বণ্ডুকা বেহাৰ ( Banduka Behar) হৈছে অসমৰ ঔপন্যাসিক, সাহিত্যিক মেদিনী চৌধুৰীৰ দ্বাৰা লিখিত আৰু মহাপুৰুষ মাধৱদেৱৰ জীৱন-আধাৰিত এখন জীৱনীমূলক উপন্যাস। অসমীয়া সাহিত্যৰ জীৱনীমূলক ধাৰাত উল্লেখযোগ্য সংযোজন হিচাপে উপন্যাসখন তাৎপৰ্যপূৰ্ণ।১
গ্ৰন্থকাৰৰ চমু পৰিচয়
মূল প্ৰবন্ধ: মেদিনী চৌধুৰীমেদিনী চৌধুৰী' (Medini Chowdhury) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ।
উপন্যাসৰ সংক্ষিপ্ত বিৱৰণ
মাধৱদেৱৰ জীৱনৰ আধাৰত আৰু প্ৰধানকৈ তেওঁৰ জীৱনৰ শেষৰ ফালৰ সংকটপূৰ্ণ কাল এছোৱাক কেন্দ্ৰ কৰি বণ্ডুকা বেহাৰ ৰচিত।২ বণ্ডুকাৰ পৰা কোচবিহাৰলৈকে মহাপুৰুষ মাধৱদেৱ কৰ্মক্ষেত্ৰ বিস্তৃত আছিল। তেওঁৰ জন্ম কিন্তু পিতৃভূমি বণ্ডুকাত নহয়, সুদূৰ পূবত হৰিশিঙা বৰাৰ ঘৰতহে হৈছিল। গোটেই অসম আৰু কোচবেহাৰ জুৰি বিস্তৃত হৈছিল মাধৱদেৱ পুৰুষৰ ধৰ্মীয় সেৱা আৰু সমাজ সেৱাৰ পুণ্য পৰিক্ৰমা। গুৰুজনাৰ পদাংক অনুসৰণ কৰি আৰু পিছত অকলেই এই পৰিক্ৰমা চলাবলগীয়া হৈছিল। গুৰুজনাৰ মহাপ্ৰয়াণৰ পিছত যি এক নিসহায় অনুভূতিয়ে তেওঁক আচ্ছন্ন কৰি ৰাখিছিল তাৰ পৰা মাধৱদেৱে সম্পূৰ্ণ মুক্তি কাহানিও লাভ কৰা নাছিল।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বণ্ডুকা বেহাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৮৭৮১ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।