অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন

অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন (Asomia Chutigalpa: Oitijya Aru Biborton) অসমীয়া চুটিগল্পৰ ইতিহাস আৰু গতি-প্ৰকৃতি অধ্যয়ন সম্পৰ্কীয় এখন অসমীয়া গ্ৰন্থ। ড° অপূৰ্ব বৰাৰ সম্পাদনাত এই গ্ৰন্থখন যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰকাশন কোষৰ পৰা ৭ জুলাই ২০১২ চনত প্ৰথম প্ৰকাশ পাইছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৩ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন (Asomia Chutigalpa: Oitijya Aru Biborton) অসমীয়া চুটিগল্পৰ ইতিহাস আৰু গতি-প্ৰকৃতি অধ্যয়ন সম্পৰ্কীয় এখন অসমীয়া গ্ৰন্থ। ড° অপূৰ্ব বৰাৰ সম্পাদনাত এই গ্ৰন্থখন যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ প্ৰকাশন কোষৰ পৰা ৭ জুলাই ২০১২ চনত প্ৰথম প্ৰকাশ পাইছিল। পৰৱৰ্তী সংস্কৰণ ১৩ মাৰ্চ, ২০২৩ চনত বেদকণ্ঠ প্ৰকাশনৰ পৰা প্ৰকাশ পায়। গ্ৰন্থখনৰ পৃষ্ঠা সংখ্যা ৭৮৪।১

এই গ্ৰন্থখনত জোনাকী (আলোচনী) যুগৰ পৰা আৰম্ভ কৰি একবিংশ শতিকাৰ প্ৰথম দশকলৈকে অসমীয়া চুটিগল্পৰ এই সুদীৰ্ঘ সময়ছোৱাক অধ্যয়নৰ পৰিসৰত সামৰি লোৱা হৈছে। বিভিন্ন সময়ত অসমীয়া চুটিগল্পলৈ অহা নতুনত্ব আৰু বিভিন্ন বাদ সম্পৰ্কে গ্ৰন্থখনত বহুকেইজন লেখকে আলোচনা কৰিছে। অসমীয়া চুটিগল্পৰ ধাৰা আৰু বিধা সম্পৰ্কে কেইবাজনো লেখকে আলোচনা কৰিছে। অসমীয়া চুটিগল্পৰ ভাষা আৰু বিষয়বস্তুৰ পৰিৱৰ্তন সম্পৰ্কে বিভিন্ন লেখকে আলোচনা আগবঢ়াইছে।

তথ্যসূত্ৰ

  1. ↑ অপূৰ্ব বৰা, অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন, বেদকণ্ঠ সংস্কৰণ, ১৩ মাৰ্চ,২০২৩, বেদকণ্ঠ প্ৰকাশন, পুলিবৰ যোৰহাট-৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া চুটিগল্পৰ ঐতিহ্য আৰু বিৱৰ্তন” প্ৰবন্ধৰ সংশোধন ৩৭৫৯৫২ (২৭ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।