স্বাস্থ্য আৰু দীৰ্ঘ জীৱন অসমীয়া ভাষাত প্ৰকাশিত এখন স্বাস্থ্য সম্পৰ্কীয় আলোচনী। আলোচনীখনৰ মুখ্য সম্পাদক শৰত্ ৰাজখোৱা, কাৰ্যবাহী সম্পাদক ডাঃ মিহিৰ কুমাৰ গোস্বামী (অবৈতনিক) আৰু চাৰ্কুলেচনৰ দায়িত্বত আছে তপন কলিতা।১ ডাঃ গকুল বৰা, ডাঃ (ড°) ৰতন কুমাৰ কটকী, ডাঃ মানস প্ৰতিম বৰুৱা, ডাঃ দিগন্ত চেতিয়া, ডাঃ বিষ্ণুপ্ৰসাদ শৰ্মা, ভেষজ ৰত্ন ড° গুণাৰাম খনিকৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অসীম চমুৱা আলোচনীখনৰ উপদেষ্টা।১ ২০১২ চনৰ জুন মাহত আলোচনীখনে দ্বাদশ বছৰ ভৰি দিয়ে।
লেখনিসমূহ
আলোচনীখনত মূলতঃ স্বাস্থ্য, ৰোগ আৰু নিৰাময় সম্পৰ্কীয় প্ৰৱন্ধ প্ৰকাশিত হয়। ইয়াৰ লগতে বনৌষধি পৰিচয়, যোগাসন সম্পৰ্কীয় লেখনি, পঢ়ুৱৈৰ চিঠি আদিৰ লগতে শেহতীয়া স্বাস্থ্য সম্পৰ্কীয় বাতৰি (স্বাস্থ্য সংবাদ) আদিও প্ৰকাশ পায়।
নিয়মীয়া শিতান
- আইতাৰ দিহা: বিভিন্ন বনৌষধি আৰু ঘৰুৱা দ্ৰব্যৰে ৰোগ আৰোগ্যৰ দিহা।
- আৰোগ্য বিধান: হোমিঅ' চিকিত্সাৰ প্ৰশ্নোত্তৰ শিতান। ডাঃ জাহিৰ আব্বাছ ইউচুফে ৰোগীসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে।
- লাফিং থেৰাপি: কৌতুকৰ শিতান।
- শিশু ক্লাব: শিশুসকলৰ আলোকচিত্ৰৰ শিতান।
তথ্যসূত্ৰ
- ↑ স্বাস্থ্য আৰু দীৰ্ঘ জীৱন, ফেব্ৰুৱাৰী ২০১৩, পৃষ্ঠা১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্বাস্থ্য আৰু দীৰ্ঘ জীৱন” প্ৰবন্ধৰ সংশোধন ২৮৭৭১৩ (২৪ জুলাই ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।