পত্নীপ্ৰসাদ শংকৰদেৱ ৰচিত অধুনাপ্ৰাপ্ত প্ৰথম অংকীয়া নাট৷ কৰ্ম-মাৰ্গ আৰু ভক্তি-মাৰ্গকে মুখ্য স্থান দি এই নাটখনি ৰচনা কৰা হৈছে৷ যাগ-যজ্ঞৰ প্ৰতি পৰম আস্থাশীল আৰু ভক্তিপন্থা বিৰোধী ব্ৰাহ্মণসকলৰ লগত কৃষ্ণভক্তিপৰায়ণ ব্ৰাহ্মণ পত্নী আৰু গোপবালকসকলৰ বিৰোধক ভেটি কৰি এই নাটৰ কাহিনী আগবঢ়িছে৷
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পত্নীপ্ৰসাদ” প্ৰবন্ধৰ সংশোধন ৪৩১৮৯৫ (১৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।