়নৰ সৈতে জড়িত। তদুপৰি তেখেতে অনুবাদৰ যোগেদিও অসমীয়া সাহিত্যক সমৃদ্ধ কৰি তুলিছে। কলহনৰ ৰাজতৰংগিনীৰ অসমীয়া অনুবাদৰ বাবে তেখেতে ২০১৯ বৰ্ষৰ সাহিত্য অকাডেমীৰ অনুবাদ বঁটা লাভ কৰে।১
শিক্ষা
ড০ নৱ কুমাৰ সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা এম.ফিল(M. Phil.) ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ পৰা পিএইচ.ডি.(Ph.D) ডিগ্ৰী লাভ কৰে।২
কৰ্মজীৱন
সুদীৰ্ঘ সময় ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰাৰ পিছত ২০২১ চনত তেখেতে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে।
সাহিত্যৰাজি
- Dasarupaka of Dhananjaya- The Primary market value innovations of newly Public firms
- ড০ প্ৰিয়াংশু প্ৰবাল উপাধ্যায় (মানুহজন আৰু তেওঁৰ ব্যক্তিত্ব)
- ৰূপ-তীৰ্থ (সুমনশ্ৰী তীৰ্থ সন্দিকৈৰ ৰচনা সম্ভাৰ, খণ্ড-১)
- ৰাজতৰংগিনী (কলহনৰ ৰাজতৰংগিনীৰ অসমীয়া অনুবাদ)২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৱ কুমাৰ সন্দিকৈ” প্ৰবন্ধৰ সংশোধন ৩৯৪৯৬৭ (৪ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।