অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

পৰিশ্ৰান্ত পৃথিৱী

পৰিশ্ৰান্ত পৃথিৱী (২੦২৩) (ইংৰাজী: Parishranta Prithivee) পাৰিপাৰ্শ্বিক কবিতাৰ এখন দ্বিভাষিক সংকলন৷ গ্ৰন্থখনত নেপালী ভাষাৰ মূল কবিতাসমূহৰ সমান্তৰালকৈ তাৰ অসমীয়া অনুবাদ সন্নিৱিষ্ট হৈছে৷ নেপালী মূল কবিতাসমূহৰ লেখক হ’ল ডাঃ দেৱেন চাপকোটা আৰু অসমীয়া অনুবাদক হ’ল নিৰু শৰ্মা পৰাজুলী৷ অসম প্ৰকাশ পৰিষদে…

হালনাগাদ: ২০ মাৰ্চ ২০২৫ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

পৰিশ্ৰান্ত পৃথিৱী (২੦২৩) (ইংৰাজী: Parishranta Prithivee) পাৰিপাৰ্শ্বিক কবিতাৰ এখন দ্বিভাষিক সংকলন৷ গ্ৰন্থখনত নেপালী ভাষাৰ মূল কবিতাসমূহৰ সমান্তৰালকৈ তাৰ অসমীয়া অনুবাদ সন্নিৱিষ্ট হৈছে৷ নেপালী মূল কবিতাসমূহৰ লেখক হ’ল ডাঃ দেৱেন চাপকোটা আৰু অসমীয়া অনুবাদক হ’ল নিৰু শৰ্মা পৰাজুলী৷ অসম প্ৰকাশ পৰিষদে ২੦২৩ চনৰ ডিচেম্বৰ মাহত গ্ৰন্থখন প্ৰকাশ কৰে৷ ২੦২৪ চনৰ জুলাইত গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ পায়৷১২

বিৱৰণ

কবিতা-সংকলনটোত মুঠ ৪১টা কবিতা সন্নিৱিষ্ট হৈছে৷ কবিতাসমূহত বিভিন্ন পাৰিপাৰ্শ্বিক সমস্যাসমূহৰ ওপৰত অৱলোকন কৰা হৈছে৷২ উল্লেখযোগ্য যে কিতাপখন প্ৰকাশ পোৱাৰ আগতেই অনুবাদক নিৰু শৰ্মা পৰাজুলীৰ দেহাৱসান ঘটিছিল৷১

তথ্যসূত্ৰ

  1. ↑ পৰিশ্ৰান্ত পৃথিৱী, ডাঃ দেৱেন চাপকোটা, অনু: নিৰু শৰ্মা পৰাজুলি, অসম প্ৰকাশ পৰিষদ, গুৱাহাটী, ২੦২৩, ২੦২৪, ISBN 978-93-95542-33-3
  2. ↑ ‘সাম্প্ৰতিক অসীমায় কবিতাত পাৰিপাৰ্শ্বিক চেতনা’, প্ৰকল্প ৰঞ্জন ভাগৱতী, অসমীয়া খবৰ, পৃষ্ঠা ৫, ৭ মাৰ্চ, ২੦২৫, গুৱাহাটী৷

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰিশ্ৰান্ত পৃথিৱী” প্ৰবন্ধৰ সংশোধন ৪৯৪৭৬৭ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।